ৰোগাক্রান্ত ১,৫০৯টি শিশু অভিভাৱকলৈ ৫০ হাজাৰ টকাকৈ অনুদান
স্বাস্থ্যখণ্ডক আর্তজনৰ দুৱাৰডলিলৈ লৈ যাবলৈ সক্ষম হৈছোঁঃ ড০ শর্মা
নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ চেৰিব্রেল পালছী ৰোগত আক্রান্ত ৰাজ্যৰ ১,৫০৯টি শিশু আৰু পিতৃ–মাতৃৰ ওচৰত থিয় হৈছে অসমৰ স্বাস্থ্য বিভাগ৷ অসহায় পৰিয়ালৰ এই শিশুসকলৰ চিকিৎসাৰ লগতে তেওঁলোকৰ পৰিয়ালক আর্থিকভাৱে সহায় আগবঢ়োৱাৰ অর্থে আজি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁলোকৰ হাতত তুলি দিলে ৫০ হাজাৰ টকাৰ এককালীন সাহায্য৷ ৰাজ্য চৰকাৰৰ স্নেহস্পর্শ আঁচনিৰ অধীনত আজি এই ৰুগীয়া শিশুসকলৰ সহায়ৰ বাবে আর্থিক অনুদান প্রদান কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ ঘোষণা– যোৱা পাঁচটা বছৰত স্বাস্থ্য বিভাগক আর্তজনৰ দুৱাৰডলিলৈ নিবলৈ সক্ষম হৈছোঁ৷ স্বাস্থ্য বিভাগৰ স্নেহস্পর্শ আঁচনিৰ জৰিয়তে অসমৰ যি মমতাময় চৰিত্র, তাক আজি বিশ্বৰ ওচৰত আমি দাঙি ধৰিবলৈ সক্ষম হৈছোঁ৷ দেশৰ কোনো ৰাজ্যই নকৰা এনে দৃষ্টান্তমূলক আঁচনিসমূহৰ জৰিয়তে অসমে মমতাময় আৰু প্রেৰণাময় চৰিত্রৰ প্রতিফলন ঘটাব পাৰিছে৷
উল্লেখ্য যে ‘নিউজ লাইভ’ৰ ‘আশাঃ নৱজীৱনৰ প্রয়াস’ নামৰ অনুষ্ঠানটোৰ জৰিয়তে চিনাক্ত হোৱা ৰাজ্যৰ বহু চেৰিব্রেল পালছী ৰোগত আক্রান্ত শিশুক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়াব বুলি স্বাস্থ্যমন্ত্রী ড০ শর্মাই ঘোষণা কৰিছিল৷ সেই ঘোষণা অনুসৰিয়েই স্নেহস্পর্শ আঁচনিৰ জৰিয়তে স্বাস্থ্য বিভাগে প্রায় ২,০০০ শিশুৰ মাজৰ পৰা বিভিন্ন পৰীক্ষাৰ অন্তত ১,৫০৯টি শিশুক পঞ্জীয়ন কৰাই তেওঁলোকক বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হয়৷ উল্লেখ্য যে চেৰিব্রেল পালছী ৰোগত আক্রান্ত শিশুক বিশেষ যন্ত্রৰে চিকিৎসা কৰা প্রয়োজন৷ আর্থিকভাৱে অভাৱগ্রস্ত এই ১,৫০৯টি শিশুৰ অভিভাৱকক ইয়াৰ বাবে পূর্বে দিয়া প্রতিশ্রুতি অনুসৰি প্রদান কৰা হয় ৫০ হাজাৰ টকাকৈ আর্থিক অনুদান৷ ইয়াৰ লগতে শিশু ৰোগীৰ পিতৃ–মাতৃক তিনি মাহলৈ ২,৫০০ টকাকৈ প্রদান কৰাৰ যি প্রতিশ্রুতি দিয়া হৈছিল, সেই অনুসৰিয়েই আজি স্বাস্থ্যমন্ত্রীগৰাকীয়্ প্রতিগৰাকী শিশুৰ পিতৃ–মাতৃক প্রথম কিস্তিৰ ২,৫০০ টকা বেংক একাউণ্টৰ জৰিয়তে জমা কৰে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্রেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাই ভাষণ প্রদান কৰি কয়– স্নেহস্পর্শ আঁচনি কাৰোবাক টকা দিয়া আঁচনি নহয়৷ প্রতিমুহূর্তত অভিভাৱকৰ লগত থাকি বহিঃৰাজ্যলৈ লৈ গৈ শিশুটিক সুস্থ কৰি অনাই এই মমতাময়ী আঁচনিখনৰ মূল লক্ষ্য৷ ২০১৩ চনত এই উদ্দেশ্যে আৰম্ভ কৰা স্নেহস্পর্শ আঁচনিয়ে ইয়াৰ পাছৰ তিনিটা বছৰত বিশেষ সফলতা লাভ কৰা নাছিল যদিও ২০১৬ চনৰ পৰাই এই আঁচনিখন দুখীয়া তথা মধ্যবিত্ত পৰিয়ালৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা চলোৱা হয়৷ স্বাস্থ্য বিভাগে ২০১০ চনৰ পৰাই কণ কণ শিশুসকলৰ জীৱনলৈ পৰিৱর্তন অনাৰ বাবে প্রয়াস অব্যাহত ৰাখিছে৷ এই দীঘলীয়া কার্যসূচীয়ে আজি এক নতুন মাত্রা দিলে৷
২০১০ চনত স্বাস্থ্য বিভাগে হূদযন্ত্রত ফুটা থকা শিশুক বাংগালুৰুলৈ নি বিনামূলীয়া অস্ত্রোপচাৰৰ ব্যৱস্থা কৰিছিল৷ প্রথম পর্যায়ত ২২টি শিশুক সুকলমে এনেদৰে অস্ত্রোপচাৰ কৰি সুস্থ কৰা হৈছিল৷ সেয়া আছিল আৰম্ভণি৷ বিভাগে এতিয়ালৈ ৮,১০০টি শিশুৰ জীৱনলৈ এই বিনামূলীয়া চিকিৎসাৰ জৰিয়তে আনন্দ ওভতাই আনিবলৈ সক্ষম হৈছে৷ এই আঁচনি এতিয়া অনুষ্ঠানলৈ পর্যবসিত হৈছে৷ বর্তমানৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল অথবা স্বাস্থ্যমন্ত্রী থাকক বা নাথাকক, এই আঁচনিৰ দ্বাৰা প্রতিটো অসুস্থ শিশুৱে চিকিৎসা লাভ কৰিব৷ হূদযন্ত্রৰ ফুটাৰ অস্ত্রোপচাৰৰ পাছতেই স্বাস্থ্য বিভাগে ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ সহযোগত আৰম্ভ কৰিছিল ‘মিছন স্মাইল’৷ ইয়াৰ জৰিয়তে ফটা ওঁঠ আৰু ফটা তালুৰ সমস্যাত ভোগা শিশুক সুস্থ কৰাৰ প্রচেষ্টা চলোৱা হৈছে৷ এই শিশুসকলৰ জীৱনৰ ছন্দ ওভতাই আনিবলৈ স্বাস্থ্য বিভাগে লোৱা এনে প্রচেষ্টাৰ ফলতেই ১৮,৪৪১টি শিশুক অস্ত্রোপচাৰ কৰি তেওঁলোকৰ জীৱনলৈ পৰিৱর্তন আনিবলৈ সক্ষম হৈছে৷ এনেধৰণৰ ৰোগৰ পৰা শিশুসকলক সুস্থ কৰাৰ সময়তে একাংশ শিশু থেলাছেমিয়া আৰু ব্লাড কেঞ্চাৰ ৰোগত আক্রান্ত হোৱাটো চিনাক্ত হৈছে৷ বহু শিশুৰ অভিভাৱকে এই ৰোগ সম্পর্কে একো নাজানে৷ বহু সময়ত চিকিৎসকে তেওঁলোকক এই ৰোগৰ চিকিৎসা ব্যয়বহুল হোৱা বাবে ৰোগটোৰ বিষয়ে বিস্তৃতভাৱে একো নকয়৷ কিন্তু ৰাজ্য চৰকাৰে এই অসহায় পৰিয়ালৰ ওচৰত থিয় দি অস্থিমজ্জা সংৰোপণৰ জৰিয়তে দেশৰ আগশাৰীৰ চিকিৎসালয়ত চিকিৎসাৰ ব্যৱস্থা কৰে৷ ইয়াৰ জৰিয়তে অসহায় পিতৃ–মাতৃক সাত্ব্ন্না দিয়াৰ সমান্তৰালকৈ আক্রান্ত শিশুটিক সুস্থ কৰি তোলাত স্বাস্থ্য বিভাগে সকলো ধৰণৰ ব্যৱস্থা কৰি আহিছে৷ মন কৰিবলগীয়া যে স্নেহস্পর্শ আঁচনিৰ জৰিয়তে এতিয়ালৈ ৫৬০টি শিশু ৰোগীয়ে ৰাজ্যৰ বাহিৰত তথা অসমত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰিছে৷ বহিঃৰাজ্যলৈ চিকিৎসাৰ বাবে নিয়া ৰোগীৰ লগতে অভিভাৱককো অহা–যোৱা, থকা–খোৱাৰ বিনামূলীয়া ব্যৱস্থা কৰি দিছে স্বাস্থ্য বিভাগে৷
