নিয়মীয়া বাৰ্তা, ৪ ফেব্রুৱাৰীঃ ক’ভিড–১৯ টিকাকৰণৰ পিছত পুনৰ এজন স্বাস্থ্যকর্মীৰ মৃত্যু ঘটিছে৷ ৰাঁচীৰ মেদান্ত হাস্পতালৰ এগৰাকী স্বাস্থ্যকর্মীক যোৱা এক ফেব্রুৱাৰীত ক’ভিড–১৯ ভেকচিন প্রদান কৰাৰ পিছত আজি পুৱা মৃত্যু ঘটিছে৷ ক’ভিশ্বিল্ড প্রদান কৰা স্বাস্থ্যকর্মীগৰাকী ঝাৰখণ্ডৰ ৰাঁচীৰ মন্নু পাহান৷
ৰাঁচীৰ অ’ৰ মাঝি খণ্ডৰ কৰিয়ালী গাঁৱৰ পাহানৰ ক’ভিড–১৯ ভেকচিন লোৱাৰ পিছত মৃত্যু ঘটাত দেশত ভেকচিন লৈ মৃত্যু ঘটা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি পালে৷ ইয়াৰ পূর্বে হায়দৰাবাদ, কর্ণাটক আৰু বিহাৰত এজনকৈ স্বাস্থ্যকর্মীৰ ভেকচিন লোৱাৰ পিছত মৃত্যু হৈছিল৷
উল্লেখ্য যে যোৱা ১৬ জানুৱাৰীৰ পৰা ক’ভিড–১৯ গণ টিকাকৰণৰ প্রথম পর্যায়ত এক কোটিতকৈ অধিক স্বাস্থ্যকর্মীক ভেকচিন প্রদান প্রক্রিয়া চলি আছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি ইতিমধ্যে ৪১ লাখতকৈ অধিক স্বাস্থ্যকর্মীক ভেকচিন প্রদান কৰা হৈছে৷
ভাৰতত দুটাকৈ দেশীয় ভেকচিন টিকাকৰণত ব্যৱহাৰ হৈ থকাৰ পিছত ৰাছিয়াৰ স্পুটনিক ভি ক’ৰোনা ভাইৰাছ ভেকচিন জৰুৰীকালীনভাৱে ভাৰতত ব্যৱহাৰৰ বাবে অনুমতি বিচাৰিব ডাঃ ৰেড্ডিজ লেবৰেটৰিজ লিমিটেডে৷
ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেণ্ট ফাণ্ডৰ সৈতে ভাৰতৰ ডাঃ ৰেড্ডিজে স্পুটনিক ভি ভেকচিনৰ মানৱ দেহত পৰীক্ষণ চলাই আছে৷ এই পৰীক্ষণ সমাপ্ত হোৱাৰ পিছতেই ভাৰতত স্পুটনিক ভি ব্যৱহাৰৰ অনুমতি বিচাৰিব ডাঃ ৰেড্ডিজে৷ তাৎপর্যপূর্ণ যে ৰাছিয়াৰ স্পুটনিক ভিৰে দেশখনত টিকাকৰণ চলি আছে৷ এই স্পুটনিক ভি ভেকচিন হৈছে বিশ্বৰ প্রথম স্বীকৃতিপ্রাপ্ত ক’ভিড–১৯ ভেকচিন৷