নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫ কোটিৰ ড্রাগ্ছসহ পাঁচ সৰবৰাহকাৰীক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  চুবুৰীয়া ৰাষ্ট্র চীন আৰু ম্যানমাৰৰ পৰা মণিপুৰ–নাগালেণ্ড হৈ গুৱাহাটীৰ মাজেৰে বহিঃৰাজ্যলৈ ড্রাগছৰ অবাধ সৰবৰাহ অব্যাহত আছে৷ আন্তঃৰাষ্ট্রীয় ড্রাগছ সৰবৰাহকাৰী চক্রই উগ্রপন্থী সংগঠনৰ সহায়ত গুৱাহাটীৰ মাজেৰে ড্রাগছৰ সৰবৰাহ কৰাৰ তথ্য লাভ কৰি উদ্বিগ্ণ হৈ পৰিছে গৃহ মন্ত্রালয়৷ মহানগৰীৰ পল্টনবজাৰ থানাত ৰুজু হোৱা এটা গোচৰৰ তদন্ত নার্ক’টিক্স কণ্ড্র’ল ব্যুৰ’ চমুকৈ এনচিবিয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে কালি সোণাপুৰৰ টোলগেটৰ সমীপত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্রাগছসহ পাঁচ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় সংস্থাটোৱে৷ এক গোপন সূত্রৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত এনচিবিৰ এটা দলে কালি সোণাপুৰৰ টোলগেটৰ সমীপত অভিযান চলাই এম এন ০৫ এ–৭২৬০ আৰু এ এছ ০১–ই এ–৬৩১২ নম্বৰৰ বিলাসী বাহন দুখনৰ পৰা ১০,২৭৬ কিলোগ্রাম ক্রিষ্টেল মেথাফেটামাইন নামৰ চাইনীজ ড্রাগছ জব্দ কৰে৷

এনচিবিৰ দলটোৱে দুর্ধর্ষ ড্রাগছ সৰবৰাহকাৰী ক্রমে মণিপুৰৰ ছাফিকুৰ ৰহমান, আব্দুল কুট্টি, চাজিদ আনোৱাৰ, কৃষ্ণমহাপাত্রম আলী আৰু তামিলনাডুৰ ত্যাগৰঞ্জন এম নামৰ ড্রাগছ সৰবৰাহকাৰীকেইটাক্ গ্রেপ্তাৰ কৰে৷ ধৃত সৰবৰাহকাৰীকেইটাৰ্ পৰা নগদ ৭৪,৫০০ টকা উদ্ধাৰ কৰে৷ এনচিবিৰ এক শীর্ষসূত্রই জানিবলৈ দিয়া মতে আন্তঃৰাষ্ট্রীয় বজাৰত জব্দকৃত ড্রাগছখিনিৰ মূল্য ৫ কোটিৰো অধিক৷ জব্দকৃত ড্রাগছখিনি চীনৰ পৰা ম্যানমাৰ হৈ মণিপুৰ–নাগালেণ্ডৰ মাজেৰে গুৱাহাটী হৈ চেন্নাইলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ড্রাগছ সৰবৰাহকাৰীকেইটাই৷ সম্প্রতি এনচিবিৰ দলটোৱে ধৃত ড্রাগছ সৰবৰাহকাৰীকেইটাক্ মাৰাথন জেৰা অব্যাহত ৰাখিছে৷

You might also like