হিমন্ত ভাই’ … ড০ শর্মাৰ দুই বিভাগক উচ্চ প্রশংসা প্রধানমন্ত্রীৰ
স্বাস্থ্য–লোকনির্মাণ বিভাগৰ কামৰ শলাগ ল’লে মোদীয়ে
নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু লোকনির্মাণ বিভাগৰ কাম–কাজত নৱজাগৰণ দেখি অভিভূত হৈ পৰিল দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ আজি ঢ়েকীয়াজুলিত বিশ্বনাথ–চৰাইদেউ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন আৰু লোকনির্মাণ বিভাগৰ অসম মালা প্রকল্পৰ শুভাৰম্ভ কৰি ভাষণত মোদীয়ে বিভাগ দুটাত যোৱা ৫টা বছৰত সম্পাদন হোৱা কাম–কাজত সন্তোষ প্রকাশ কৰা পৰিলক্ষিত হয়৷ স্বাস্থ্য, লোকনির্মাণ খণ্ডত হোৱা নৱজাগৰণ দেখিয়েই প্রধানমন্ত্রী মোদীয়ে আজি ভাষণত উক্ত বিভাগৰ দায়িত্বত থকা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ‘হিমন্ত ভাই’ বুলি সম্বোধন কৰা দেখা যায়৷
ভাষণত মোদীয়ে স্বাস্থ্যখণ্ডৰ কাম–কাজৰ কথা উল্লেখ কৰি কয় যে ৫ বছৰ আগতে অসমৰ ভিতৰুৱা অঞ্চলসমূহত এখন ভাল হাস্পতালৰ কথা সপোনসদৃশ আছিল৷ ভাল হাস্পতাল, ভাল চিকিৎসা মানেই যেন ঘণ্টাৰ পাছত ঘণ্টা ধৰি অপেক্ষা কৰাৰ লগতে বহু সমস্যা ভোগ কৰা৷ কোনোধৰণৰ মেডিকেল ইমার্জেঞ্চী নহা বাবেই ঈশ্বৰৰ ওচৰত বাৰম্বাৰ প্রার্থনা কৰি থকাটো অসমৰ বহু অঞ্চলৰ মানুহৰ বাবে দৈনন্দিন বিষয়ত পৰিণত হৈছিল৷ পিছে এই সমস্যা এতিয়া দ্রুতগতিৰে সমাধান হোৱাৰ দিশে আগবাঢ়িবলৈ ধৰিছে৷ সেই প্রার্থক্যক বহু সহজেই চাব পাৰি, অনুভৱ কৰিব পাৰি৷ বর্তমানৰ কেন্দ্রীয় চৰকাৰে অসমৰ বিকাশৰ বাবে নিষ্ঠা সহকাৰে কাম কৰি থকা দেখা গৈছে৷ অসমেও দেশৰ আন প্রান্তৰ সৈতে কান্ধত কান্ধ মিলাই অগ্রসৰ হৈছে৷ সেইদৰে বাট–পথ আৰু দলং নির্মাণৰ ক্ষেত্রতো যোৱা কেইটামান বছৰত অসম আগবাঢ়ি গৈছে৷ তেওঁ আজি শুভ উদ্বোধন কৰা অসম মালা প্রকল্পই সকলো গাঁও আৰু আধুনিক চহৰসমূহলৈ বিস্তৃত পথ আৰু যোগাযোগ ব্যৱস্থাৰ নেটৱর্কৰ সপোন বাস্তৱায়িত কৰি তুলিব বুলি আশা প্রকাশ কৰে৷