নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাণবজাৰ বিএছএনএলৰ কার্যালয়ত কর্মচাৰীৰ আমৰণ অনশন

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ নয়মিতভাৱে দৰমহা আদায় দিয়াৰ লগতে অন্যান্য দাবীৰ সমর্থনত আজি মহানগৰীৰ পাণবজাৰস্থিত বিএছএনএলৰ কার্যালয়ত বঞ্চিত কর্মচাৰীসকলে আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰে৷ অনশন কার্যসূচীত অংশগ্রহণ কৰা কর্মচাৰীসকলে জানিবলৈ দিয়া মতে বিভাগীয় কর্তৃপক্ষই যোৱা ছমাহ ধৰি কর্মচাৰীসকলৰ দৰমহা আদায় দিয়া নাই৷ তদুপৰি ২০১৭ চনৰ পৰা কর্মচাৰীসকলৰ সংশোধিত দৰমহা বন্ধ কৰি ৰখা হৈছে৷ ইপিনে, ক’ৰোনা মহামাৰীৰ দোহাই দি বিএছএনএল কর্তৃপক্ষই কর্মচাৰী আৰু অৱসৰ গ্রহণ কৰাসকলৰ স্বাস্থ্য মাচুল আদায় দিয়াৰ পৰা বিৰত আছে৷ লক্ষণীয়ভাৱে লেণ্ডলাইন আৰু ব্রডবেণ্ড সম্পূর্ণ ব্যক্তিগতকৰণ কৰাৰ উপৰি মজদুৰসকলক বিএছএনএল কর্তৃপক্ষই কাম কৰাৰ সুবিধাৰ পৰা বঞ্চিত কৰিছে৷ সেয়েহে উপৰিউক্ত সমস্যা সমাধানৰ লগতে নিয়মীয়াকৈ কর্মচাৰীসকলৰ দৰমহা আদায়ৰ দাবীত কর্মচাৰীসকলে আজি আমৰণ অনশন কার্যসূচী ৰূপায়ণ কৰা বুলি ভুক্তভোগী বিজয় ডেকাই জানিবলৈ দিছে৷

You might also like