এইচআইভি আক্রান্ত মহিলাসকলো হ’ব পাৰে আমাৰ সম্পদ
নিয়মীয়া বাৰ্তা ২ মাৰ্চঃ সমাজত অৱহেলিত আৰু বৈষম্যৰ বলি হৈ অহা এইচ আই ভি ৰোগত আক্রান্ত মহিলা, শিশু তথা তৃতীয় লিংগৰ লোকসকলক অন্যান্য লোকসকলৰ দৰে জীয়াই থকাত প্রেৰণা দিয়াৰ উদ্দেশ্যে মহানগৰীত আজি ‘জিৰ’ ডিছক্রিমিনেচন ডে’–২০২১’ উদ্যাপন কৰা হয়৷ স্বেচ্ছাসেৱী সংগঠন ‘সদিচ্ছা’ৰ উদ্যোগত আৰু অসম নেটৱর্ক অৱ পজিটিভ পিপলৰ সহযোগত মহানগৰীৰ হোটেল গেটৱে’ গ্রেণ্ডি’ৰত এই দিৱস পালন কৰা হয়৷ এই দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম চৰকাৰৰ অৱসৰপ্রাপ্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই বন্তি প্রজ্বলন কৰি অনুষ্ঠানটোৰ কার্যসূচী শুভাৰম্ভ কৰে৷ অনুষ্ঠানটোৰ কার্যসূচী শুভাৰম্ভ কৰি কুমাৰ সঞ্জয় কৃষ্ণই কয়– এইচ আই ভি ৰোগত আক্রান্ত মহিলা, শিশু তথা তৃতীয় লিংগৰ লোকসকলো আমাৰ সমাজৰে একো একোটা অংশ৷ আন মানুহৰ দৰেই তেওঁলোকৰো সমাজত মর্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ আছে৷ গতিকে এইচ আই ভি আক্রান্ত মহিলা, শিশু আৰু তৃতীয় লিংগৰ লোকসকলক বৈষম্যৰ দৃষ্টিৰে চোৱা উচিত নহয়৷ কোনো মানুহে নিজৰ ইচ্ছাত এইচ আই ভি ৰোগত আক্রান্ত হ’ব নিবিচাৰে৷ সেইদৰে তৃতীয় লিংগৰ লোকসকলেও তৃতীয় লিংগৰ লোক হিচাপে জন্ম হ’ব নিবিচাৰে৷ এইসকল লোকক বৈষম্যৰ দৃষ্টিৰে চোৱা উচিত নহয়৷ মানুহে লাহে লাহে এই কথা বুজি উঠিছে৷ এইচ আই ভিত আক্রান্ত শিশুসকলক ৰাখিবৰ বাবে কষ্টৰী শিশু গৃহ মুকলি কৰি অসম নেটৱর্ক অৱ পজিটিভ পিপল নামৰ অনুষ্ঠানটোৱে মহান কাম কৰিছে৷ আনহাতে, এনেধৰণৰ অনুষ্ঠানৰ আয়োজন কৰি সদিচ্ছা, অসম নেটৱর্ক অৱ পজিটিভ পিপল আৰু অসম সেৱা সমিতিয়ে প্রশংসনীয় কাম কৰিছে৷ মই অনুষ্ঠানকেইটাৰ উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ৷ অনুষ্ঠানত সদিচ্ছাৰ উদ্যোগত আৰু অসম সেৱা সমিতিৰ সহযোগত অসম নেটৱর্ক অৱ পজিটিভ পিপলৰ অন্তর্গত কষ্টৰী শিশু গৃহৰ শিশুসকলে প্রস্তুত কৰা হস্তকলাৰ প্রদর্শনীৰ ব্যৱস্থা কৰা হয়৷
এই প্রদর্শনী উদ্বোধন কৰি অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কয়– এইচ আই ভি আক্রান্ত লোকসকল অস্পৃশ্য নহয়৷ এই কথাটো মানুহৰ মাজলৈ লৈ যোৱাটো খুবেই দৰকাৰী৷ এই বিষয়টোক লৈ মানুহৰ মাজত লাহে লাহে জনজাগৰণ হৈছে যদিও এতিয়াও বহু বাকী আছে৷ বহু মানুহে অদ্ভূত ধৰণৰ বশৱর্তী হৈ এই লোকসকলক