ছৌদি অধিকাৰ কর্মী আল–হাথলুলক মুক্তি
নিয়মীয়া বাৰ্তা ১৩ ফেব্ৰুৱাৰীঃ ২০১৮ চনৰ মে’ মাহত গ্রেপ্তাৰ কৰা লুজাইন আল–হাথলুল নামৰ মহিলাগৰাকীক ছৌদি আৰবে কালি মুক্তি দিছে৷ আল–হাথলুল হৈছে ছৌদি আৰবৰ নাৰী অধিকাৰ আন্দোলনৰ অগ্রণী নেত্রী৷ আল–হাথলুলৰ লগতে অন্য ১২গৰাকী মহিলা কর্মীক ২০১৮ চনৰ মে’ মাহত সংযুক্ত আৰব আমীৰ শ্বাহি (ইউএই)ৰ পৰা বিতাড়ন কৰা হৈছিল৷ ৰিয়াধত উপস্থিত হোৱাৰ লগে লগে আটাইকেইগৰাকী নাৰী অধিকাৰ কর্মীক গ্রেপ্তাৰ কৰিছিল ছৌদি প্রশাসনে৷ শেহতীয়াকৈ বিশ্বজুৰি সৃষ্টি হোৱা প্রতিক্রিয়াৰ বাবে আল–হাথলুলক ছৌদি প্রশাসনে মুক্তি দিছে যদিও মহিলাকেইগৰাকীৰ ওপৰত ৫ বছৰৰ ভ্রমণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ ৫ বছৰ ধৰি দেশৰ বাহিৰলৈ যাত্রা কৰিব নোৱাৰিব হাথলুলে৷ তথাপি আল–হাথলুলৰ মুক্তিক আন্তর্জাতিক সম্প্রদায়ে আদৰণি জনাইছে৷