নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ সীমান্তৰ প্রকৃত নিয়ন্ত্রণ ৰেখা (এলএচি)ত চীনৰ সৈতে ভাৰতৰ উত্তেজনা অব্যাহত থকাৰ সময়তে আজি বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্রী অনুৰাগ ঠাকুৰে ৰাজ্যসভাত উল্লেখ কৰিছে যে বর্তমান ভাৰতত প্রায় ৮০টা চীনা কোম্পানীয়ে ব্যৱসায় চলাই আছে৷ সংসদৰ উচ্চ সদনত মন্ত্রীগৰাকীয়ে উল্লেখ কৰা অনুসৰি ভাৰতত বর্তমান পঞ্জীয়নভুক্ত চীনা কোম্পানীৰ সংখ্যা হৈছে ৯২টা৷
সদনত উত্থাপিত এক প্রশ্ণৰ উত্তৰ দি মন্ত্রীগৰাকীয়ে এই কথা উল্লেখ কৰাৰ লগে লগে বিভিন্ন মহলত সৃষ্টি হৈছে প্রতিক্রিয়া৷ স্মর্তব্য যে গালৱান উপত্যকাত চীনা বাহিনীৰে হোৱা সংঘর্ষত প্রায় ৪০জন ভাৰতীয় জোৱান শ্বহীদ হোৱাৰ পিছতে প্রতিৱেশী দেশখনৰ সামগ্রী ভাৰতৰ বজাৰত নিষিদ্ধ কৰাৰ সিদ্ধান্ত কৰাৰ দাবী উত্থাপন হৈছিল৷