নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালালাক পুনৰ হত্যাৰ ভাবুকি তালিবানৰ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ ন’বেল শান্তি বঁটা বিজয়ী পাকিস্তানী তৰুণী মালালা ইউছুফজাইক টুইটাৰযোগে পুনৰ হত্যাৰ ভাবুকি দিছে তেহৰিক–ই–তালিবান পাকিস্তান (টিটিপি)ৰ প্রাক্তন মুখপাত্র এহছানুল্লা এহছানে৷ ২০১২ চনত এহছানে মালালা ইউছুফজাইক গুলীওৱাৰ দায়িত্ব স্বীকাৰ কৰিছিল৷ কালি টুইটাৰযোগে সন্ত্রাসবাদীটোৱে মালালাক পুনৰ হত্যাৰ ভাবুকি দি কৈছে যে এইবাৰ কোনো ধৰণৰ ভুল হোৱাৰ প্রশ্ণই নুঠে৷ এই ঘটনাৰ পিছতে ইউছুফজায়ে পাকিস্তানৰ সেনা আৰু দেশখনৰ প্রধানমন্ত্রী ইমৰান খানৰ বিৰুদ্ধে কঠোৰ মন্তব্য আগবঢ়াইছে৷ এহছানৰ টুইটাৰ পোষ্টৰ পিছতে মালালা ইউছুফজায়ে পাক প্রধানমন্ত্রী ইমৰান খান আৰু দেশখনৰ সেনাক জগৰীয়া কৰি কেনেদৰে তেওঁক গুলীওৱা কুখ্যাত সন্ত্রাসবাদী এটাই পলায়ন কৰিবলৈ সক্ষম হ’ল বুলি প্রশ্ণৰ অৱতাৰণাও কৰিছে৷ ইউছুফজায়ে টুইটাৰ পোষ্টত উল্লেখ কৰে যে এহছানে অকল তেওঁৰ ওপৰতেই নহয়, বহু নিৰীহ লোকৰ ওপৰত আক্রমণ চলাইছিল৷ বহু নিৰীহ লোকক হত্যা কৰা সন্ত্রাসবাদীক ইমৰান খান চৰকাৰে ৰক্ষণাবেক্ষণ দিয়া বুলিও মালালাই অভিযোগ কৰে৷

You might also like