আলফাই অপহৰণ কৰা প্ৰণৱ কুমাৰ গগৈৰ গৃহত কান্দোনৰ ৰোল
নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ আজি উকলিব আলফাই অপহৰণ কৰা কুইপৰ বিষয়াৰ মুক্তিপণৰ চূড়ান্ত সময়সীমা। প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰৰ মুক্তি বিচাৰি আলফাই বিচাৰিছিল ২০ কোটি টকা। মুক্তিপণ আদায় নিদিলে বিষয়াদ্বয়ক হত্যা কৰা হ’ব বুলি চৰম সকিয়নি দিছিল আলফাৰ মুখ্য সেনাধক্ষ্য পৰেশ বৰুৱাই।
শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈৰ বাসগৃহত শুকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দোনত ভাগি পৰিছে প্ৰণৱ কুমাৰ গগৈৰ পিতৃ-মাতৃ আৰু সন্তান। নিৰ্দোষী প্ৰণৱ গগৈ আৰু ৰাম কুমাৰক মুকলি কৰি দিবলৈ হাতজোৰ কৰি পৰেশ বৰুৱালৈ জীৱন ভিক্ষা মাগিছে প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালে।