জয়ন্ত প্রীতম
এলিজাবেথ এনে ভেলাচকুৱেজ বা লিজি ভেলাচকুৱেজ৷ আপুনি হয়তো এই নামটো আগতে ক’ৰবাত শুনিছে বা শুনা নাই৷ আপুনি যদি ভাবিছে জীৱনত আপোনাতকৈ দেখিবলৈ আপচু বা আপোনাতকৈ দুর্ভগীয়া কোনো নাই আৰু ইয়াৰ বাবেই আপুনি দিনে–ৰাতিয়ে হীনমন্যতাত ভুগিছে, তেন্তে লিজি ভেলাচকুৱেজৰ বিষয়ে জনাটো অতি প্রয়োজন৷
লিজি ভেলাচকুৱেজ স্কুলত পঢ়ি থকা দিনবোৰত এদিন তেওঁৰ লগৰীয়াবোৰে এটা ৮ মিনিটৰ ভিডি’ চাবলৈ দিছিল৷ ভিডি’টো আছিল লিজি ভেলাচকুৱেজক লৈ নির্মিত৷ সেই ভিডি’টোত লিজি ভেলাচকুৱেজক পৃথিৱীৰ সকলোতকৈ দেখিবলৈ কুন্ধচ জীৱন্ত মানুহ হিচাপে প্রদর্শন কৰা হৈছিল৷ তেতিয়ালৈকে প্রায় ৮০ লাখ মানুহে ইউটিউবত প্রদর্শিত ভিডি’টো চাইছিল৷ ভিডি’টো চোৱা কিছুমান দর্শকে ভিডি’টোৰ তলত এনেধৰণে নিজৰ মতামত দিছিল– লিজি হ’ল পৃথিৱীৰ সকলোতকৈ দেখিবলৈ কুৎসিত ছোৱালীজনী, তাইক মই পথত লগ পালে মাৰি পেলাম, তাইক তাইৰ মাক–দেউতাকে মাৰি নেপেলায় কিয়, লিজি চয়তানতকৈও চয়তান, লিজি কার্টুন হয়, লিজি তই মৰি যা, লিজিক জুই জ্বলাই দিয়া, লিজি এটা দুষ্ট প্রেতাত্মা৷
তেতিয়া লিজিৰ বয়স আছিল ১৭ বছৰ৷ লিজিয়ে সকলোৰে মতামতবোৰ পঢ়ি ক্ষন্তেকৰ বাবে হতভম্ব আৰু বিচলিত হৈ পৰিল৷ সেই সময়ত লিজিৰ দুখতে দুচকুৱেদি ধাৰাসাৰ চকুপানী ব’বলৈ ধৰিছিল৷ পিছমুহূর্ততে কিন্তু লিজিয়ে নিজকে সম্বৰণ কৰিছিল৷ লিজি যদিও আনতকৈ শাৰীৰিকভাৱে দুর্বল, কিন্তু মানসিকভাৱে যথেষ্ট সবল আৰু শক্তিশালী আছিল৷ সেয়ে সেইদিনা লিজিয়ে ভিডি’টো দেখাৰ পিছত জীৱনৰ বাবে চাৰিটা প্রতিজ্ঞা লৈছিল৷ প্রতিজ্ঞাকেইটা হ’ল– প্রথমতে, জীৱনত নিজকে এজন সুবক্তা হিচাপে সমাজত প্রতিপন্ন কৰিব৷ দ্বিতীয়তে, নিজকে এগৰাকী ভাল লেখক হিচাপে প্রতিষ্ঠা কৰিব৷ তৃতীয়তে, কলেজৰ পৰা স্নাতক ডিগ্রী লাভ আৰু চতুর্থতে, জীৱনত সফলতা লাভ কৰিব আৰু নিজৰ এটা সুন্দৰ পৰিয়াল গঢ়ি তুলিব৷
