নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু–কাশ্মীৰত লস্কৰ তেহৰিকৰে জড়িত ২ সন্ত্রাসবাদীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ জম্মু–কাশ্মীৰৰ বাদগামত চলোৱা এক অভিযানত নিৰাপত্তা বাহিনীয়ে লস্কৰ–ঈ–তৈবা আৰু তেহৰিক–ঈ–মুজাহিদীন্ সৈতে জড়িত দুটা সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিছে৷ প্রাথমিক তদন্তৰ পিছত আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি পুলৱামা আৰু কুলগাম জিলাত গ্রেনেড বিস্ফোৰণৰ ঘটনাত জড়িত আছিল এই সন্ত্রাসবাদী দুটা৷ সেনাৰ ৫৩ ৰাষ্ট্রীয় ৰাইফলছ আৰু আৰক্ষীয়ে যৌথভাৱে চলোৱা অভিযানত গ্রেপ্তাৰ হোৱা এই সন্ত্রাসবাদী দুটা সমীৰ আহমেদ ইট্ট’ আৰু উৱেইড আমিন মল্লা বুলি চিনাক্ত কৰা হৈছে৷ লক্ষণীয়ভাৱে দুয়োটা সন্ত্রাসবাদীয়ে লস্কৰ–ঈ–তৈবা আৰু তেহৰিক–উল–মুজাহি নামত বেনাৰ, পোষ্টাৰ তথা পতাকা প্রস্তুত কৰি বিভিন্ন স্থানত বিতৰণ কৰিছিল৷ সন্ত্রাসবাদী দুটা গ্রেপ্তাৰ হোৱাৰ পিছত জম্মু–কাশ্মীৰত পাক সন্ত্রাসবাদী গোটৰ সাংগঠনিক ভেটি বিস্তাৰ হোৱাৰ তথ্য পোহৰলৈ আহিছে৷

You might also like