বিহগুৰিৰ পৰা ১৬ কিলোমিটাৰ চাইকেল ৰেলীঃ পথে পথে শুভাকাংক্ষীৰ উষ্ম আদৰণি
দিনজোৰা কার্যসূচীৰে বৰছলাত মন্ত্রী ড০ শর্মা
নিয়মীয়া বাৰ্তা ৫ ফেব্ৰুৱাৰীঃ বিশাল চাইকেল ৰেলীৰে বৃহস্পতিবাৰে শোণিতপুৰৰ বৰছলাত বিধানসভা নির্বাচনৰ ৰণদুন্দুভি বজালে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কেইবাসহস্র সমর্থক, ৰাইজক লগত লৈ সমষ্টিটোৰ বিহগুৰিৰ পৰা ছাগলীচুবুৰি, মেকনৰ চুবুৰি, নিজ বিহগুৰি, লিখক গাঁও, পিঠাখোৱা বৰনামঘৰ, টুমুকী, পুঠিমাৰী গাঁৱলৈ ১৬ কিলোমিটাৰ চাইকেল ৰেলীৰে বৰছলাত আজি বিজেপিৰ নির্বাচনী প্রচাৰ অভিযানৰ আৰম্ভণি কৰা ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– এইবাৰৰ নির্বাচনত আন দলৰ কাম নাই, চৌদিশে কেৱল বিজেপি৷ এই কথা বৰছলাবাসীৰ লগতে সকলো সমষ্টিবাসীয়ে দেখুৱাই দিছে৷ হাজাৰ হাজাৰ লোকে তাল–খোল বজাই পুষ্পবৃষ্টিৰে মন্ত্রীগৰাকীৰ চাইকেল ৰেলীক আদৰণি জনোৱাৰ লগতে বিজেপি জিন্দাবাদ, ড০ হিমন্ত বিশ্ব শর্মা জিন্দাবাদ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল জিন্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ৷ তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাস, বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু, ৰাজ্যিক বিজেপিৰ সম্পাদক কিশোৰ উপাধ্যায়কে ধৰি কেইবাজনো জ্যেষ্ঠ বিজেপি নেতাই সংগ দিয়া ড০ শর্মাৰ এই চাইকেল ৰেলী পুঠিমাৰী খেলপথাৰত অন্ত পৰে৷ ইয়াতে মন্ত্রীগৰাকীয়ে এখন ৰাজহুৱা সভাতো অংশগ্রহণ কৰে৷ বৰছলা সমষ্টিৰ ডুমডুমাত বিয়লি তিনি বজাত ড০ শর্মাই ১৬.১২ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ হ’বলগীয়া বৰছলা চৰকাৰী আদর্শ মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে৷
আধাৰশিলা স্থাপনৰ পাছতেই ডুমডুমা খেলপথাৰত এখন বিশাল ৰাজহুৱা সভাত অংশগ্রহণ কৰি মন্ত্রীগৰাকীয়ে ৰাইজক উদ্দেশ্যি কয়– আজিৰ দিনটো বৰছলা সমষ্টিৰ ৰাইজৰ বাবে অতি আনন্দৰ আৰু স্মৰণীয় দিন৷ এখন কলেজ ২০ বছৰৰ পাছত প্রাদেশীকৃত হয়৷ গতিকে এতিয়া ৰাইজে কলেজ পাতিব নালাগে৷ চৰকাৰেহে মহাবিদ্যালয়সমূহ স্থাপন কৰিব৷ আজি আধাৰশিলা স্থাপন কৰা মহাবিদ্যালয়খন চন্দ্রনাথ শর্মা আদর্শ মহাবিদ্যালয় নামেৰে নামকৰণ কৰা হ’ব৷ শোণিতপুৰ জিলাত অসমৰ ভিতৰতে প্রথমবাৰৰ বাবে এনে মহাবিদ্যালয় স্থাপন কৰা হৈছে৷ এই মহাবিদ্যালয়ে বৰছলা সমষ্টিবাসীক জ্ঞান আৰু প্রজ্ঞাৰে উজলাই তুলিব৷ মন্ত্রীগৰাকীয়ে ইয়াকো কয় যে যিসকল অধ্যাপক–ধ্যাপিকাই এই মহাবিদ্যালয়খনত নিযুক্তি লাভ কৰিব, তেওঁলোকৰ সম্পূর্ণৰূপে স্থায়ী নিযুক্তি হ’ব আৰু সকলো চৰকাৰী