নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৱল প্রশংসা পত্রই এজন শিল্পীক জীয়াই নাৰাখে : বৰ বিহুৱা জিতেন দাস

  • সাক্ষাৎ গ্রহণ : শান্তনু কোঁৱৰ

আপুনি বৰ বিহুৱাৰূপে যথেষ্ট খ্যাতি লাভ কৰিছে ৷ বিহু মঞ্চত আপুনি প্রশিক্ষণ প্রদান কৰা বিহুদলে পুৰস্কাৰ নাপালে বিচলিত হয় নেকি ?

  • আচলতে যিকোনো ব্যক্তিয়েই ক্ষন্তেকৰ বাবে হ’লেও হতাশাত ভুগিব৷ কিন্তু কি ভুল হৈছে সেয়া বিচাৰ কৰি উলিয়াই পৰৱর্তী সময়ৰ বাবে সাজু হোৱাটোহে বুদ্ধিমানৰ কাম বুলি মই ভাবোঁ ৷ অৱশ্যে নিজৰ ক্ষেত্রত প্রথম দুই–তিনিখন মঞ্চত পুৰস্কাৰ পাবলৈ সক্ষম হোৱা নাছিলোঁ ৷ এয়া মোৰ শুদ্ধভাৱে শিকিব নোৱৰাৰ বাবে সংঘটিত হৈছিল৷ চাৰিটা আঙুলিৰে বাঁহী বজাইছিলোঁ, পেঁপাৰ টিউনটো ভাল নাছিল, ইয়াৰ উপৰি সুৰবিলাক ভালকৈ নাজানিছিলোঁ ৷ গাঁৱৰ ওচৰত যি বিহু কৰিছিল সেইবিলাক পোৱা নাছিলোঁ ৷ ইয়াৰ উপৰি ডিব্রুগড়ত সুৰবিলাক কম আছিল ৷ কিন্তু মনত তেতিয়াও দৃঢ়তা আছিল আৰু মনে–প্রাণে বিহুৱা হোৱাৰ বাসনা আছিল ৷

বিহু প্রশিক্ষকৰূপে আপুনি অসমৰ বিভিন্ন ঠাইত ২০০তকৈও অধিক কর্মশালা পাতিছিল ৷ পূর্বৰ বিহুৰ পৰা বর্তমানৰ বিহু ফালৰি কাটি আহিছে নেকি ?

  • পূর্বতকৈ বর্তমান সময়ত বিহু উন্নত হৈছে বুলি মোৰ ধাৰণা৷ আজিকালি এগৰাকী নাচনীয়ে আবুৰতাৰে কাপোৰ পিন্ধে, আগতে এইক্ষেত্রতো অলপমান খেলিমেলি ৰৈ গৈছিল৷ হুঁচৰিতো পুৰণি নামবিলাক গাঁৱে–ভূঞে বিচাৰি আনি উপস্থাপন কৰিছে৷ যিহেতু আমি বহু পুৰণি (আগৰ) বিহু নাই দেখা, কিন্তু বর্তমানৰ মঞ্চত মুকলি বিহুৰ যিটো ৰূপ খুব সুন্দৰ৷ সাজ–পোছাকৰ কথা ক’বলৈ গ’লে আমাৰ প্রথমছোৱা সময়ৰ কথা ক’ব লাগিব৷ কিয়নো প্রতিযোগিতাৰ বাবে প্রথম ওলাই যোৱাৰ সময়ত ঘৰৰ পৰা এখন ধূতী যোগাৰ কৰি দিব পৰা নাছিল৷ মুগা চোলা–ফুল বছা গামোচা নোহোৱাকৈ গেঞ্জী পিন্ধি মূৰত আৰু কঁকালত সৰু সূতাৰ গামোচা দুখন মাৰি অংশ লৈছিলোঁ৷ হেৰাই পোৱা বাঁহী এটাৰে আৰু আনৰ পেঁপা লৈ প্রতিযোগিতা কৰাৰ দিনবোৰতকৈ আজি বহুখিনি সুবিধা নতুন প্রজন্মই লাভ কৰিছে ৷

বিহুৱা এজন ৰোমাণ্টিক হোৱাটো স্বাভাৱিক কথা ৷ পৰিয়াল চলোৱাৰ ক্ষেত্রত এই ৰোমাণ্টিকতাই কাম দিয়েনে ?

  • মোৰ পত্নী এগৰাকী শিক্ষয়িত্রী হোৱাৰ লগতে সুনিপুণ গৃহ পৰিচালিকাও ৷ ৰোমাণ্টিক হৈ থাকি নিজকে নতুন ৰূপত ৰাখোঁ ৷ হাঁহি এটা মুখত লৈ থাকিলে পৰিয়াল চলোৱাৰ ক্ষেত্রত অহা সৰু–সুৰা বাধা নোহোৱা হৈ যায় ৷ কিন্তু সকলো সমস্যাক বশ কৰিব নোৱাৰি ৷

আপুনি এগৰাকী সাংস্কৃতিক মনৰ অধিকাৰী ৷ বিহুৰ উপৰি আপুনি কি কামত ব্যস্ত থাকি ভাল পায় ?

