নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আই পি এলৰ নিলামত নাথাকে তাৰকা মিচেল ষ্টার্ক

নিয়মীয়া বাৰ্তা, ৬ ফেব্ৰুৱাৰীঃ চলিত বর্ষৰ আই পি এলৰ বাবে অহা ১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’বলগীয়া খেলুৱৈৰ নিলামত নাথাকিব অষ্ট্রেলিয়াৰ তাৰকা বাঁওহতীয়া বেগী বলাৰ মিচেল ষ্টার্কৰ নাম৷ বৃহস্পতিবাৰে সামৰণি পৰা পঞ্জীয়ন প্রক্রিয়াত ষ্টার্কে নিজৰ নাম অন্তর্ভুক্ত কৰাৰ পৰা বিৰত থাকে৷ ইংলেণ্ডৰ টেষ্ট অধিনায়ক জ’ ৰুটো পঞ্জীভুক্ত খেলুৱৈৰ তালিকাত নাই৷ অৱশ্যে অষ্ট্রেলিয়াৰ তাৰকা অলৰাউণ্ডাৰ গ্লেন মেক্সৱেলে নিলামৰ বাবে নাম পঞ্জীভুক্ত কৰিছে৷ আই পি এল কর্তৃপক্ষই আজি প্রকাশ কৰা অনুসৰি নিলামৰ বাবে মুঠ ১০৯৭গৰাকী খেলুৱৈৰ নাম পঞ্জীভুক্ত কৰা হৈছে৷

ইয়াৰে সর্বাধিক ৫৬গৰাকী ৱেষ্ট ইণ্ডিজৰ, ৪২গৰাকী অষ্ট্রেলিয়াৰ আৰু ৩৮গৰাকী দক্ষিণ আফ্রিকাৰ খেলুৱৈ৷ নিলামৰ বাবে পঞ্জীভুক্ত মুঠ ১০৯৭গৰাকী খেলুৱৈৰ ভিতৰত ২০৭গৰাকী হ’ল আন্তঃৰাষ্ট্রীয় খেলুৱৈ৷ ইয়াৰে ২১গৰাকী ভাৰতৰ৷

মন কৰিবলগীয়া যে আই পি এলৰ নিলামত খেলুৱৈ ক্রয় কৰিবলৈ এইবাৰ কিংছ একাদশ পঞ্জাবৰ হাতত সর্বাধিক ৫৩.২০ কোটি টকা মজুত আছে৷ একেদৰে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ সৈতে আছে ৩৫.৯০ কোটি৷ ষ্টার্কে আই পি এলৰ নিলামৰ পৰা আঁতৰি থকাত ষ্টিভেন স্মিথ আৰু গ্লেন মেক্সৱেল এইবাৰৰ নিলামৰ মুখ্য আকর্ষণ হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷

You might also like