বেলেগ ধৰণে চাব বিচাৰে৷ এয়া অত্যন্ত দুর্ভাগ্যজনক৷ এইচ আই ভি আক্রান্ত শিশু, মহিলা আৰু তৃতীয় লিংগৰ লোকসকলকো মানুহে মৰমেৰে আঁকোৱালি ল’ব লাগে৷ তেওঁলোকো আমাৰ সম্পদ হ’ব পাৰে৷ সেয়ে তেওঁলোকৰ প্রতি সদিচ্ছা জনাব লাগে৷ এইক্ষেত্রত আজিৰ অনুষ্ঠানটোত জড়িত উদ্যোক্তাসকলে অপূর্ব কাম কৰিছে৷ অনুষ্ঠানত অসম নেটৱর্ক অৱ পজিটিভ পিপলৰ সভাপতি তথা সমাজকর্মী জাহ্ণৱী গোস্বামীয়ে ভাষণ দিয়ে৷ এগৰাকী এইচ আই ভি আক্রান্ত মহিলা হিচাপে জীৱনত লাভ কৰা তিক্ত অভিজ্ঞতাৰ কথা দুখেৰে উল্লেখ কৰে৷ তেওঁ কয়– এইচ আই ভি আক্রান্ত লোকসকল সদায় বৈষম্যৰ বলি হৈ আহিছে৷ এইক্ষেত্রত মই আনকি হাস্পতালতো চিকিৎসক, চিকিৎসা কর্মীসকলৰ বৈষম্যৰ বলি হৈছিলোঁ৷ এই বৈষম্য তেতিয়াও আছিল আৰু এতিয়াও আছে৷ অৱশ্যে এতিয়া পূর্বতকৈ কিছু কমিছে৷ উল্লেখ্য যে এনে বৈষম্য দূৰ কৰাৰ বাবেই তথা এইচ আই ভিত আক্রান্ত হৈ অৱহেলিত তথা বৈষম্যৰ বলি হোৱা শিশুসকলক ৰখাৰ বাবে অসম নেটৱর্ক অৱ পজিটিভ পিপল গঠন কৰাৰ কথা জাহ্ণৱী গোস্বামীয়ে উল্লেখ কৰে৷ উল্লেখ্য যে কষ্টৰী শিশু গৃহ হিচাপে পৰিচিত শিশু গৃহত বর্তমান ২১টা এইচ আই ভি আক্রান্ত শিশু আছে৷ সদিচ্ছাৰ সদস্য ময়ূৰী দত্তই আঁত ধৰা অনুষ্ঠানত অনুষ্ঠানটোৰ সভাপতি মনালিছা বৰুৱাই অসম নেটৱর্ক অৱ পজিটিভ পিপলৰ সৈতে কিদৰে জড়িত হৈ কষ্টৰী শিশু গৃহৰ শিশুসকলক উৎসাহিত কৰাৰ বাবে কেনেকৈ কাম কৰি আছে, সেই বিষয়ে উল্লেখ কৰে৷ এই অৱহেলিত শিশুসকলক অনুপ্রাণিত কৰাৰ বাবে সদিচ্ছাৰ তৰফৰ পৰা কিতাপ–পত্র, ছবি ঁকা সামগ্রী যোগান ধৰাৰ উপৰি হস্তকলাৰ প্রশিক্ষণ দিয়াৰ বিষয়েও মনালিছা বৰুৱাই অনুষ্ঠানত সদৰী কৰে৷ অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈ, যুৱ লেখক ৰূপম দত্ত, বিশিষ্ট উদ্যোগপতি পৱন আগৰৱালা আদিয়েও ভাষণ দি এনে অনুষ্ঠান আয়োজন কৰাৰ লগতে বৈষম্যৰ বলি হোৱা লোকসকলক প্রেৰণা দিয়াৰ বাবে কাম কৰি অহা উদ্যোক্তাসকলক কৃতজ্ঞতা জনায়৷ অনুষ্ঠানটোৰ আৰম্ভণিতে কষ্টৰী শিশু গৃহৰ যমুনাই গুৰুবন্দনা পৰিৱেশন কৰাৰ লগতে আন এটা শিশুৰ দলে নৃত্য প্রদর্শন কৰে৷ প্রাক্তন আই এছ বিষয়া গায়ত্রী বৰুৱা, সদিচ্ছাৰ সদস্যা ইন্দ্রাণী বৰা শইকীয়া, বনশ্রী বৰুৱা, মনমী নাথ, অসম নেটৱর্ক অৱ পজিটিভ পিপলৰ পলাশ বৰা আদিকে ধৰি বহুসংখ্যক লোক উপস্থিত থকা অনুষ্ঠানত এইচ আই ভি আক্রান্ত একাংশ তৃতীয় লিংগৰ লোকো উপস্থিত থাকে৷