নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰামচন্দ্র গুহ : ‘কা’ৰ বিৰুদ্ধে সবল স্থিতিত বিশ্বপ্রসিদ্ধ ইতিহাসবিদ

  • পূর্বজ্যোতি চুতীয়া

যুক্তি, চিন্তা আৰু কলমেৰে যুদ্ধ কৰে ইতিহাসবিদ ৰামচন্দ্র গুহই ৷ কিন্তু এইবাৰ সমগ্র দেশতে নাগৰিকপঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে বিশ্বখ্যাত গ্রন্থ প্রণেতাজন যুদ্ধলৈ ওলাই আহিল বাংগালুৰুৰ ৰাজপথলৈ ৷ কেন্দ্রীয় চৰকাৰৰ এই দুই বিতর্কিত সিদ্ধান্তৰ তীব্র প্রতিবাদ কৰি গুহই দ্ব্যর্থহীন ভাষাত সতর্ক কৰি দিলে– ‘কা’ বাতিল নহ’লে দেশত অথন্তৰ ঘটাটো নিশ্চিত ৷ দুর্বল হৈ পৰিব গণতান্ত্রিক ভেটি ৷ চৰকাৰে এই মাৰাত্মক ভুল উপলব্ধি কৰি আগবাঢ়ি নহাপর্যন্ত সংঘাত–সংঘর্ষ অব্যাহত থকাৰ প্রবল সম্ভাৱনা আছে ৷ বাংগালুৰুৰ ৰাজপথত এটা টিভি চেনেলৰ সাংবাদিকক নিজৰ মতামত ব্যক্ত কৰি থকাৰ সময়তে ৰামচন্দ্র গুহক আটক কৰে কর্তব্যৰত আৰক্ষীয়ে ৷ নিগৃহীত কৰা হয় তেওঁক ৷ টানি–ঠেলি উক্ত স্থানৰ পৰা তেওঁক লৈ যোৱা হয় ৷ এই বাতৰিয়ে স্বাভাৱিকতে সৃষ্টি কৰে তীব্র চাঞ্চল্য ৷ কেৱল ৰাষ্ট্রীয় সংবাদ মাধ্যমতে নহয়, বিবিচি, দ্য নিউয়র্ক টাইমছ, দ্য গার্ডিয়ান আদি বিশ্বৰ প্রচাৰ মাধ্যমেও বিস্তাৰিতভাৱে প্রকাশ কৰে এই বাতৰি ৷ দেশৰ আটাইতকৈ প্রসিদ্ধ বুৰঞ্জীবিদজনৰো ভাৰতত কোনো মূল্য নাই বুলি চর্চা হয় বিদেশৰ মিডিয়াত ৷ বাংগালুৰু আৰক্ষীৰ ঊর্ধ্বতন মহলে পিছত প্রকাশ কৰে যে কর্তব্যৰত আৰক্ষীয়ে আটক কৰাৰ সময়ত গুহৰ পৰিচয় জনা নাছিল ৷ কিন্তু পৰিচয় লাভ কৰাৰ পিছত তেওঁক ভাল ব্যৱহাৰ কৰা হৈছে ৷ মোদী চৰকাৰক পূর্বৰে পৰা কঠোৰ সমালোচনা কৰি আহিছে মহাত্মা গান্ধীৰ জীৱনকে ধৰি কেইবাখনো তত্ত্বগধুৰ আৰু তথ্যসমৃদ্ধ গ্রন্থৰ প্রণেতাজনে ৷ ইয়াৰ বাবেই বিজেপিৰ বাবে তেওঁ চকুৰ কুটা, দাঁতৰ শূলতকৈ কম নহয় ৷ ২০১৭–১৮ চনত তেওঁক ই–মেইলযোগে মৃত্যুৰ ভাবুকি দি অসংখ্যজনে মোদী আৰু অমিত শ্বাহক সমালোচনা নকৰিবলৈ সকীয়াই দিছিল ৷ এইবাৰ বাংগালুৰুৰ প্রতিবাদৰ পিছত বিজেপিয়ে তেওঁক আৰবান নক্সালৰ অপবাদ জাপি দিলে ৷ গুহৰ প্রসংগতে বিজেপিৰ কর্ণাটক কমিটীয়ে টুইট কৰিছে– ‘অন্ধকাৰ জগতৰ পৰা কাম কৰা আৰবান নক্সালক সাধাৰণ মানুহে চিনি নাপায় ৷ হিংসা আৰু পৰিকল্পিত প্রতিবাদৰ উচটনি দি তেওঁলোকে অস্তিত্ব জাহিৰ কৰে ৷ তেওঁলোকৰ মুখা এতিয়া খোল খাইছে৷’ এই সন্দর্ভত গুহই কোনো প্রতিক্রিয়া প্রকাশ কৰাৰ প্রয়োজনীয়তা অনুভৱ নকৰিলেও প্রসিদ্ধ ইতিহাসবিদজনে বিজেপিৰ বৰমূৰীয়াসকলক লক্ষ্য কৰি লৈ মন্তব্য কৰিছে– ‘ৰাষ্ট্রৰ ক্ষমতা আৰু ৰাষ্ট্রৰ আইনৰ সৈতে ধর্মক মিলাই দি উন্নত ভাৰত গঢ়িব পৰা যাব বুলি যি বিশ্বাস কৰে, তেওঁলোকে পাকিস্তানতকৈ আৰু বেছি দূৰলৈ চোৱাৰ প্রয়োজন নাই ৷’