কিন্তু ভবামতেই জানো জীৱনত সকলো কৰিব পৰা যায়৷ তাতে যদি জন্মগতভাৱে আপুনি লগত লৈ আহিছে এটা অতি দুৰাৰোগ্য ৰোগ৷ এলিজাবেথ এনে ভেলাচকুৱেজ বা লিজি ভেলাচকুৱেজৰ জন্ম হৈছিল ১৯৮৯ চনৰ ১৩ মার্চত৷ লিজিৰ জন্ম সময়তকৈ চাৰি সপ্তাহৰ আগতে হৈছিল৷ জন্মৰ সময়ত লিজিৰ ওজন আছিল মাত্র বাৰশ গ্রাম৷ এটা দুৰাৰোগ্য ৰোগৰ সৈতে জন্ম হৈছিল লিজিৰ৷ লিজিৰ শৰীৰত থকা ৰোগবিধৰ নাম হ’ল ‘মার্ফানইড প্রগেৰইড লিপ’ডিষ্ট্র’ফাই’ Marfanoid–progeroid–lipodystrophy)৷ সাধাৰণ ভাষাত ক’বলৈ হ’লে লিজিৰ শৰীৰত চর্বি জমা নহয়, যাৰ ফলত লিজিৰ শাৰীৰিক ওজন বৃদ্ধি নহয়৷ লিজিয়ে এটা চকুৰে দেখা নাপায় আৰু সেই চকুৰ মণিটো বগা৷ ইয়াৰ ফলত লিজিৰ শাৰীৰিক গঠন সাধাৰণ মানুহতকৈ অলপ বেলেগ ধৰণৰ৷ ফলত প্রথম অৱস্থাত দৈনন্দিন জীৱনত লিজি নানান অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে মানুহৰ বাবে হৈ পৰিছিল এক আচহুৱা প্রাণী৷ যিহেতু লিজিৰ শৰীৰত চর্বি জমা নহয়, সেয়ে লিজিয়ে প্রতি ৫ বা ১০ মিনিটৰ অন্তৰালত কম কমকৈ খাই থাকিবলগীয়া হয়৷ যদি সাহস, সফলতা আৰু প্রেৰণাৰ অন্য এটা নাম লিজি ভেলাচকুৱেজ, তেওঁ ইমান সহজে পৰিস্থিতিৰ ওচৰত হাৰ মানিব, সেয়া জানো সম্ভৱ হ’ব পাৰে৷ অসম্ভৱক সম্ভৱ কৰাৰ বাবে তেওঁ যে ইতিমধ্যে প্রতিজ্ঞা কৰিয়েই লৈছিল৷ সেয়ে হয়তো প্রতিজ্ঞা লোৱাৰ চাৰি বছৰ পাছত অর্থাৎ ২০১০ চনত লিজিয়ে প্রথমখন গ্রন্থ প্রকাশ কৰি উলিয়াইছিল৷ যাৰ নাম ‘লিজি বিউটিফুল’৷ ইয়াৰ পিছত ২০১২ চনত লিখি উলিয়ালে আন এখন কিতাপ ‘বি বিউটিফুল বি ইউ’৷ তেওঁ এই সময়তে দুখন গ্রন্থ শৈশৱৰ কাহিনীৰ ওপৰত লিখি উলিয়ালে৷ ইয়াৰ পিছত প্রকাশ হোৱা তেওঁৰ আন দুখন গ্রন্থ হৈছে ‘চুজিং হেপিনেছ (২০১৪)’ আৰু ‘ডেয়াৰ টু বি কাইণ্ড (২০১৭)’৷ গ্রন্থ প্রকাশৰ লগে লগে তেওঁ কথা কোৱাৰ শৈলীৰে লাহে লাহে শ্রোতাৰ মন মুহিবলৈ ধৰিলে৷ ইয়াৰ ফলস্বৰূপে ২০১৪ চনত তেওঁ দিয়া তুমি কেনেদৰে নিজকে বর্ণনা কৰা শীর্ষক তেওঁৰ বত্তৃণতাটো প্রায় পাঁচ কোটি পঞ্চাশ লাখ মানুহে শুনে৷ বর্তমান লিজি এগৰাকী প্রতিষ্ঠিত সুবক্তা, লেখক আৰু স্নাতক উত্তীর্ণ৷ লিজিৰ জীৱনৰ ওপৰত এখন তথ্যচিত্র নির্মাণ কৰা হৈছে, যাৰ নাম হ’ল ‘এ ব্রেভ হার্ট ঃ লিজি ভেলাচকুৱেজ’৷ লিজিয়ে এতিয়া বিভিন্ন অনুষ্ঠানত অনুপ্রেৰণামূলক বত্তৃণতা দি নিৰাশাত ভোগাজনৰ জীৱনত আশাৰ সঞ্চাৰ কৰে৷
