নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাঁও দলক এৰি দিলে চাৰিখন আসন আঞ্চলিক গণ মর্চাক লাগে আঠখন আসন

মহাজোঁটত আসন বুজাবুজিক লৈ কংগ্রেছ–মিত্র দলৰ জটিল অংক

নিয়মীয়া বাৰ্তা ৫ মাৰ্চঃ সমাগত বিধানসভা নির্বাচনৰ আসন বুজাবুজিক লৈ মহাজোঁটত জটিলতা এতিয়াও আঁতৰা নাই৷ কালিৰে পৰা কংগ্রেছ দলে প্রার্থী বাছনিৰ বাবে ইখনৰ পাছত সিখনকৈ বৈঠক অনুষ্ঠিত কৰিছে৷ আজিৰ দিনটোতো দলটোত মাৰাথন বৈঠক চলিছে৷ কিন্তু এই মুহূর্তলৈ দলে আনুষ্ঠানিকভাৱে প্রার্থী তালিকা প্রকাশ কৰিব পৰা নাই৷ উল্লেখ্য যে কালি দিনৰ ভাগত মহানগৰীৰ গ্রীনউড ৰিজ’টত প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীৰ প্রথমখন বৈঠক অনুষ্ঠিত হয়৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ উপস্থিতিত অনুষ্ঠিত সেই বৈঠকত প্রথম পর্যায়ৰ নির্বাচনৰ বাবে দলৰ প্রার্থিত্বৰ পেনেল যুগুতোৱা হয়৷ নিশাৰ ভাগত হোটেল তাজ ভিভাণ্টাত স্ক্রীনিং কমিটীৰ অধ্যক্ষ পৃথিৱীৰাজ চৱনৰ সৈতে আন এখন বৈঠক অনুষ্ঠিত হয়৷ সেই বৈঠকত প্রদেশ কংগ্রেছৰ নির্বাচন কমিটীৰ তৰফৰ পৰা প্রথম পর্যায়ত নির্বাচন হ’বলগীয়া সমষ্টিৰ প্রার্থিত্বৰ পেনেল স্ক্রীনিং কমিটীক দাখিল কৰে৷ নিশাটোৰ ভিতৰতে স্ক্রীনিং কমিটীয়ে সেই প্রার্থিত্বৰ পেনেল পৰীক্ষা কৰে আৰু আজি পুৱাৰে পৰাই গুৱাহাটীৰ হোটেল ছিগনেট ইনত জিলা কংগ্রেছৰ সভাপতি আৰু ব্লক কংগ্রেছৰ সভাপতিসকলৰ পৰা স্ক্রীনিং কমিটীয়ে মতামত গ্রহণ কৰে৷ প্রথম পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিৰ লগতে দ্বিতীয় আৰু তৃতীয় পর্যায়ৰ কিছু নির্দিষ্ট সমষ্টিৰ ক্ষেত্রতো স্ক্রীনিং কমিটীয়ে পর্যালোচনা অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া এয়ে যে কংগ্রেছ দলে পোনপ্রথমবাৰৰ বাবে গুৱাহাটীত প্রার্থী বাছনিৰ ব্যৱস্থা কৰিছে৷ তাৰ বাবেই স্ক্রীনিং কমিটীৰ অধ্যক্ষকে ধৰি সদস্যসকল প্রার্থী বাছনিৰ বাবে এইবাৰ গুৱাহাটীত আহি উপস্থিত হৈছে৷ আনহাতে, কংগ্রেছৰ প্রার্থী বাছনিৰ ক্ষেত্রত এইবাৰ অন্যতম অন্তৰায় হৈ পৰিছে মহাজোঁটৰ অংশীদাৰ দলৰে আসন বুজাবুজিৰ বিষয়টো৷ কংগ্রেছ দলে প্রার্থী বাছনি প্রক্রিয়া আৰম্ভ কৰিছে যদিও মহাজোঁটৰ অংশীদাৰ দলৰে আসন বুজাবুজি আজি নিশা পর্যন্ত চূড়ান্ত হোৱা নাই৷

তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ নেতৃত্বত কংগ্রেছে আসন বুজাবুজিক লৈ অংশীদাৰ দলসমূহৰ সৈতে ধাৰাবাহিক বৈঠক অনুষ্ঠিত কৰিছে৷ বৃহস্পতিবাৰে দিনটোতো গুৱাহাটীৰ হোটেল গেটৱে’ গ্রেণ্ডি’ৰত আসন বুজাবুজিক লৈ অংশীদাৰ দলৰে বৈঠক অনুষ্ঠিত কৰে৷ বাঁওপন্থী দল চি পি আই, চি পি আই (এম), চি পি আই (এম এল) দল আৰু বি পি এফৰ বাহিৰে আন দলৰ সৈতে আসন বুজাবুজি এতিয়াও চূড়ান্ত হোৱা নাই৷ বাঁওপন্থী দল চি পি আইক মৰিগাঁও, চি পি আই (এম)ক সৰভোগ, ৰঙিয়া আৰু চি পি আই (এম এল) দলক বিহালী সমষ্টি এৰি দিয়া হৈছে৷ এই সম্পর্কত চি পি আই (এম)ৰ সাধাৰণ সম্পাদক দেৱেন ভট্টাচার্যই জানিবলৈ দিয়া মতে, তেওঁলোকে প্রথম অৱস্থাত ৯খন আসন বিচাৰিছিল৷ পৰৱর্তী পর্যায়ত ৫খনলৈ নামি আহে৷ শেহতীয়াকৈ তেওঁলোকে তিনিখন আসন বিচাৰে৷ কংগ্রেছে তেওঁলোকক সৰভোগ আৰু ৰঙিয়াৰ আসনখন এৰি দিছে৷ তৃতীয়খন আসন শিলচৰ সম্পর্কত কংগ্রেছৰে আলোচনা এতিয়াও অব্যাহত আছে৷ শিলচৰত নির্বাচন যিহেতু দ্বিতীয় পর্যায়ত অনুষ্ঠিত হ’ব, সেয়ে এই বিষয়টো এতিয়াও আলোচনাৰ পর্যায়ত আছে৷ কাইলৈ শিলচৰৰ বিষয়টো নিষ্পত্তি হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷

সেইদৰে বি পি এফ দলক বিটিচিৰ অধীনস্থ ১২টা সমষ্টি এৰি দিয়াৰ ক্ষেত্রত মহাজোঁট সহমতত উপনীত হৈছে বুলি জানিবলৈ দি কংগ্রেছৰ সূত্রই কয় যে গোসাঁইগাঁও, কোকৰাঝাৰ পশ্চিম, কোকৰাঝাৰ পূব, চিদলী, বিজনী, চাপাগুৰি, বৰমা, তামুলপুৰ, পানেৰী, কলাইগাঁও, ওদালগুৰি আৰু মাজবাট সমষ্টি বি পি এফক এৰি দিয়াটো একপ্রকাৰ চূড়ান্ত হৈছে৷ বাঁওপন্থী দল আৰু বি পি এফৰে আসন বুজাবুজি চূড়ান্ত হ’লেও এ আই ইউ ডি এফ আৰু আঞ্চলিক গণ মর্চাৰে আসন বুজাবুজিৰ জটিলতা আঁতৰা নাই৷ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাই প্রথম অৱস্থাত ১০খনকৈ আসন বিচাৰিছিল যদিও শেহতীয়াভাৱে দিছপুৰ, বটদ্রৱা, হাজো, গুৱাহাটী পশ্চিম, ছিপাঝাৰ, মাহমৰা সমষ্টিকেইটা বিচাৰিছে৷ কিন্তু কংগ্রেছে তেওঁলোককো এখন বা দুখন আসনতহে প্রার্থিত্ব দিয়াৰ পোষকতা কৰি আহিছে৷ সেয়ে আঞ্চলিক গণ মর্চাৰ সৈতেও আসন বুজাবুজিৰ জটিলতা আঁতৰা নাই৷ সেইদৰে এ আই ইউ ডি এফৰ সৈতেও আসন বুজাবুজি আজি নিশা পর্যন্ত চূড়ান্ত হোৱা নাই৷ এ আই ইউ ডি এফে শেহতীয়াভাৱে ১৮খনৰ পৰা ২১খন আসন বিচাৰি আছে৷ ইয়াৰে বহুকেইটা সমষ্টি কংগ্রেছৰ দখলত আছে৷ কংগ্রেছৰ সূত্রই আজি নিশাটোৰ ভিতৰতে অংশীদাৰ দলৰে আসন বুজাবুজি সম্পূর্ণ হৈ উঠিব বুলি আশা প্রকাশ কৰে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, এই আসন বুজাবুজি সম্পূর্ণ হোৱাৰ পাছতেই স্ক্রীনিং কমিটীয়ে প্রার্থী তালিকা এ আই চি চিৰ নির্বাচন কমিটীলৈ চূড়ান্ত অনুমোদনৰ বাবে প্রেৰণ কৰিব৷ তাৰ পাছতেই কংগ্রেছে আনুষ্ঠানিকভাৱে প্রার্থী তালিকা প্রকাশ কৰিব৷

