নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাংগং হ্রদৰ সমীপৰ পৰা সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ চীন–ভাৰতৰ

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ লাডাখৰ এলএচিত চীন–ভাৰতৰ সেনাৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাৰ লক্ষ্যৰে পাংগং হ্রদৰ সমীপৰ পৰা দুই দেশৰ সেনা প্রত্যাহাৰ প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ বুধবাৰে বিয়লি চীনৰ প্রতিৰক্ষা মন্ত্রালয়ৰ বিবৃতিত প্রকাশ কৰা মতে পাংগং হ্রদৰ উত্তৰ–দক্ষিণ দাঁতিৰ পৰা সংগঠিত ৰূপত দুয়োখন দেশৰ সেনা প্রত্যাহাৰ কৰাৰ প্রক্রিয়া আৰম্ভ হৈছে৷ চীনৰ প্রতিৰক্ষা মন্ত্রালয়ৰ মুখপাত্র জ্যেষ্ঠ কর্নেল ৱু কিয়ানে লিখিত বিবৃতিত প্রকাশ কৰা মতে ১০ ফেব্রুৱাৰীৰ পৰা পাংগং হ্রদৰ উত্তৰ–দক্ষিণ দাঁতিৰ পৰা ভাৰতীয় আৰু চীনৰ সেনাক প্রত্যাহাৰ কৰা হৈছে৷ চীনৰ প্রতিৰক্ষা মন্ত্রালয়ে এই বিবৃতি প্রকাশ কৰিছে যদিও ভাৰতে এতিয়াও কোনোধৰণৰ বিবৃতি প্রকাশ কৰা নাই, অৱশ্যে অস্বীকাৰো কৰা নাই৷

উল্লেখ্য যে লাডাখৰ এল এ চিৰ উত্তেজনা হ্রাস কৰিবলৈ দুই দেশৰ সেনাৰ কমাণ্ডাৰ পর্যায়ৰ নৱমলানি বৈঠকত পাংগঙৰ পৰা সেনা প্রত্যাহাৰ সিদ্ধান্তত সহমত প্রকাশ কৰাৰ পিছতেই এই প্রক্রিয়া আৰম্ভ কৰা হৈছে৷ নৱমলানি বৈঠক প্রায় ১৫ ঘণ্টা ধৰি চলাৰ অন্তত লাডাখৰ পূব প্রান্তৰ এল এ চিত দুয়ো দেশৰ মাজত চলি থকা উত্তেজনা হ্রাস কৰাই নহয়, বিগত ৯ মাহ ধৰি চলি থকা এক সংঘাতো আঁতৰ কৰাৰ বাবে পাংগং হ্রদৰ দাঁতিৰ পৰা সেনা প্রত্যাহাৰৰ ঐকমত্যত উপনীত হৈছিল৷ তাৎপর্যপূর্ণ যে যোৱা বর্ষৰ নৱেম্বৰ মাহত তিনি দফীয়া পৰিকল্পনাৰে সেনা প্রত্যাহাৰৰ বিষয়টোক লৈ দুয়ো দেশৰ মাজত সহমত হৈছিল যদিও পিছলৈ চীনে এইক্ষেত্রত দুমুখীয়া নীতি গ্রহণ কৰে৷

You might also like