ছয়গাঁৱত চি আই টি ইউৰ শ্ৰমিক সমাৱেশ
নিয়মীয়া বার্তা, ২১ ফেব্রুৱাৰীঃ চি আই টি ইউৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত আজি দিনৰ প্ৰায় ১১.৩০ বজাত চম্পকনগৰ (চণ্ডিকা গেট)ত এখনি শ্ৰমিক সমাৱেশ অনুষ্ঠিত হয় । বিজেপি চৰকাৰৰ শ্ৰম সংস্কাৰ বন্ধ কৰা, কৃষি আইন বাতিল, নিবনুৱা যুৱক-যুৱতীৰ স্বাৰ্থ বিৰোধী নীতিৰ পৰিৱৰ্তন, বিদ্যুৎ খণ্ড ব্যক্তিগতকৰণৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰা আৰু আচনিভূক্ত কৰ্মচাৰীক সংশ্লিষ্ট বিভাগৰ নিয়মীয়া কৰ্মচাৰীৰ স্বীকৃতি প্ৰদান কৰাৰ দাবীত আজিৰ এই শ্ৰমিক সমাৱেশ অনুষ্ঠিত হয়।
চি আই টি ইউ ৰ দক্ষিণ কামৰূপ জিলাৰ সভাপতি মদন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এই সমাৱেশত চি আই টি ইউৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা, অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী সহায়িকা সন্থাৰ সাধাৰণ সম্পাদিকা তথা চি আই টি ইউৰ নেতৃ কমৰেদ ইন্দিৰা নেৱাৰ, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদিকা কণকলতা দাসৰ উপৰিও চি আই টি ইউৰ জিলা নেতৃবৃন্দ সমাৱেশত উপস্হিত থাকে । দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলৰ কৃষক শ্ৰমিকে অংশগ্ৰহণ কৰা এই সমাৱেশৰ আৰম্ভণিতে দিল্লীত চলি থকা কৃষক আন্দোলনত মৃত্যু হোৱা কৃষক সকলৰ আত্মাৰ শান্তিৰ বাবে শোক প্ৰকাশ কৰে ।