নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৪ ঘণ্টাত ভাৰতত ক’ৰোনাত আক্রান্ত ১৪,১৯৯

নিয়মীয়া বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ দেশত ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ আশংকা ঘনীভূত হৈছে৷ ইতিমধ্যে মহাৰাষ্ট্র আৰু কেৰালাত পুনৰ সংক্রমণে সংহাৰী ৰূপ ধাৰণ কৰিছে৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰা অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ১৪,১৯৯গৰাকী লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷

ইফালে, এই সময়ছোৱাত মহামাৰীত আক্রান্ত হৈ প্রাণ হেৰুৱাইছে ৮৩গৰাকী লোকে৷ ইতিমধ্যে ক’ভিড আক্রান্ত লোকৰ সংখ্যাই ১ কোটি ১০ লাখ অতিক্রম কৰিছে৷ অৱশ্যে ইয়াৰে ১ লাখ ৫০ হাজাৰ লোকহে এতিয়াও চিকিৎসাধীন হৈ আছে৷ অর্থাৎ এই এক লাখ ৫০ হাজাৰ লোকক ক’ভিড আক্রান্ত হিচাপে চিহ্ণিত কৰিছে চৰকাৰে৷

You might also like