নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মার্চৰ পৰা ৫০ বছৰ বয়সৰ ঊর্ধ্বৰ লোকক প্রদান কৰা হ’ব ভেকচিন

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ আগন্তুক মার্চ মাহৰ পৰা দেশৰ ৫০ বছৰ বয়সৰ উর্ধৰ নাগৰিকসকলক ক’ভিড–১৯ৰ ভেকচিন প্রদান কৰা হ’ব৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রী হর্ষবর্ধনে আজি এক সংবাদমেলত সদৰী কৰিছে এই তথ্য৷ ক’ভিড–১৯ প্রতিৰোধী যুদ্ধত স্বাস্থ্যখণ্ডই গ্রহণ কৰা ব্যৱস্থাৱলী প্রশংসাও কৰিছে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷

সংবাদমেলত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এই কথাও সদৰী কৰে যে দেশজোৰা লকডাউন তথা অকল্পনীয় প্রত্যাহ্বানৰ পৰিস্থিতি সত্ত্বেও ভাৰতে দুটাকৈ ভেকচিনৰ কাম কৰিবলৈ সক্ষম হৈছে৷ এতিয়ালৈকে দেশৰ ৮০ৰ পৰা ৮৫ শতাংশ ক’ৰোনা যোদ্ধাক ভেকচিন প্রদান কৰাৰ উপৰি প্রায় ২৫খন দেশলৈ ভেকচিন যোগান ধৰা বুলিও আজি সংবাদমেলত ঘোষণা কৰে স্বাস্থ্যমন্ত্রী হর্ষবর্ধনে৷

You might also like