নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তৰ্জাতিক নাৰী দিৱসত গামোচা ক্ৰয় প্ৰধানমন্ত্ৰী মোদীৰ

নিয়মীয়া বাৰ্তা, ৮ মাৰ্চ: আজি আন্তৰ্জাতিক নাৰী দিৱস৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে বিভিন্ন মহিলা আত্মসহায় গোট আৰু উদ্যোগীসকলৰ পৰা সামগ্ৰী ক্ৰয় কৰে।

ইপিনে নাৰী দিৱসৰ দিনটোতে প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ স্বাভিমান গামোচা ক্ৰয় কৰে। অসমৰ কাকতিপাপুং উন্নয়ন খণ্ডৰ অন্তৰ্গত আত্মসহায়ক গোটৰ পৰা গামোচা ক্ৰয় কৰা বুলি জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

টুইটযোগে তেওঁ কয়,আপোনালোকে মোক প্ৰায়ে গামোচা পিন্ধি থকা দেখিছে। ই অত্যন্ত আৰামদায়ক। আজি মই কাকতিপাপুং উন্নয়ন খণ্ডৰ বিভিন্ন আত্মসহায়ক গোটৰ দ্বাৰা তৈয়াৰ কৰা এখন গামোচা ক্ৰয় কৰিছোঁ।”

“ভাৰতে আত্মনিৰ্ভৰ হোৱাৰ ক্ষেত্ৰত মহিলাসকলে এক অগ্ৰণী ভূমিকা পালন কৰি আহিছে। মহিলাসকলৰ মাজত উদ্যোগী হোৱাক উৎসাহিত কৰিবলৈ আমি প্ৰতিশ্ৰুতিবদ্ধ।” প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

You might also like