নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শয্যাসংগিনী বাছনি কৰিবলৈ মুকলি হ’ল এপ…

নিয়মীয়া বাৰ্তা ৬ ফেব্ৰুৱাৰীঃ আপুনি হয়তো কেব বুক কৰিবলৈ এপ ব্যৱহাৰ কৰিছে। হয়তো খাদ্য অথবা চিনেমাৰ টিকটকে ধৰি বিভিন্ন কামৰ বাবেও এপ ব্য়ৱহাৰ কৰি আহিছে। কিন্তু এতিয়া নিজৰ শয্যাসংগিনীৰ বাছনিৰ বাবেও এপ মুকলি কৰা হৈছে। ডেনমাৰ্কত এনে ধৰণৰ এটা এপ মুকলি কৰা হৈছে। য’ত যুৱক যুৱতীয়ে শাৰীৰিক মিলনৰ বাবে ইজনে সিজনক বাছনি কৰিব পাৰে।

লগতে এপ নিৰ্মাতা সকলে জনায় যে শাৰীৰিক সম্পৰ্কৰ বাবে বাছনি কৰা সময় কেৱল ২৪ ঘণ্টাই বৈধ থাকিব। যদি  কোনো সংগীয়ে যেতিয়াই বিচাৰে অথবা ইজনে সিজনক পচন্দ নকৰিলে সেই বাছনি প্ৰক্ৰিয়া নাকচ কৰিব পাৰে।

দৰাচলতে ডেনমাৰ্ক চৰকাৰে ধৰ্ষণৰ বিৰোধে এখন আইন প্ৰণয়ন কৰিছিল। আইন খনত কঠোৰ ভাৱে কোৱা হৈছে যে স্পষ্ট অনুমতিৰ অবিহনে কৰা শাৰীৰিক সম্পৰ্ক ধৰ্ষণ বুলি গণ্য কৰা হ’ব। যাৰ পিছতেই i consent নামৰ এপ এটা মুকলি কৰা হৈছে।

You might also like