নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মা আৰু নাই, শুই থকা অৱস্থাতে ত্যাগ কৰিলে প্ৰাণ

নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ বিশিষ্ট বাঁহীবাদক, লোক সংস্কৃতিৰ গৱেষক প্ৰভাত শৰ্মাৰ আজি দেহাৱসান ঘটে। আজি পুৱা প্ৰায় ৬ বজাত শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে খ্যাতিমান বাঁহীবাদকগৰাকীয়ে।

নামনি অসমৰ বৈষ্ণৱ সংস্কৃতিৰ পীঠস্থান বৰপেটাত ১৯৩৫ চনত জন্মগ্ৰহণ কৰা শৰ্মাই সৰুৰে পৰা এক সাংস্কৃতিক পৰিৱেশৰ মাজত ডাঙৰ-দীঘল হৈছিল। সত্ৰত বৰগীতৰ শিক্ষা লাভৰ মাজেৰে তেওঁৰ সংগীত চৰ্চা বিকশিত হৈছিল।

অসমৰ লোকসংগীতৰ এগৰাকী অন্যতম গৱেষক তথা খ্যাতিমান বাঁহীবাদকৰূপে শৰ্মাই অসমৰ লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈও সক্ষম হৈছিল।

‘সন্ধ্যাৰাগ’, ‘সাৰথি’, ‘আপোনজন’, ‘মোহমুক্তি’, ‘সন্তান’, ‘অনল’, ‘কদমতলে কৃষ্ণ নাচে’, ‘শ্ৰীমন্ত শঙ্কৰদেৱ ‘ আদি বহুকেইখন অসমীয়া ছবিৰ সংগীত পৰিচালক আছিল প্ৰভাত শৰ্মা। ইয়াৰ লগতে দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক ‘পথৰুঘাটে ৰিঙিয়ায়’ আৰু ‘বৃকোদৰ বৰুৱাৰ বিয়া’ৰো তেওঁ সংগীত পৰিচালক আছিল।

আজি বিশিষ্ট বাঁহীবাদকগৰাকীৰ মৃত্যুত ম্ৰিয়মাণ মহানগৰীৰ অম্বিকাগিৰি নিগাজিপামৰ বাসগৃহৰ লগতে সমগ্ৰ ৰাজ্যবাসী। ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিল্পীগৰাকীৰ মৃত্য়ুত গভীৰ শোক প্ৰকাশ কৰে।

উল্লেখ্য, ৮৬ বছৰ বয়সত মৃত্যুৰ শীতল কোলাত শুই পৰা প্ৰভাত শৰ্মা বিশিষ্ট সংগীতশিল্পী তৰালি শৰ্মাৰ পিতৃ।

You might also like