সা–সুবিধা লাভ কৰিব৷ ৰাজ্য চৰকাৰে ইতিমধ্যে চাৰি লাখ ছাত্র–ছাত্রীক বিনামূলীয়াকৈ নামভর্তিৰ সুযোগ দিয়াৰ কথা উল্লেখ কৰি ড০ শর্মাই কয়– ছাত্র–ছাত্রীসকলে বিনামূলীয়া নামভর্তিৰ লগতে বিনামূলীয়া পাঠ্যপুথিও লাভ কৰিছে৷ অনাগত দিনত কলেজলৈ অহা–যোৱা কৰিবলৈ চৰকাৰে হাত খৰচ দিব, যাতে কোনো ছাত্র–ছাত্রীয়ে আনৰ ওচৰত হাত পাতিব নালাগে৷
বৰছলাত স্থাপন হোৱা মহাবিদ্যালয়খন ১৮ মাহৰ ভিতৰত নির্মাণ সম্পূর্ণ কৰা হ’ব বুলি তেওঁ কয়৷ এই সভাৰ পাছতেই মন্ত্রী ড০ শর্মাই বৰছলা সমষ্টিৰ চিৰাজুলিস্থিত ৪৫০ বছৰীয়া ঐতিহাসিক শ্রীশ্রীৰঘুনাথ সত্রত অসম দর্শন আঁচনিৰ অন্তর্গত গোসাঁইপুখুৰীৰ উন্নীতকৰণৰ আধাৰশিলা আৰু ঢ়েকীয়াজুলিৰ মুন্না চন্দ্রক পৰিয়ালৰ দ্বাৰা নির্মাণ হ’বলগীয়া ফাকুৱা দ’লৰ আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছতে মন্ত্রীগৰাকীয়ে চিৰাজুলি সত্র ৰাস মণ্ডপ প্রাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰে৷ সভাত ভাষণ প্রদান কৰি তেওঁ কয়– মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ আজ্ঞা লৈ মহানপুৰুষ শ্রীৰাম আতাই স্থাপন কৰা শ্রীশ্রীৰঘুনাথ সত্রক অসম দর্শন আঁচনিৰ দ্বাৰা সর্বাংগসুন্দৰ কৰি তোলা হ’ব৷ সনাতন ধর্মক জীয়াই ৰাখিবলৈ আমি সকলোৱে চেষ্টা কৰিব লাগে৷ এনেধৰণৰ কার্যই আমাক সকলোকে আনন্দিত কৰে৷
আনহাতে, ফাকুলা দ’লৰ আধাৰশিলা স্থাপন কৰি তেওঁ কয়– এই সত্রৰ উন্নতিৰ বাবে যিসকল লোক আগবাঢ়ি আহিছে, তেওঁলোক ধন্যবাদৰ পাত্র৷ ৰাজ্য চৰকাৰে অসম দর্শন আঁচনিৰ জৰিয়তে নামঘৰ আৰু মন্দিৰসমূহলৈ আর্থিক অনুদান আগবঢ়াইছে৷ এই আঁচনিৰ অধীনত নামঘৰলৈ যোৱা পথসমূহো গড়কাপ্ঢানী বিভাগৰ দ্বাৰা ৭০০ কোটি টকা ব্যয় কৰি নির্মাণ কৰা হৈছে৷ অসমত থকা ৭২ হাজাৰ নামঘৰলৈ ৰাজ্য চৰকাৰে ২.৫ লাখ টকালৈ দিয়াৰ ব্যৱস্থা কৰিছে৷ ইতিমধ্যে ১২শতকৈ অধিক নামঘৰে এই পুঁজি লাভ কৰিছে৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্রৱা থানৰ উন্নীতকৰণ আঁচনিৰ প্রসংগ উত্থাপন কৰি তেওঁ কয় যে বটদ্রৱা থানলৈ ১৮০ কোটি টকাৰ অনুদান দিয়া হৈছে৷ মহাপুৰুষ দুজনাই এক সুন্দৰ পৰম্পৰা দি থৈ গৈছে৷ প্রতিগৰাকী লোকৰ অন্তৰত ভগৱানে বিৰাজ কৰাৰ বিশ্বাস প্রদান কৰি গৈছে আমাৰ মহাপুৰুষ দুগৰাকীয়ে৷ ভগৱানৰ প্রতি নিৰলস ভক্তি থাকিলে আটাইতকৈ অজ্ঞান ব্যক্তিজনকো আলোকৰ বাট দেখুৱাব পাৰি৷ আজি আধাৰশিলা স্থাপন অনুষ্ঠানত মন্ত্রীগৰাকীক সংগ দিয়ে সাংসদ পল্লৱলোচন দাস, স্থানীয় বিধায়ক গণেশ লিম্বু, বিজেপিৰ জিলা প্রভাৰী ডাঃ বীৰেন্দ্র নাথ, দলৰ সম্পাদক কিশোৰ উপাধ্যায়কে ধৰি কেইবাজনো বিজেপি নেতাই৷