আফগানিস্তানত ৯০ দিনলৈ বন্ধ ৰাখক সংঘৰ্ষ
নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আমেৰিকাত জ’ বাইডেনে ৰাষ্ট্রপতিৰ দায়িত্ব লোৱাৰ পাছতে আফগান শান্তি প্রক্রিয়া সন্দর্ভত হোৱাইট হাউছ প্রশাসনে বিশেষ গুৰুত্ব আৰোপ কৰিছে৷ দেশখনৰ বিদেশ সচিব এণ্ট’নী ব্লিংকেনে ৰাষ্ট্রসংঘৰ নেতৃত্বাধীন শান্তি প্রক্রিয়া সন্দর্ভত বিশেষ গুৰুত্ব প্রদান কৰি আফগানিস্তানৰ ৰাষ্ট্রপতি আশ্রফ ঘানিলৈ এক পত্র প্রেৰণ কৰিছে৷ এই পত্রত ব্লিংকেনে উল্লেখ কৰিছে যে দেশখনত ৯০ দিনৰ বাবে চৰকাৰী বাহিনী তথা তালিবানে সংঘর্ষ বন্ধ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিব লাগিব৷ ইয়াৰ উপৰি উভয় পক্ষৰ প্রতিনিধিৰে এখন পৰিৱর্তনশীল চৰকাৰ গঠন কৰিব লাগিব বুলিও ব্লিংকেনে ঘানিক আহ্বান জনাইছে৷ অৱশ্যে আগন্তুক ১ মে’ত আমেৰিকাই দেশকনৰ পৰা সেনা প্রত্যাহাৰ কৰিবনে নাই সেই সন্দর্ভত এতিয়াও কোনো ধৰণৰ সিদ্ধান্ত লোৱা হোৱা নাই বুলি স্পষ্ট কৰি দিছে ব্লিংকেনে৷ আফগানিস্তানৰ ৰক্তক্ষয়ী পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ ঘানিয়ে উপযুক্ত নেতাৰ দায়িত্বসূচক কাম এই মুহূর্তত বিশ্ববাসীক দেখুৱাব লাগিব বুলিও ব্লিংকেনে কঠোৰ পত্রখন উল্লেখ কৰিছে৷
ইতিমধ্যে ব্লিংকেনৰ এই পত্রৰ প্রতিলিপি লাভ কৰিছে সংবাদ সংস্থা বিবিচিৰ সাংবাদিকে৷ ড’নাল্ড ট্রাম্প প্রশাসনে তালিবানৰ সৈতে ২০২০ চনত এক শান্তি চুক্তি স্বাক্ষৰ কৰিছিল যদিও আফগানিস্তানৰ শান্তি প্রক্রিয়াই অগ্রগতি লাভ নকৰিলে৷ এই চুক্তিতে ২০২১ৰ ১ মে’ত ট্রাম্পে আঢ়ৈ হাজাৰ সৈনিকক গৃহভূমিলৈ ওভতাই অনাৰ কথা ঘোষণা কৰিছিল৷ কিন্তু দেশখনৰ বর্তমান পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি বাইডেন প্রশাসনে সেনা প্রত্যাহাৰৰ বিষয়টোত কোনোধৰণৰ সিদ্ধান্ত গ্রহণ কৰা নাই৷