  • বহু সময়ত বিহুৰ উপৰি ঘৰৰ বাৰীত বিভিন্ন অর্কিড স্থাপন কৰি আহিছোঁ ৷ বাৰীৰ প্রতিজোপা গছত বিভিন্ন দেশী–বিদেশী অর্কিড ৰোপণ কৰিছোঁ ৷ বসন্ত ঋতুৰ সময়ত বাৰীখন এখন উদ্যানৰ দৰে জিলিকি উঠে ৷ ইয়াৰ উপৰি ভিন্ন ৰকমৰ আঞ্জা ৰান্ধিবৰ যত্ন কৰোঁ ৷

এগৰাকী কন্যা সন্তানসহ আপোনাৰ এক সুখৰ পৰিয়াল৷ যদিহে ক্রমবিৱর্তন আৰু সমস্যাৰ মাজেৰে বিহু নিশ্চিহ্ন হৈ পৰে, অনাগত সময়ত কি কৰিব ?

  • পেছাগতভাৱে মই বিহু কৰি আছোঁ ৷ বৰ বিহুৱাৰূপে স্বীকৃতিও লাভ কৰিছোঁ ৷ এতিয়া আৰু বিহুক বাদ দি অন্য কিবা কৰাৰ কথা ভাবিব নোৱাৰি ৷ বিহু আমাৰ কৃষ্টি ৷ ইয়াক শেষ হ’বলৈ দিব নোৱাৰি ৷ কিন্তু সাম্প্রতিক ঘটনাৰাজিয়ে যে অসমীয়া সংস্কৃতিক ধ্বংসৰ মুখলৈ ঠেলি নিদিব সেয়াও নুই কৰিব নোৱাৰি ৷ তেনে পৰিস্থিতিত নিজকে এজন সংযমী অসমীয়াৰূপে প্রতিষ্ঠা কৰিবৰ যত্ন কৰিম ৷

বর্তমান সময়ত নিমন্ত্রিত হুঁচৰি বিহু প্রতিযোগিতা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে ৷ এইক্ষেত্রত বিহুত দৰ–দাম কৰা হয় নেকি ?

  • ১৯৯০ চনৰ পৰাই নিজা বিহুদল গঠন কৰি কাম কৰি আহিছোঁ৷ আজিকালি প্রতিযোগিতা কৰাৰ পৰা অলপ আঁতৰি থকা হ’লোঁ৷ সেয়ে এইবিষয়ে নকওঁ৷ কিন্তু বিভিন্ন আয়োজকে ১০ মিনিটৰ অনুষ্ঠান প্রদর্শন কৰিবৰ বাবেও নিমন্ত্রণ জনায়৷ অনুষ্ঠান কম বা বেছি সময়ৰ হ’লেও পৰিকল্পনা আৰু সাজু হোৱাৰ বাবে যথেষ্ট সময়ৰ প্রয়োজন হয়৷ সেই সময়ৰ বাবদ কিন্তু মাননি নাপাওঁ ৷

বঁটা–বাহন, প্রশংসা–পত্রৰে এগৰাকী শিল্পীৰ জীৱন চলেনে ? আপোনাৰ কন্যাকো ভৱিষ্যতে শিল্পীৰূপে প্রতিষ্ঠা কৰিব নেকি ?

  • হয়, কেৱল প্রশংসা–পত্র আৰু বঁটাই এজন শিল্পীক জীয়াই নাৰাখে ৷ ই মাত্র কাম কৰি যোৱাৰ সাহস, উৎসাহ আৰু প্রেৰণা মাথোঁ ৷

বিহু বিকৃত কৰা হৈছে বুলি অভিযোগটো মানি লয়নে ? কিয় হৈছে বুলি আপুনি ভাবে ?

  • বিহু বিকৃত হোৱা নাই৷ সংস্কৃতি অৱশ্যেই বিৱর্তমান (পৰিৱর্তনশীল)৷ ই সময়ৰ লগে লগে নতুনত্ব লাভ কৰিবই ৷ তথাপি বিহু কৰি’গ্রাফী কৰা বস্তু নহয়৷ কর্মশালাত শিকা ভংগিমাকেই স্বতঃস্ফূর্তভাৱে প্রকাশ কৰিব লাগে৷ কিন্তু এচামে ক’ৰবাত অলপ শিকিয়েই কৰি’গ্রাফ কৰিবলৈ লৈছে ৷ হুঁচৰি গাই নোপোৱা পথাৰত ডাঙৰি বান্ধি কঢ়িয়াই নোপোৱা, মাছ মাৰি নোপোৱা কোনোৱেই প্রকৃত বিহুৱা নহয়৷ ৰাতিপুৱালৈকে বিহু কৰাৰ আমেজ নোপোৱা বহুতেই বিহুক বিকৃত কৰাৰ দৰে এক অপচেষ্টাত লিপ্ত হৈছে ৷

লোক সংস্কৃতিৰ জ্যেষ্ঠ গৱেষকসকলৰ পৰা আশানুৰূপ সহায় লাভ কৰেনে ?

  • ৰাজ্যখনৰ বহুকেইজন লোকসংস্কৃতিৰ গৱেষকৰ কাষলৈ গৈছোঁ৷ বহু অভিজ্ঞ ব্যক্তিৰ সংস্পর্শ পাইছোঁ৷ তেওঁলোকে বহু কথাই কয় যদিও বিহু নাম দুটামান বিচাৰিলে দিবলৈ মন নকৰে৷ তেতিয়া ভাব হয় সভাই–সমিতিয়ে তেওঁলোকে মিছাতেই উপদেশ দিয়ে৷ কিন্তু অসমীয়া থলুৱা গীত–মাতবোৰ সংগ্রহ কৰি সংৰক্ষণ কৰি নতুন চামক দি যোৱাৰ পৰিকল্পনা মোৰ আছে ৷
You might also like