ধুবুৰীত এবছৰত ৩,২৫০টা গৰু জব্দ আৰক্ষীৰ
নিয়মীয়া বাৰ্তা, ৫ ফেব্ৰুৱাৰীঃ বিগত ২০২০ বর্ষৰ পৰা নতুন বছৰটোৰ জানুৱাৰীলৈকে গৰুৰ চোৰাং বেহাৰ বিৰুদ্ধে চলোৱা অভিযানত ধুবুৰী আৰক্ষীয়ে ৩,২৫০টাৰো অধিক পশু জব্দ কৰিছে৷ সামাজিক মাধ্যমযোগে এই কথা সদৰী কৰিছে ধুবুৰী আৰক্ষীয়ে৷ সময়ছোৱাত গৰুৰ চোৰাং বেহাৰ সৈতে জডিত থকাসকলৰ বিৰুদ্ধে ৩২৫টাৰো অধিক গোচৰ ৰুজু কৰাৰ বিপৰীতে ডেৰশৰো অধিক লোকক গ্রেপ্তাৰ কৰিছে৷