এই প্রসংগত প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙে জানিবলৈ দিয়া মতে, অতি সোনকালে আসন বুজাবুজি চূড়ান্ত হ’ব৷ জয়ৰ সম্ভাৱনা থকাসকলকহে এইবাৰ নির্বাচনৰ টিকট দিয়া হ’ব৷ জয়ৰ সম্ভাৱনা নথকা বর্তমানৰ বিধায়কৰো টিকট কর্তন কৰা হ’ব বুলি মন্তব্য কৰি বর্তমানৰ কেইবাগৰাকী বিধায়কে যে এইবাৰ টিকট হেৰুৱাব, তাৰো ইংগিত দিয়ে৷ ইপিনে আজিৰ দিনটোতে প্রদেশ কংগ্রেছৰ মুখ্য কার্যালয় ৰাজীৱ ভৱনত মহাজোঁটত যোগদান কৰে জিমছায়া দেউৰী পিপলছ পার্টীয়ে৷ দলটোৰ সভাপতি মহেশ দেউৰীয়ে মহাজোঁটৰ অংশীদাৰ হৈ সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যখনৰ গহপুৰ, বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, ঢ়কুৱাখনা, ধেমাজি, জোনাই, মাজুলী, শদিয়া, মার্ঘেৰিটা, ডুমডুমা, ডিব্রুগড়, লাহোৱাল, মৰাণ, টিংখং, থাওৰা, দেৰগাঁও, চৰাইদেউ, ডিব্রুগড় আদি সমষ্টিত ১৮ হাজাৰৰ পৰা তিনি হাজাৰ পর্যন্ত দেউৰী জনগোষ্ঠীৰ ভোটাৰ আছে৷ অৱশ্যে বিধানসভা নির্বাচনত তেওঁলোকে কোনো এটা সমষ্টিতে প্রতিদ্বন্দ্বিতা আগ নবঢ়ায়৷ এইবাৰ বিধানসভা নির্বাচনত তেওঁলোকে মহাজোঁটৰ প্রার্থীক সমর্থন আগবঢ়াব আৰু অহা বছৰ হ’বলগীয়া দেউৰী স্বায়ত্ত পৰিষদৰ নির্বাচনত তেওঁলোকে মহাজোঁটৰ সমর্থন লাভ কৰিব৷ সেই বুজাবুজিৰে তেওঁলোক মহাজোঁটলৈ আহিছে৷ মহাজোঁটত নতুনকৈ অংশীদাৰ হোৱা জিমছায়া দেউৰী পিপলছ পার্টীক প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিং আৰু প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই আদৰণি জনায়৷

You might also like