নিজকে প্রতিষ্ঠা কৰিবলৈ ওলাই আহিব লাগিব নাৰী সমাজ
বিবেকানন্দ কেন্দ্রত নাৰী দিৱসৰ গাম্ভীর্যপূর্ণ অনুষ্ঠানত মুখ্য অতিথি ৰিণিকি ভূঞা শর্মা
নিয়মীয়া বাৰ্তা ৯ মাৰ্চঃ নাৰী পুৰুষৰ তুলনাত কেতিয়াও দুর্বল নহয়৷ প্রতিগৰাকী নাৰীৰ মাজত এক শক্তি অন্তর্নিহিত হৈ থাকে৷ সেই শক্তিৰে নাৰীসকলে নিজকে ভিতৰৰ পৰা শক্তিশালী কৰি তুলি আত্মবিশ্বাসেৰে নিজৰ নিজৰ কর্মক্ষেত্রত আগবাঢ়ি যাব লাগিব৷’ –এই মন্তব্য প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক, বিশিষ্ট উদ্যোগী ৰিণিকি ভূঞা শর্মাৰ৷ আজি আন্তর্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি মহানগৰীৰ মাণিক নগৰস্থিত আই চি এ আইৰ ই আই আৰ চিৰ শাখাৰ প্রেক্ষাগৃহত অনুষ্ঠিত এক অনুষ্ঠানত উপস্থিত থাকি ৰিণিকি ভূঞা শর্মাই লগতে কয়– ‘আমি নিজকে মানুহ হিচাপে চাব লাগিব৷ পুৰুষ বা নাৰী হিচাপে নহয়৷ নাৰী বা মহিলাসকলে নিজৰ দৃষ্টিভংগী সলনি কৰি পুৰুষৰ সমান্তৰালকৈ কাম কৰিবৰ বাবে আগবাঢ়ি যাব লাগিব৷ কাৰণ পুৰুষ–নাৰী সকলোৱে সমান৷ কর্মক্ষেত্রত সন্মুখীন হোৱা প্রতিটো প্রত্যাহ্বান সাহসেৰে মুখামুখি হ’ব লাগিব৷ বর্তমান সময়ত নাৰীৰ সম–ধিকাৰ বহুখিনি সাব্যস্ত হৈছে৷ ভিন ভিন ক্ষেত্রত নাৰী সাৱলীলভাৱে আগুৱাই গৈছে৷ দেশ তথা সমাজৰ উত্তৰণৰ বাবে অৰিহণা যোগাইছে৷ কিন্তু সমাজৰ কিছুসংখ্যক নাৰীয়ে ভিন্ন ক্ষেত্রত আগবাঢ়ি যোৱাটোৱেই নাৰী সবলীকৰণ নুবুজায়৷ নাৰী হিচাপে নিজকে দুর্বল বুলি নাভাবি নিজে বিচৰা ক্ষেত্রখনত আত্মপ্রত্যয়েৰে আগবাঢ়ি গ’লেহে প্রকৃতার্থত নাৰী সবলীকৰণ হ’ব৷’
উল্লেখ্য যে নাৰী দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা ‘ৱমেন ইন লীডাৰশ্বীপ এচিভিং এন ইকুৱেল ফিউচাৰ ইন এ ক’ভিড–১৯ ৱ’ল্ড’ শীর্ষক আলোচনা–চক্রত অংশগ্রহণ কৰি ৰিণিকি ভূঞা শর্মাই ক’ভিডসৃষ্ট জটিল পৰিস্থিতিৰ সন্মুখীন হৈ কিদৰে ইয়াৰ বিৰুদ্ধে যুঁজিছিল, সেই বিষয়ে উল্লেখ কৰে৷ তেওঁ কয়– ক’ভিড–১৯ এক অচিন ভাইৰাছ৷ আগতে কোনোৱে এই ভাইৰাছৰ বিষয়ে জনা নাছিল৷ এই ভাইৰাছৰ ভেকচিন নাছিল৷ এনে পৰিস্থিতিত সকলোৱে