অস্কাৰৰ দৌৰত ভাৰতীয় চুটি ছবি বিট্টু
নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ বিশ্বৰ চলচ্চিত্র জগতৰ সর্বোচ্চ সন্মান অস্কাৰৰ দৌৰত ভাৰতীয় চুটি ছবি বিট্টু৷ আন্তর্জাতিক কাহিনী চিত্রৰ তালিকাৰ পৰা ভাৰতীয় ছবি জাল্লিকট্টুৱে মনোনয়ন লাভ নকৰিলেও চুটি ছবি বিট্টুৱে ‘লাইভ একচন শ্বট ফিল্ম শ্বটলিষ্ট’ত প্রথম ১০ ভিতৰত স্থান লাভ কৰিছে৷ দুই স্কুলীয়া শিক্ষার্থীৰ কাহিনীক লৈ নির্মিত ছবিখন পৰিচালনা কৰিছে কৰীশ্মা দেৱ ডুবে৷ চলচ্চিত্র নির্মাতা একতা কাপুৰ, গুণিত মংগা আৰু লেখক তাহিৰা কাশ্যপৰ উদ্যোগত এই চলচ্চিত্রখন নির্মাণ হৈছে৷