ভাৰতৰ পৰিৱেশ আৰু পাৰিপার্শ্বিকতাক লৈ লিখা কেইবাখনো গ্রন্থৰে ইতিহাসবিদ হিচাপে আত্মপ্রকাশ কৰা ৰামচন্দ্র গুহ দেশৰ লগতে সমগ্র বিশ্বতে পৰিচিত হৈ পৰে মহাত্মা গান্ধীৰ জীৱনক লৈ প্রণয়ন কৰা ‘ইণ্ডিয়া আফটাৰ গান্ধী’, ‘গান্ধী : দ্য ইয়েৰছ ডেট চেইঞ্জড দ্য ৱর্ল্ড, ১৯১৪–১৯৪৮’, ‘গান্ধী–বিফ’ৰ ইণ্ডিয়া’, ‘গান্ধী : বিটুইন কনচাইন্স এণ্ড কণ্ড্র’ভাৰ’, গান্ধী : দ্য জোহান্সবার্গ ইয়েৰছ’ গ্রন্থসমূহৰ বাবে ৷ বিজেপি চৰকাৰৰ সৈতে তেওঁৰ মতবিৰোধৰ মূল কাৰণো ইয়াৰ পৰাই আৰম্ভ হৈছে৷ গুহই বিভিন্ন ৰাষ্ট্রীয় সংবাদ পত্রত চৰকাৰৰ সৈতে মত পার্থক্য স্পষ্ট কৰি একাধিকবাৰ আঙুলিয়াই দিছে যে মোদী চৰকাৰে সম্পূর্ণ ৰাজনৈতিক স্বার্থত মহাত্মা গান্ধীক ব্যৱহাৰ কৰিছে ৷ তেওঁ আনকি এই বুলিও মন্তব্য কৰিছিল যে মোদীয়ে দেশৰ প্রধানমন্ত্রী হিচাপে লাভ কৰা জনপ্রিয়তাৰ আঁৰত থকা মানুহজন হ’ল ৰাহুল গান্ধী ৷ প্রধান প্রতিদ্বন্দ্বী হিচাপে ৰাহুলৰ সলনি অন্য এজন ব্যক্তি থকা হ’লে নৰেন্দ্র মোদী ইমান ওপৰলৈ উঠিব নোৱাৰিলেহেঁতেন ৷ ধর্মীয় অসহিষ্ণুতাক লৈ সদায় অসন্তুষ্টি ব্যক্ত কৰি অহা ইতিহাসবিদজনে কেইবছৰমান পূর্বে মন্তব্য কৰিছিল– ‘সঁচা অর্থত এজন দেশপ্রেমিক হ’ল সেইজন ব্যক্তি, যি দেশক ভাল পায় আৰু স্বাধীনতা আৰু অধিকাৰক ৰক্ষণাবেক্ষণ দিবলৈ সদায় সাজু হৈ থাকে ৷ হিন্দুত্ব দেশপ্রেম নহয় ৷ হিন্দুত্ব হ’ল ভাৰতীয় বৈচিত্র্যক নিঃশেষ কৰি এটা ধর্ম, এক ভাষা আৰু এতিয়া এজন নেতাক প্রতিষ্ঠা কৰিব খোজা অন্ধৰাষ্ট্রীয়তা(Jingoism) ৷ সঁচা অর্থত এজন দেশপ্রেমিক হ’ল সেইজন, যিয়ে নিজৰ দেশৰ ব্যর্থতাক লৈ লজ্জিত হয়, নিজৰ ধর্মৰ থকা পক্ষপাতিত্বত হতাশ অনুভৱ কৰে আৰু যিয়ে নিজৰ ভাষা, ধর্ম আৰু ৰাষ্ট্রৰ ভুল আঙুলিয়াই দিবলৈ সক্ষমতা ৰাখে ৷ নিজৰ ধর্ম, ভাষা আৰু ৰাষ্ট্রৰ ভুল শুধৰোৱাৰ বাবে তেওঁৰ হাবিয়াস থাকে৷ সাম্প্রতিক সময়ত দেখিবলৈ পোৱা গৈছে এনে এক প্রৱণতা, য’ত নিজৰ ভুলৰ বাবে দুখ প্রকাশ কৰাৰ কোনো প্রয়োজনীয়তা নাই ৷’ তেওঁ এক অনুষ্ঠানত এই বুলিও মন্তব্য কৰিছিল যে ভাৰতৰ চৰকাৰসমূহে পূর্বৰ পৰাই বুদ্ধিজীৱীৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰি আহিছে যদিও মোদী চৰকাৰ এইক্ষেত্রত সকলোতকৈ আগত আছে ৷ মোদীবিৰোধী এনে স্থিতিৰ বাবেই বিজেপি সমর্থকৰ ৰোষত পৰিছে ৰামচন্দ্র গুহ ৷ যোৱা বছৰ আহমেদাবাদ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে তেওঁ যোগদান কৰাৰ প্রাকমুহূর্তত গুজৰাটৰ অখিল ভাৰতীয় বিদ্যার্থী পৰিষদে ইয়াৰ প্রতিবাদ কৰি বিশ্ববিদ্যালয় কর্তৃপক্ষক এক পত্রযোগে এই সিদ্ধান্ত বাতিলৰ দাবী জনায়৷ অৱশেষত গুহই নিজেই উক্ত পদত যোগদান কৰাৰ পৰা বিৰত থাকে ৷