চিন্তিত আৰু আতংকিত হৈছিল৷ কাৰণ সেই সময়ত ইয়াৰ চিকিৎসা নাছিল৷ তেনে সময়তে আমাৰ মিডিয়া হাউছৰ কর্মচাৰী এই মহামাৰীত আক্রান্ত হৈছিল৷ সংবাদ মাধ্যম এটা পৃথক পেছা৷ সংবাদ মাধ্যমে ২৪ ঘণ্টাই কাম কৰিব লাগে৷ কিন্তু আমাৰ মিডিয়া হাউছৰ কর্মচাৰী ক’ৰোনাত আক্রান্ত হোৱাত আমি সকলোৱে চিন্তিত হৈ পৰিছিলোঁ৷ আমাৰ মিডিয়া হাউছৰ সকলোৱে এটা পৰিয়ালৰ দৰে কাম কৰে৷ গতিকে সকলো কর্মচাৰীক ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা সুৰক্ষিত কৰি ৰখাটো মোৰ নৈতিক দায়িত্ব আছিল৷ ক’ৰোনাত আক্রান্তসকলক কিদৰে সুস্থ কৰি তুলিব পাৰি আৰু বাকীসকলক কিদৰে সুৰক্ষিত কৰি ৰাখিব পাৰি, সেই বিষয়ে আমাৰ চেনেলৰ মুখ্য পৰিচালন সম্পাদক জাৰিৰ হুছেইনৰ লগত আলোচনা কৰোঁ৷ সেইমর্মে ক’ৰোনাত আক্রান্ত কর্মচাৰীকেইজনক চিকিৎসালয়লৈ প্রেৰণৰ ব্যৱস্থা কৰা হয়৷ কর্মচাৰীকেইজনক নিবলৈ যেতিয়া এম্বুলেঞ্চ আহিছিল, তেতিয়া এনে লাগিছিল এম্বুলেঞ্চখন যেন হূদয়ৰ ওপৰেৰে চলি গৈছিল৷ তেতিয়া আমাৰ হাউছৰ কর্মচাৰীসকলক মোৰ সন্তানৰ দৰে লাগিছিল৷ পৰৱর্তী সময়ত আমি চেনেলৰ কেমেৰা পার্ছনসকলক আছুতীয়াকৈ ৰখাৰ লগতে ৫০ শতাংশ কর্মচাৰীক ৱর্ক ফ্রম হোম অর্থাৎ ঘৰত থাকি কাম কৰিবলৈ দিয়া হৈছিল৷ এনেদৰে আমি ক’ভিডৰ বেয়া সময়তো হাৰ মনা নাছিলোঁ৷ ক’ভিডৰ জটিল সময়ত আমি সকলোৱে অচিন মহামাৰীৰ বিৰুদ্ধে যুঁজিছিলোঁ৷
একেটা অনুষ্ঠানত উপস্থিত থাকি জনপ্রিয় অভিনেত্রী প্রস্তুতি পৰাশৰে কয়– ভগৱানে মানুহ সৃষ্টি কৰিছে৷ আমি তাক পুৰুষ আৰু নাৰী বুলি নাম দিছোঁ৷ কিন্তু নাৰী হিচাপে মই নিজকে গৌৰৱ কৰোঁ৷ মই নাৰী হিচাপে মোৰ মাজত নাৰীৰ উপৰি এজন পুৰুষ মানুহক পাওঁ৷ যেতিয়া মোতকৈ জ্যেষ্ঠ মানুহক নেতৃত্ব দি পৰিচালিত কৰিবলৈ লওঁ৷ বিশেষকৈ আৱাহন থিয়েটাৰ চলাওঁতে মই এনে অনুভৱ কৰিছিলোঁ৷ গতিকে নাৰী দিৱসৰ দিনা এটা কথাই কওঁ নাৰী হিচাপে আমি নিজক সন্মান কৰিব লাগিব৷ আত্মসন্মান ৰক্ষা কৰি চলিলে সেয়া চলচ্চিত্র, থিয়েটাৰ বা যিকোনো কর্মক্ষেত্রই হওক প্রতিজন মানুহেই আমাক সন্মান কৰিবলৈ বাধ্য হ’ব৷ নাৰী হিচাপে