নিয়মীয়া বাৰ্তা, ১২ ফেব্ৰুৱাৰীঃ কেন্দ্রীয় আইনমন্ত্রী ৰবিশংকৰ প্রসাদে কালি ৰাজ্যসভাত উল্লেখ কৰে যে সাধাৰণ জনতাই সবলীকৰণৰ ক্ষেত্রত ছ’চিয়েল মিডিয়াই গ্রহণ কৰা গুৰুত্বপূর্ণ ভূমিকাক চৰকাৰে সন্মান জনায়৷ কিন্তু ছ’চিয়েল মিডিয়াই ভুৱা সংবাদ বিয়পাই দিয়াৰ উপৰি সংঘর্ষত ইন্ধন যোগালে চৰকাৰে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈও সাজু আছে৷
স্মর্তব্য যে দিল্লীৰ কৃষক আন্দোলনৰ সৈতে সম্পর্কিত ৫০০ একাউণ্ট টুইটাৰে বন্ধ কৰি দিয়াৰ পিছতে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই মন্তব্য কৰিছে৷ টুইটাৰক ইতিমধ্যে ১৪০০ একাউণ্ট বন্ধ কৰিবলৈ আহ্বান জনাইছে কেন্দ্রীয় চৰকাৰে৷