নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিৰ যুৱ নেত্ৰী পামেলা গোস্বামীৰ গাড়ীত কোকেইন, গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰীঃ পশ্চিমবংগ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক আৰু ৰাজ্যখনৰ হুগলী জিলা পৰ্যবেক্ষক পামেলা গোস্বামীক মাদক দ্ৰব্য কোকেইনৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।

পামেলাক আজি দুপৰীয়া কলকাতাৰ নিউ আলিপুৰ অঞ্চলৰ পৰা কেইবালাখ টকাৰ কোকেইনৰ সৈতে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। ইয়াৰ লগতে বিজেপি নেতা প্ৰবীৰ দে’কো তেওঁৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে।

আৰক্ষী সূত্ৰে জানিব পৰা মতে, দুয়োজনে এখন গাড়ীত গৈ আছিল। পামেলাৰ পৰা ১০০ গ্ৰাম কোকইন উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে দাবী কৰিছে যে ইয়াৰ বজাৰ মূল্য কেইবালাখ টকা হ’ব।

অৱশ্যে বিজেপিৰ সৈতে পামেলাৰ সম্পৰ্ক অতি পুৰণি নহয়। তেওঁ শেহতীয়াকৈ বিজেপিৰ যুৱ মৰ্চাৰ ৰাজনৈতিক কাৰ্যসূচীত সক্ৰিয় ভূমিকা পালন কৰি আছিল। পশ্চিমবংগৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এই ঘটনা বিশেষভাৱে চৰ্চিত হৈছে।

You might also like