নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাছান চৰলৈ ৰহিংগ্যা শৰণার্থীক প্রেৰণ কৰিব বাংলাদেশে

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ বাংলাদেশে ক’ক্স বাজাৰৰ পৰা ৰহিংগ্যা শৰণার্থীক ভাছান চৰলৈ প্রেৰণৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রায় ২০০০ শৰণার্থীক ঢাকা প্রশাসনে শীঘ্রে ভাছান চৰলৈ প্রেৰণ কৰিব৷ ভাছান চৰত শৰণার্থীসকলৰ বাবে উন্নত জীৱন যাপনৰ সকলো ব্যৱস্থা লৈছে চৰকাৰে৷ স্মর্তব্য যে ম্যানমাৰৰ পৰা সাত লক্ষাধিক ৰহিংগ্যা শৰণার্থীয়ে বাংলাদেশত আশ্রয় লৈছে৷ এই ৰহিংগ্যা মুছলমানসকলক বিশ্বৰ বিভিন্ন দেশে আশ্রয় দিবলৈ অস্বীকাৰ কৰিছে যদিও বাংলাদেশ, মালয়েছিয়া আদি দেশে মানৱীয় দৃষ্টিভংগীৰে শৰণার্থীসকলক আশ্রয় দিয়াৰ সিদ্ধান্ত লৈছে৷

বাংলাদেশত আহি উপস্থিত হোৱাৰ পিছৰে পৰা ৰহিংগ্যা শৰণার্থীসকলে যন্ত্রণাদায়ক পৰিস্থিতিৰ মুখামুখি হ’বলগীয়া হৈছে৷ এইক্ষেত্রত আন্তর্জাতিক সম্প্রদায়ৰ সমালোচনাৰো সন্মুখীন হ’বলগীয়া হৈছে  ঢাকা প্রশাসন৷ শেহতীয়াকৈ বংগোপসাগৰৰ ভাছান চৰত ৰহিংগ্যা শৰণার্থীসকলক ঢ়াকা প্রশাসনে আশ্রয়দান কৰাৰ সিদ্ধান্ত লৈছে যদিও আন্তর্জাতিক মানৱ অধিকাৰ সংগঠনসমূহে ইয়াৰ তীব্র প্রতিবাদ কৰিছে৷

You might also like