ইৰাকৰ বিধ্বস্ত মছুলৰ গির্জাত প্রার্থনাত অংশ ল’ব পোপ ফ্রান্সিচে
নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ ইছলামিক ষ্টেটৰ নিয়ন্ত্রণলৈ যোৱাৰ সময়ত বিধ্বস্ত হোৱা ইৰাকী চহৰ মছুলৰ কেইবাটাও ভগ্ণ গির্জা পৰিদর্শন কৰিব কেথ’লিক খ্রীষ্টানৰ মুৰব্বী পোপ ফ্রান্সিচে৷ মছুলৰ হোছ আল–বিয়া নামৰ গির্জাটোত প্রার্থনাটো অংশ ল’ব পোপে৷
উল্লেখনীয় যে ৫ মার্চত চাৰিদিনীয়া ভ্রমণসূচীৰে ইৰাকত উপস্থিত হ’ব পোপ ফ্রান্সিচে৷ ইছলামিক ষ্টেটে নিয়ন্ত্রণ কৰাৰ সময়ত ইৰাকৰ এই চহৰখনৰ গির্জাসমূহৰ ক্ষতিসাধন কৰা হৈছিল৷ মছুল হৈছে বাইবেল বর্ণিত চহৰ ‘নিনেভেহ’ৰ সমীপৱর্তী অঞ্চল৷
এই অঞ্চলটোত আছে চাৰিটা প্রাচীন গির্জা৷ ইৰাকত এসময়ত খ্রীষ্টান সম্প্রদায়ৰ লোকৰ প্রভুত্ব আছিল৷ ২০১৪ৰ পৰা ২০১৭ৰ ভিতৰত এই গির্জাসমূহৰ ক্ষতিসাধন কৰে ইছলামিক ষ্টেটে৷ সভ্যতাৰ সকলো স্মাৰক ধ্বংস কৰাৰ বাবে চেষ্টা চলাইছিল কুখ্যাত জেহাদী সংগঠনটোৱে৷
ভেটিকান চিটীৰ পৰা সদৰী কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে পোপ ফ্রান্সিচে বিধ্বস্ত ইৰাকত এক আশাৰ বার্তা দিবলৈ চেষ্টা চলাব৷ জনসাধাৰণৰ মাজত পোপ ফ্রান্সিচে প্রেম আৰু ভাতৃত্ববোধৰ বাণী বিলাবলৈ চেষ্টা চলাব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে৷
স্মর্তব্য যে কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটে ইৰাক আৰু ছিৰিয়াত খ্রীষ্টান সম্প্রদায়ৰ লোকসকলৰ ওপৰত অমানৱীয় নির্যাতন চলাইছিল৷