নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিত্রজোঁটক সংগী কৰি ১০০ প্লাছ আসন দখলৰ ৰণকৌশল বিজেপিৰ

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ  নিজাববীয়াকৈ একক সংখ্যাগৰিষ্ঠতাৰ পৰিৱর্তে বিজেপিয়ে মিত্রদলক লগত লৈ ১০+ আসন দখলৰ নতুন ৰণকৌশল প্রস্তুত কৰিছে৷ শুকুৰবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত আয়োজিত দলৰ ক’ৰ কমিটীৰ বৈঠকত এই সন্দর্ভত অনুষ্ঠিত হয় বিস্তৃত আলোচনা৷ অসমলৈ অহা নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰ, ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডা, মুখ্যমন্ত্রী সোণোৱালৰ লগতে ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্রনাথ শর্মাৰ উপস্থিতিত আজি নির্বাচন সন্দর্ভত প্রস্তুত কৰা হয় এলানি বিশেষ ৰণকৌশল৷ মুখ্যতঃ নতুনকৈ গঠন হোৱা অজাপ, ৰাইজৰ দলে যাতে ফ্লটিং ভোট বিজেপিৰ পৰা কাঢ়ি নিব নোৱাৰে, সেই সন্দর্ভত প্রস্তুত কৰা হয় বিশেষ ৰণকৌশল৷

ৰাজ্যিক বিজেপিৰ সূত্রই জানিবলৈ দিয়া মতে, ক’ৰ কমিটীৰ এই বৈঠকত অসমলৈ অহা নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰক দলৰ নির্বাচনী প্রস্তুতি সন্দর্ভত শুকুৰবাৰে মুখ্যমন্ত্রী সোণোৱাল, বিত্তমন্ত্রী ড০ শর্মা, সভাপতি ৰঞ্জিত দাস আৰু সাংগঠনিক সম্পাদক ফণীন্দ্রনাথ শর্মাই বিস্তৃিত তথ্য প্রদান কৰে৷ এই বৈঠকতে ৰাজ্যিক প্রভাৰী বৈজয়ন্ত জয় পাণ্ডাই উজনি অসম আৰু মধ্য অসমৰ কেইবাটাও সমষ্টিত বিজেপিয়ে কি ধৰণে নির্বাচনত আগুৱাব লাগিব, সেই সম্পর্কেও কিছু তথ্য প্রকাশ কৰে৷ সূত্রটোৱে প্রকাশ কৰা মতে, বিজেপিয়ে নিজাববীয়াকৈ একক সংখ্যাগৰিষ্ঠতাৰ লক্ষ্য লোৱাৰ পৰিৱর্তে মিত্রদল অগপ আৰু ইউ পি পি এলক লগত লৈহে ১০০+ আসন দখলৰ অভিযানত নামি পৰাৰ এক বিশেষ কৌশল এই বৈঠকত প্রস্তুত কৰা হৈছে৷ সূত্রটোৰ মতে অগপ আৰু ইউ পি পি এলৰ সমর্থক যাতে নতুন দলৰ শিবিৰলৈ নাযায়, সেই বিষয়টোক লক্ষ্য কৰিয়েই বিজেপিয়ে মিত্রদল দুটাক লগত লৈ নির্বাচনত আসন দখলৰ পৰিকল্পনা কৰিব৷ আজিৰ বৈঠকত পৃষ্ঠাপ্রমুখৰ ভূমিকা সন্দর্ভতো আলোচনা হয়৷ নির্বাচনী প্রভাৰী নৰেন্দ্র সিং টোমৰে পৃষ্ঠাপ্রমুখসকলক অধিক সক্রিয় কৰাৰ লগতে প্রতিটো কেন্দ্রৰ প্রতিজন ভোটাৰক যাতে পৃষ্ঠাপ্রমুখে সাক্ষাৎ কৰে, তাৰ বাবেও ৰাজ্যিক বিজেপিক বিশেষ নির্দেশনা দিয়ে৷

You might also like