যোৱা ১৯ ডিচেম্বৰৰ ঘটনাৰ পিছতে এতিয়া বিজেপিৰ সমালোচনাৰ লক্ষ্য হৈ পৰিছে ৰামচন্দ্র গুহ ৷ ইয়াক কেন্দ্র কৰি দেশে–বিদেশে বৌদ্ধিক মহলত যথেষ্ট চর্চা হৈছে ৷ আমেৰিকান হিষ্ট’ৰিকেল এছ’চিয়েচনে সন্মানীয় বিদেশী সদস্য হিচাপে স্বীকৃতি দিয়া তৃতীয়জন ভাৰতীয় ইতিহাসবিদ (আন দুজন হ’ল ৰমিলা থাপৰ আৰু যদুনাথ সৰকাৰ) ৰামচন্দ্র গুহ যে এনে ব্যক্তিগত আক্রমণৰ পিছতো বিচলিত নহয়, সেয়া নিশ্চিত ৷ ৰাষ্ট্রীয় সংবাদ পত্রৰ সম্পাদকীয় পৃষ্ঠাত তেওঁ কাগজ–কলম লৈ ‘যুদ্ধ’ অব্যাহত ৰাখিব বুলি আশা কৰা হৈছে ৷ এটা টেলিভিছন সাক্ষাৎকাৰত তেওঁ কৈছে– ‘আমি পূর্বেও এনে কঠিন সময়ৰ সন্মুখীন হৈছোঁ ৷ যেনে– মহাত্মা গান্ধীৰ হত্যা, সত্তৰৰ দশকৰ জৰুৰীকালীন অৱস্থা, নব্বৈৰ দশকৰ সাম্প্রদায়িক সংঘর্ষ৷ এইটো হ’ল দেশৰ চতুর্থটো বৃহৎ সংকট৷ আমি ইয়াৰ পৰাও উদ্ধাৰ পাব পাৰিম ৷ কিন্তু ইয়াৰ বাবে প্রয়োজন হ’ব ধৈর্য আৰু অহিংস নীতিৰ ৷’

৬১ বছৰীয়া গুহই ভাৰতৰ পৰিৱেশ আৰু পাৰিপার্শ্বিকতাক লৈ নব্বৈ দশকৰ পৰাই কেইবাখনো গ্রন্থ প্রণয়ন কৰিছে ৷ তেওঁৰ লেখাৰ আন এটা বিষয় হ’ল ক্রিকেট ৷ সম্পাদকীয় পৃষ্ঠাৰ নিবন্ধত আন বিষয়ৰ লগতে ভাৰতীয় ক্রিকেট সম্পর্কতো তেওঁ নিয়মীয়াকৈ লিখি আহিছে ৷ আনহাতে, তেওঁক উচ্চতম ন্যায়ালয়ে গঠন কৰি দিয়া বি চি চি আইৰ প্রশাসনীয় কমিটীত অন্তর্ভুক্ত কৰা হৈছিল যদিও পৰৱর্তী সময়ত তেওঁ এই পদবীৰ পৰা অব্যাহতি লয় ৷ বিৰাট কোহলিক লৈও গুহ প্রায়ে সৰৱ হৈ পৰাটো মন কৰিবলগীয়া ৷ ভাৰতীয় ক্রিকেটৰ সামাজিক বুৰঞ্জীৰ ওপৰত দীর্ঘদিন গৱেষণা চলাই তেওঁ লিখি উলিওৱা গ্রন্থ ‘এ কর্নাৰ অৱ এ ফৰেইন ফিল্ড : দ্য ইণ্ডিয়ান হিষ্ট্রৰী অৱ এ ব্রিটিছ স্প’টছ’ সমগ্র বিশ্বতে সমাদৃত হৈছিল ৷ ক্রিকেট সম্পর্কীয় তেওঁৰ আন কেইখনমান গ্রন্থ হ’ল – ‘দ্য ষ্টেটছ অৱ ইণ্ডিয়ান ক্রিকেট : এনেক্ডটেল হিষ্ট্রৰীজ’, ‘স্পীন এণ্ড আডাৰ টার্নছ : ইণ্ডিয়ান ক্রিকেটছ কামিং অৱ এজ’ আদি ৷

১৯৫৮ চনৰ ২৯ এপ্রিলত ডেৰাডুনত জন্মগ্রহণ কৰা ৰামচন্দ্র গুহই কেম্ব্ৰিয়ান হল আৰু ডুন স্কুলত স্কুলীয়া শিক্ষা গ্রহণ কৰাৰ পিছত ১৯৭৭ চনত ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা অর্থনীতিত স্নাতক ডিগ্রী লাভ কৰে ৷ পৰৱর্তী সময়ত কলকাতাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্টৰ পৰা ফেল’শ্বিপ লোৱাৰ লগতে দিল্লী স্কুল অৱ ইক’নমিকছৰ পৰা স্নাতকোত্তৰ ডিগ্রী লাভ কৰে ৷ ১৯৮৫ চনৰ পৰা ২০০০ চনলৈ গুহই দেশে–বিদেশে শিক্ষকতা কৰে ৷ ইয়াৰ ভিতৰত অন্যতম হ’ল ইউনিভার্ছিটী অৱ কেলিফ’র্নিয়া, য়েল ইউনিভার্ছিটী, ষ্টেনফ’ড ইউনিভার্ছিটী, অছলো ইউনিভার্ছিটী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স ৷ ২০০০ চনত তেওঁ বাংগালুৰুলৈ উভতি আহে আৰু তেতিয়াৰে পৰা সম্পূর্ণৰূপে গৱেষণা আৰু লেখাত আত্মনিয়োগ কৰে ৷

You might also like