অবাঞ্ছিত অভিলেখ দেশত প্রথমবাৰৰ বাবে পেট্র’লৰ মূল্য ১০০ টকা অতিক্রম
ৰাজস্থান, মহাৰাষ্ট্র, মধ্যপ্রদেশত চেঞ্চুৰী কোবালে পেট্র’লৰ দামেঃ মুম্বাইত ৯৬ টকা, দিল্লীত ৮৯.৫৪ টকা
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ পেট্র’লৰ মূল্যবৃদ্ধিয়ে অনাকাংক্ষিত অভিলেখ গঢ়িলে৷ দেশত প্রথমবাৰৰ বাবে প্রতিলিটাৰ পেট্র’লৰ মূল্যই চেঞ্চুৰী মাৰিলে৷ অর্থাৎ প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০০ টকা অতিক্রম কৰিলে৷ বিগত ৯ দিন ধৰি পেট্র’লৰ মূল্য ধাৰাবাহিক বৃদ্ধি পাই আহিছে৷ দেশৰ প্রতিখন ৰাজ্যতেই প্রতিদিনে পইচা পইচাকৈ ইন্ধনৰ বিশেষকৈ পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ আছে৷ ৰাজহুৱা খণ্ডৰ ইন্ধনৰ পাইকাৰী কোম্পানীয়ে নির্ধাৰণ কৰি থকা পেট্র’ল আৰু ডিজেলৰ মূল্য আজি পুনৰ ২৫ পইচাকৈ বৃদ্ধি পোৱাত কেইবাখনো ৰাজ্যত প্রতিলিটাৰ পেট্র’লৰ মূল্যই ১০০ টকা অতিক্রম কৰিছে৷ প্রতিলিটাৰ পেট্র’লত ১০০ টকা অতিক্রম কৰা ৰাজ্যকেইখন হৈছে– ৰাজস্থান, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্র৷ ৰাজস্থানৰ শ্রীগংনগৰত আজি প্রতিলিটাৰ পেট্র’লৰ মূল্য ১০০.১৩ টকা৷ চহৰখনত প্রতিলিটাৰ ডিজেলৰ মূল্য ৯২.২৩ টকা৷ উল্লেখ্য যে ইন্ধনৰ মূল্য ৰাজ্যসমূহে প্রয়োগ কৰা স্থানীয় কৰ বিশেষকৈ ভেট আৰু পৰিবহণ মাচুলৰ ওপৰত নির্ভৰ কৰে৷ দেশৰ ভিতৰতে কংগ্রেছশাসিত ৰাজস্থানত সর্বাধিক ভেট আৰোপ কৰা হয়৷
মন কৰিবলগীয়া যে ৰাজস্থানে বিগত মাহত পেট্র’ল আৰু ডিজেলৰ ওপৰত ভেট ২ শতাংশ কর্তন কৰিছিল যদিও দেশৰ ইতিহাসত ৰাজস্থানত প্রথমবাৰৰ বাবে প্রতিলিটাৰ পেট্র’লৰ মূল্যই শ টকা অতিক্রম কৰিছে৷ আনপিনে শিৱসেনা–কংগ্রেছ–এন্ চি পিৰ মিত্রজোঁটৰ চৰকাৰ থকা মহাৰাষ্ট্রতো কেইবাটাও অঞ্চলত প্রতিলিটাৰ পেট্র’লৰ মূল্যই ১০০ টকা অতিক্রম কৰিছে৷ তেনেদৰে বিজেপিশাসিত মধ্যপ্রদেশৰ কেইখনমান চহৰত পেট্র’লৰ মূল্যই ১০০ টকা স্পর্শ কৰিছে৷ দেশৰ ৰাজধানী দিল্লীত প্রতিলিটাৰ পেট্র’লৰ মূল্য ৮৯.৫৪ টকা আৰু ডিজেলৰ মূল্য ৭৯.৯৫ টকা৷ তেনেদৰে মুম্বাইত পেট্র’ল ৯৬ আৰু ডিজেলৰ ৮৬.৯৮ টকা৷ উনুকিয়াব লাগিব যে কেন্দ্র আৰু ৰাজ্য চৰকাৰে পেট্র’লত ৬০ শতাংশ কৰ আৰোপ কৰাৰ বিপৰীতে প্রতিলিটাৰ ডিজেলত ৫৪ শতাংশতকৈ অধিক কৰ সংগ্রহ কৰি আছে৷ কেন্দ্রীয় চৰকাৰে প্রতিলিটাৰ পেট্র’লত আবকাৰী শুল্ক ৩২.৯০ টকা আৰু প্রতিলিটাৰ ডিজেলত ৩১.৮০ টকা সংগ্রহ কৰে৷ ২০২০ চনৰ মার্চৰ মাজভাগৰ পৰা আৰম্ভ হৈ এতিয়ালৈকে প্রতিলিটাৰ পেট্র’লত ১৯.৯৫ টকা আৰু প্রতিলিটাৰ ডিজেলত ১৭.৬৬ টকাকৈ বৃদ্ধি হৈছে৷ আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধি কিম্বা হ্রাস পোৱাক লৈ কেন্দ্রীয় চৰকাৰে কৰৰ হাৰ বৃদ্ধি কৰে৷