মই নিজকে সবল বুলি ভাবোঁ৷ প্রতিগৰাকী মহিলাই তেনে মানসিকতা, আত্মসন্মান আৰু আত্মবিশ্বাসেৰে নিজ নিজ কর্মক্ষেত্রত আগবাঢ়ি গ’লেহে প্রকৃতার্থত নাৰী স্বাৱলম্বী হ’ব৷ চার্টার্ড একাউণ্টেণ্ট (চি এ) স্বাতী তেজাৱাটে পৰিচালনা কৰা আলোচনা–চক্রত ৰয়েল গ্ল’বেল স্কুলৰ অধ্যক্ষ অনুভা গোৱেল, ডাঃ কাঞ্চন মুৰাৰকা আদিয়েও আলোচনা–চক্রৰ বিষয় সন্দর্ভত নিজৰ নিজৰ অনুভৱ ব্যক্ত কৰে৷ আন এগৰাকী চি এ বসুন্ধৰা জালানে আঁত ধৰা নাৰী দিৱসৰ বাকী অনুষ্ঠানৰ আৰম্ভণিতে আই চি এ আইৰ ই আই আৰ চিৰ গুৱাহাটী শাখাৰ (চি এ) কমল মৌৰে আদৰণী ভাষণ দিয়ে৷ অনুষ্ঠানত নাৰী বিষয়ক শ্লোগান লিখা, ৰন্ধা আৰু পানীপুৰি খোৱা প্রতিযোগিতাত বিজয়ী চি এ শিক্ষার্থীসকলক বঁটা প্রদান কৰা হয়৷ বঁটা প্রদান কৰে ৰিণিকি ভূঞা শর্মা, ডাঃ কাঞ্চন মৰাৰকা, অনুভা গোৱেলে৷ অনুষ্ঠানত ভালেসংখ্যক চি এ শিক্ষার্থী উপস্থিত থাকে৷
বিবেকানন্দ কেন্দ্রত পাঞ্জাব নেচনেল বেংকৰ
উদ্যোগত আয়োজিত আন্তঃৰাষ্ট্রীয় নাৰী দিৱসত ৰিণিকি ভূঞা শর্মা
‘ভগৱানে নাৰী–পুৰুষ সকলোকে সমান শক্তি দিছে’
পাঞ্জাব নেচনেল বেংকৰ উত্তৰ–পূব মাণ্ডলিক কার্যালয়ৰ উদ্যোগত উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্রত আজি আন্তঃৰাষ্ট্রীয় নাৰী দিৱস পালন কৰা হয়৷ তদুপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাই আন্তঃৰাষ্ট্রীয় নাৰী দিৱসৰ তাৎপর্য ব্যাখ্যা কৰে৷ অনুষ্ঠানত নাৰী সবলীকৰণৰ বাবে পাঞ্জাব নেচনেল বেংক কর্তৃপক্ষই গ্রহণ কৰা এই পদক্ষেপক শলাগ লয়৷ আন্তঃৰাষ্ট্রীয় নাৰী দিৱসৰ তাৎপর্য ব্যাখ্যা কৰি তেওঁ লগতে কয় যে ভগৱানে নাৰী–পুৰুষ সকলোকে সমান শক্তি দিছে৷ ইয়াৰ সদ্ব্যৱহাৰ কৰি নাৰীসকলে নিজকে সমাজত প্রতিষ্ঠা কৰিব লাগিব৷ অৱশ্যে ইয়াৰ বাবে নাৰী সমাজে যথেষ্ট প্রত্যাহ্বানৰ সন্মুখীন হ’ব৷ নাৰীৰ মনোবল বৃদ্ধি কৰাৰ লগতে সমাজত নাৰীক প্রতিষ্ঠা কৰিবৰ বাবে প্রতিগৰাকী নাৰীয়ে সদিচ্ছা আৰু অধিক দৃঢ়তাৰে আগবাঢ়িব লাগিব৷ জীৱনত সন্মুখীন হোৱা সকলো প্রত্যাহ্বান নেওচি নাৰীয়ে নিজকে প্রতিষ্ঠা কৰাৰ বাবে আগবাঢ়ি আহিবলৈ তেওঁ নাৰী সমাজক আহ্বান জনায়৷ ঘৰুৱা কামৰ পৰা আৰম্ভ কৰি বাহ্যিক জগতৰ প্রতিটো ক্ষেত্রতে নাৰীয়ে ইতিমধ্যে নিজকে যথেষ্ট আগুৱাই নিবলৈ সক্ষম হোৱা বুলিও উল্লেখ কৰে৷
অনুষ্ঠানত জনপ্রিয় ফেছন ডিজাইনাৰ সংযুক্তা দত্তই সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি নাৰী সবলীকৰণৰ ক্ষেত্রত কিছু পৰামর্শ আগবঢ়াই জীৱনত কৃতকার্যতা লাভ কৰিবলৈ অধিক সততা আৰু নিষ্ঠাৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰে৷ পাঞ্জাব নেচনেল বেংকৰ মাণ্ডলিক মহাপ্রবন্ধক এছ শংকৰ সিঙে আদৰণী ভাষণ আগবঢ়াই প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালিকা ৰিণিকি ভূঞা শর্মাক ভূয়সী প্রশংসা কৰাৰ লগতে জনপ্রিয় ফেছন ডিজাইনাৰ সংযুক্তা দত্তক নিজ কর্মৰ জৰিয়তে সমাজত প্রতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্রজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানত উদ্যোক্তাসকলে মুখ্য অতিথিৰ আসন অলংকৃত কৰা ৰিণিকি ভূঞা শর্মা আৰু বিশিষ্ট অতিথি সংযুক্তা দত্তক গামোচা, স্বল আৰু ফুলৰ থোৰাৰে সম্বর্ধনা জনায়৷
একেটা অনুষ্ঠানতে সাঁতোৰবিদ শিৱাংগী শর্মাক ১০ হাজাৰ টকাৰ চেক প্রদান কৰে৷ অৱশ্যে শিৱাংগী শর্মা অনুপস্থিত থকাৰ বাবে তেওঁৰ মাতৃয়ে উদ্যোক্তসকলৰ পৰা এই ধন গ্রহণ কৰে৷ অনুষ্ঠানত আকাশী গংগা আত্মসহায়ক গোটৰ ৰেণুকা নাথ, বিতুমণি নাথ, সৰস্বতী আত্মসহায়ক গোটৰ বিজয়লক্ষ্মী কলিতা, পলাশবাৰী আত্মসহায়ক গোটৰ নিৰু শর্মা, মামণি কলিতা, শেৱালী কলিতা, ময়ূৰী আত্মসহায়ক গোটৰ মৃণালী কলিতা, পাৰিজাত আত্মসহায়ক গোটৰ সৰলা কলিতা আৰু পাঠশালাৰ বিনীতা দেৱীক পাঞ্জাব নেচনেল বেংকৰ তৰফৰ পৰা আন্তর্জাতিক নাৰী দিৱস উপলক্ষে সন্মানিত কৰা হয়৷ অনুষ্ঠানত মাণ্ডলিক কার্যালয়ৰ মহাপ্রবন্ধকৰ সহধর্মিণী সৰলা দেৱীকে ধৰি মাণ্ডলিক কার্যালয়ৰ বহু বিষয়া–কর্মচাৰী আৰু শতাধিক নাৰী উপস্থিত থাকে৷ দীপান্বিতা কলিতাই আঁত ধৰা অনুষ্ঠানত বেংকৰ কর্মচাৰীসকলে সংগীত পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