জোনাই বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কত সংবাদমেল
- বিশেষ ভাৱে সক্ষম, ৮০ বছৰৰ উৰ্ধ্বৰ ভোটাৰ ,
- কভিড আক্ৰান্ত লোকসকলক বিশেষ পোষ্টৈল বেলটৰ সুবিধা লবলৈ আহ্বান মহকুমাধিপতি জিমলি শইকীয়া কাকতিৰ
নিয়মীয়া বাৰ্তা, ৪ মাৰ্চঃ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰাৰ লগে লগে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ তৎপৰ হৈ পৰিছে জোনাই মহকুমা প্ৰশাসন। এই সন্দৰ্ভত ইতিমধ্যে অতিৰিক্ত উপয়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাৰ মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে সদৰী কৰিছে নিৰ্বাচনৰ বিধি সম্পৰ্কীয় তথ্য। উল্লেখ্য যে, ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰা বয়োজেষ্ঠ, ক’ভিড ৰোগী আৰু বিশেষভাৱে সক্ষম লোকৰ প’ষ্টেল বেলট সন্দৰ্ভত জোনাই মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে এক সংবাদ মেল সম্বোধন কৰে। মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত সংবাদ মেলত মহকুমাধিপতি গৰাকীয়ে পষ্টেল বেলট সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি উক্ত ব্যৱস্থা সমূহত পৰা লোক সকলক এই বিশেষ বেলটৰ সুবিধা লবলৈ আহবান জনায়। বিশেষ ভাৱে সক্ষম, ৮০ বছৰৰ উৰ্ধ্বৰ ভোটাৰ , কভিড আক্ৰান্ত ব্যক্তিৰ বাবে পোষ্টৈল বেলটৰ সুবিধা আগবঢ়াইছে৷ উল্লেখিত শ্ৰেণীত অন্তৰ্ভুক্ত ভোটাৰে পোষ্টৈল বেলটযোগে ভোটদান কৰিব বিচাৰিলে তেওঁলোকে সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (বিএলঅ)ৰ সতে যোগাযোগ কৰিব পাৰিব৷ ৰিটানিং বিষয়াৰ কাৰ্যালয়ত কতৃৰ্ত্ব প্ৰাপ্ত বিষয়াৰ দ্বাৰা প্ৰদত্ত উপযোক্ত প্ৰমাণ পত্ৰৰ সৈতে ১২-ডি (12-D) নং আবেদন দাখিল কৰিব পাৰিব৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে আবেদনৰ অন্তিম তাৰিখ ৬ মাৰ্চ ২০২১ ৷ অনুনাস্থিত ভোটাৰ সকলক সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়াসকলে আবেদপত্ৰ ১২ ডি (12-D) প্ৰদান কৰিব তাৰ পিছত আবেদন পত্ৰসমূহ বিএলঅ সকলে তেওঁ লোকৰ পৰা সংগ্ৰহ কৰিব৷ লগতে কভিড আক্ৰান্ত বা চিকিৎসাধীন হৈ থকা ব্যক্তিয়ে স্বাস্থ্য বিষয়াই প্ৰদান কৰা প্ৰমাণ পত্ৰ গাথি দিব লাগিব বুলি মহকুমাধিপতি গৰাকীয়ে জানিব দিয়ে৷