অস্থিমজ্জা সংৰোপণ, যকৃৎ সংৰোপণ, বৃক্ক সংৰোপণ, জন্মগত স্নায়ুৰোগ, চেৰিব্রেল পালছী এই ৰোগসমূহ বিনামূলীয়াকৈ এই আঁচনিৰ জৰিয়তে চিকিৎসা প্রদান কৰা হয়৷ অনুষ্ঠানত স্বাস্থ্য বিভাগে ৰাজ্যৰ প্রতিটো শিশু তথা অভিভাৱকৰ ওচৰত থিয় দি দেখুৱাই অহা মমতাময় চৰিত্রৰ উচ্চ প্রশংসা কৰি স্বাস্থ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত কয়– যোৱা চাৰে চাৰিটা বছৰত অটল অমৃতেই হওক, আয়ুস্মান ভাৰতেই হওক, বিনামূলীয়া কিডনী ডায়েলাইছিছৰ চিকিৎসাই হওক, বিনামূলীয়া এক্স–ৰে’, চিটি স্কেনৰ জৰিয়তেই হওক, বিনামূলীয়া ম’বাইল ক্লিনিকৰ জৰিয়তেই হওক, অসমৰ স্বাস্থ্য ক্ষেত্রত আমি এক নীৰৱ পৰিৱর্তন আনিবলৈ সক্ষম হৈছোঁ৷ জননী সুৰক্ষা যোজনাৰ পৰা আৰম্ভ কৰি চাহ বাগিচাৰ মাতৃগৰাকীৰ জীৱনলৈ আমি তেওঁলোকৰ প্রয়োজনৰ সময়ত তেওঁলাকৰ ওচৰত থিয় হ’বলৈ সক্ষম হৈছোঁ৷ আজি অসমৰ চুকে–কোণে সিঁচৰতি হৈ স্থাপন হোৱা চিকিৎসা মহাবিদ্যালয়সমূহে স্বাস্থ্যখণ্ডৰ বিজয় যাত্রাক আমাৰ সমাজখনৰ ওচৰত অতি স্পষ্টভাৱে প্রতিষ্ঠা কৰিবলৈ সক্ষম হৈছে৷ আজি আমাৰ চিকিৎসাৰ জগতখনলৈ আমি দৃষ্টান্তমূলকভাৱে পৰিৱর্তন আনিব পাৰিছোঁ আৰু মই বিশ্বাস কৰোঁ অসমৰ স্বাস্থ্যখণ্ডৰ এই জয়যাত্রা অনন্ত কাললৈ অব্যাহত থাকিব৷ মন কৰিবলগীয়া যে শুকুৰবাৰৰ দিনটোতে স্বাস্থ্যমন্ত্রী ড০ শর্মাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জি এম চি এইচ) ১৬ কোটি টকা ব্যয় সাপেক্ষে ৰেডি’লজী বিভাগত তিনিটা টেচলা এম আৰ আই যন্ত্রৰ শুভ উদ্বোধন কৰে৷ তদুপৰি জি এম চি এইচৰ শল্য চিকিৎসা বিভাগত ১৪খন বিছনাযুক্ত এটা আই চি ইউ আৰু চিকিৎসা মহাবিদ্যালয়খনৰ বহিঃবিভাগৰ বৃক্ক ৰোগীৰ ডায়েলাইছিছৰ বাবে ১০খন বিছনাযুক্ত এটা ডায়েলাইছিছ ইউনিটৰো শুভাৰম্ভ কৰে৷ মন্ত্রীগৰাকীয়ে এই সন্দর্ভত কয় যে জি এম চি এইচত ছুপাৰ স্পেচিয়েলিটী হাস্পতালৰ কার্ডি’লজী আৰু নিউৰ’লজী বিভাগক অত্যাধুনিক ৰূপত সজাই–পৰাই তোলাৰ কাম অহা ছমাহৰ ভিতৰত সম্পন্ন হ’ব৷ আনহাতে, যোৱা পাঁচটা বছৰত জি এম চি এইচৰ অভাৱনীয় পৰিৱর্তন অহা বুলি উল্লেখ কৰি তেওঁ কয়– যোৱা পাঁচটা বছৰত নতুন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল, কেঞ্চাৰ হাস্পতাল, দ্বিতীয়খন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু নতুন সা–সৰঞ্জামৰ সংযোজনেৰে আমি জি এম চি এইচক যিকোনো চিকিৎসালয়ৰ লগত প্রতিযোগিতা কৰিব পৰা পর্যায়লৈকে লৈ গৈছোঁ৷