লিজিয়ে এবাৰ এটা অনুষ্ঠানত ভাষণত নিজৰ জীৱনৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা কৈছিল, ‘মোৰ জীৱনলৈ দুটা সুযোগ আহিছিল, এটা হ’ল মই যেনেকুৱা সেইটোকে ভাবি জীৱনটো দুখৰে সৈতে পাৰ কৰা আৰু আনটো হ’ল মই নিজকে সুখী কৰি ৰাখিবলৈ কিছুমান ভাল কাম কৰা৷ গতিকে মই সিদ্ধান্ত লৈছিলোঁ কোনোবাই মোক মোৰ বাহিৰৰ ৰূপ দেখি কিবা বেয়াকৈ ক’ব আৰু সেইটোকে ভাবি মই দুখতে বহি থাকিম, সেইটো হ’ব নোৱাৰে৷ মই মোৰ জীৱনক মোৰ মতে সজাই তুলিম৷ মই সেই সকলোকে দেখুৱাই দিম যে তেওঁলোকৰ মোৰ প্রতি ধাৰণা ভুল আছিল৷ মই তেওঁলোকক আজিও ক’ব বিচাৰোঁ যে তেওঁলোকে মোৰ বিষয়ে আৰু নঞর্থক কথা কওক৷ সেই নঞর্থক কথাবোৰক মোৰ জীৱনৰ সফলতাৰ জখলা হিচাপে ব্যৱহাৰ কৰি আৰু অলপ ওপৰলৈ উঠিব পাৰিম৷ তেওঁলোকে এদিন মোক হঁাহিছিল বাবেই আজি মই এজন সুবক্তা, লেখক আৰু স্নাতক৷’
লিজি ভেলাচকুৱেজৰ সফলতাত তেওঁৰ পিতৃ–মাতৃৰো যথেষ্ট অৱদান আছে৷ লিজিৰ যেতিয়া জন্ম হৈছিল, তেতিয়া চিকিৎসকে তেওঁলোকক কৈছিল যে লিজিয়ে হয়তো কেতিয়াও খোজ কাঢ়িব আৰু কথা ক’ব নোৱাৰিব৷ কিন্তু লিজিৰ পিতৃ–মাতৃয়ে চিকিৎসকৰ অনুমান ভুল বুলি প্রমাণিত কৰি দেখুৱালে৷ প্রতি মুহূর্ততে তেওঁলোকে লিজিৰ সাহস হিচাপে থিয় হৈ থাকিল৷ লিজি যেতিয়াই হীনমন্যতা আৰু নিৰাশাত ভুগিছিল, তেতিয়াই তেওঁলোকে লিজিৰ প্রেৰণা হৈ থিয় দিছিল৷ ইয়াৰ ফলত লিজিয়ে অসফলতা আৰু নিৰাশাবোৰ অতিক্রম কৰি লাহে লাহে সফলতাৰ দিশত আগুৱাই গৈছিল৷
কেতিয়াবা আপোনাৰ জীৱনত যদি হতাশা আহে৷ কোনোবাই যদি আপোনাক আপোনাৰ বাহ্যিক অৱয়ব বা আপোনাৰ বর্তমানৰ পৰিস্থিতিৰ বাবে হাঁহে, তেন্তে নিৰাশ নহ’ব৷ কেৱল এবাৰ লিজি ভেলাচকুৱেজৰ জীৱন সংগ্রামৰ কথা ভাবিব৷ যদি তেওঁ জীৱনত ইমান বাধা অতিক্রম কৰি সফল হ’ব পাৰে, তেন্তে আপুনি কিয় সফল হ’ব নোৱাৰিব৷ মনত ৰাখিব, কোনোবাই যদি আপোনাক উপলুঙা কৰিছে৷ যদি আপোনাৰ সামর্থ্যৰ ওপৰত প্রশ্ণবোধক আনিছে, তেন্তে সেইবোৰ কথাত আপুনি গুৰুত্ব দি নিৰাশ নহৈ সেইবোৰক লিজি ভেলাচকুৱেজৰ দৰে সফলতাৰ জখলা হিচাপে ব্যৱহাৰ কৰক৷ আপোনাৰ জীৱনৰ সফলতাই হ’ব তেওঁলোকৰ বাবে উচিত প্রত্যুত্তৰ৷