নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাদ্যৰ অপচয়ত শীৰ্ষত ভাৰত, জনালে UNৰ পৰিসংখ্যাই

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: দৰিদ্ৰতা হৈছে ভাৰতত এক চিৰস্থায়ী সংকট। এই দেশৰ অগণিত মানুহে এতিয়াও দুবেলা খাবলৈ নাপায়। কিন্তু এনে এখন দেশেই খাদ্য অপচয়ৰ তালিকাত আছে শীৰ্ষত! ভাবি আচৰিত লাগিলেও এয়াই সত্য। এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে ৰাষ্ট্ৰসংঘই। ৰাষ্ট্ৰসংঘ (United Nations Environment Programme/ UNEP) ৰ এটা শাখা সংগঠন WRAP-সৈতে যৌথভাৱে এই প্ৰতিবেদন প্ৰস্তুত কৰিছে।

এই UN report-টো ২০২১ ৰ খাদ্য আৱৰ্জনা সূচকৰ বিষয়ে(Food Waste Index Report 2021)।

জানিব পৰা গৈছে, বাৰ্ষিক খাদ্য অপচয়ৰ পৰিপ্ৰেক্ষিতত ভাৰতে বিশ্বৰ আটাইতকৈ ডাঙৰ দেশবোৰক চেৰ পেলাই আগুৱাই গৈছে। যেতিয়া বিশ্বব্যাপী ৯৩.১ কোটি টন খাদ্য নষ্ট হৈছিল, কেৱল ভাৰততেই ৬.৮৭ কোটি টন খাদ্য নষ্ট হৈছিল! এইক্ষেত্ৰত ভাৰতে আমেৰিকাক অতিক্ৰম কৰিছে।

অধ্যয়নটো অনুসৰি, ২০১৯ চনত বিশ্বজুৰি প্ৰস্তুত কৰা মুঠ খাদ্যৰ ১৭ শতাংশ খাদ্য নষ্ট হৈছে। ভাৰততেই ইয়াৰ ভিতৰত সৰ্বাধিক নষ্ট হৈছে।

You might also like