পাক–ভাৰত সীমান্তত ৫০ কোটি টকা মূল্যৰ হেৰ’ইন জব্দ বিএছএফৰ
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ সীমা সুৰক্ষা বাহিনী (বিএছএফ)য়ে আজি ভাৰত–পাক সীমান্তত ১০ কিলোগ্রাম হেৰ’ইন জব্দ কৰিছে৷ পাকিস্তানৰ পৰা অহা এই বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্রীৰ মূল্য ৫০ কোটি টকা হ’ব বুলি উল্লেখ কৰিছে বিএছএফৰ এটা সূত্রই৷
স্মর্তব্য যে ঘন কুঁৱলীৰ সুযোগ লৈ পুৱাৰ ভাগতে বিএছএফৰ ১৯ বেটেলিয়নৰ তালাচী চকীৰ সমীপৰে এই বৃহৎ পৰিমাণৰ হেৰ’ইন অবৈধভাৱে ভাৰতলৈ সৰবৰাহৰ চেষ্টা চলাইছিল৷ বিএছএফৰ জোৱানে ড্রাগ্ছ সৰবৰাহকাৰীৰ অৱস্থান নিশ্চিত কৰিবলৈ সক্ষম হয়৷ কিন্তু বিএছএফে অপৰাধীক কৰায়ত্ত কৰাৰ ব্যৱস্থা গ্রহণৰ পূর্বে কুঁৱলীৰ সুযোগ লৈ অপৰাধীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷
অৱশ্যে ১০ কিলোগ্রাম হেৰ’ইন অপৰাধীয়ে পেলাই থৈ যায়৷ পৰৱর্তী সময়ত পঞ্জাব আৰক্ষী আৰু বিএছএফে অভিযান চলাই সন্দেহজনক দুজন লোকক গ্রেপ্তাৰ কৰিছে৷