নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনৰ পূর্বে ১১টাতকৈও অধিক দলৰ হঠাৎ আৱির্ভাৱ

নিয়মীয়া বাৰ্তা ১০ মাৰ্চঃ  অসমত এতিয়া নির্বাচনৰ বতৰ৷ ৰাজ্যত প্রথম পর্যায়ত অনুষ্ঠিত হ’ব লগা নির্বাচনক লৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ৰাষ্ট্রীয় আৰু ৰাজনৈতিক দলবোৰৰ মাজত ক্রমাৎ বৃদ্ধি পাইছে ৰাজনৈতিক কুচকাৱাজ৷ বৃদ্ধি পাইছে নির্বাচনকেন্দ্রিক তৎপৰতা৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে হূদপিণ্ডৰ গতিও যেন বাঢ়িবলৈ লৈছে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰা ৰথী–মহাৰথীসকলৰ্৷ নির্বাচনৰ প্রাক্মুহূর্তত কোন দলে ভোটাৰৰ মন জয় কৰি দিছপুৰৰ মছনদ দখল কৰিব পাৰে, তাকে লৈ ৰাজনৈতিক দলবোৰৰ মাজত চলিছে অঘোষিত প্রতিযোগিতা৷ নির্বাচনক লৈ ৰাষ্ট্রীয় আৰু আঞ্চলিক দলবোৰে প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিবলৈ প্রস্তুতি চলাই থকাৰ মাজতে ৰাজ্যত হঠাৎ আৱির্ভাৱ হৈছে একাংশ অখ্যাত ৰাজনৈতিক দলৰ৷ নির্বাচনৰ সময়ত হঠাৎ ব’হাগৰ কুলি চৰাইৰ দৰে আৱির্ভাৱ হোৱা এই ৰাজনৈতিক দলবোৰেও সংবাদ মেল পাতি নির্বাচনত অৱতীর্ণ হোৱাৰ কথা ঘোষণা কৰা দেখা গৈছে৷ এইপর্যন্ত অসমত ১১টাতকৈ অধিক অখ্যাত ৰাজনৈতিক দলে বিশেষকৈ গুৱাহাটীত সংবাদ মেল পাতি নিজ নিজ নির্বাচনী ইছ্যুৰ বিষয়ে অৱগত কৰাৰ লগতে প্রার্থীৰ তালিকাও ঘোষণা কৰিছে৷ নির্বাচনৰ সময়তহে হঠাৎ তৎপৰ হোৱা দেখিবলৈ পোৱা এই দলকেইটাই আনকি কেইবাটাও সমষ্টিত প্রার্থী জয়ী হ’ব বুলিও দাবী কৰিছে৷

উল্লেখ্য যে নির্বাচনৰ প্রাক্মুহূর্তত হঠাৎ সক্রিয় হোৱা তথা বাকী সময়ত সম্পূর্ণৰূপে নিষ্ক্রিয় হৈ থকা দলকেইটা হ’ল– ভোটার্ছ পার্টী ইণ্টাৰনেচনেল, ৰাষ্ট্রীয় উলেমা কাউন্সিল, নেচনেল ৰোড মেপ পার্টী অৱ ইণ্ডিয়া, পলিটিকেল জাষ্টিচ পার্টী, মাইন’ৰিটী পিপল্ছ পার্টী, আপনি জনতা পার্টী, ভাৰতীয় গণ পৰিষদ, ছেকুলাৰ ইনক্লাব পার্টী, আছাম পিপল্ছ ডেম’ক্রেটিক এলায়েন্স, লোক জনশক্তি পার্টী, ৰাষ্ট্রীয় জনতা দল আদি৷ ৰাজ্যত প্রায় গণভিত্তি নথকা সত্ত্বেও নির্বাচন অহাৰ বাবেই যেন এই ৰাজনৈতিক দলকেইটাই নির্বাচনত অৱতীর্ণ হৈছে৷ এই দলবোৰৰ নেতৃত্বৰ বাবে নির্বাচন যেন এক উৎসৱ৷ ভাৰতীয় গণ পৰিষদৰ ৰাজ্যিক সভাপতি শ্যামল সৰকাৰে জনোৱা মতে এইবাৰৰ নির্বাচনত দলটোৱে ৪০টা সমষ্টিত প্রার্থিত্ব দিব৷ ৰাজ্যত ১৬খন জিলা কমিটী আৰু ২ লাখ সদস্য থকা দলটোৱে নির্বাচনত ৫খন আসনত জয়ী হোৱাটো নিশ্চিত৷ কলহক প্রতীক হিচাপে লৈ দলটোৱে প্রথম পর্যায়ত শিলচৰ, তিনিচুকীয়া, সোণাৰি, নাওবৈচা, ঢ়েকীয়াজুলি, জাগীৰোড, চামগুৰি আদি সমষ্টিত প্রার্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে৷ দলটোৰ নির্বাচনী ইছ্যু হ’ল– অসমৰ সম–বিকাশ, সম–উন্নয়ন, বৈধ নাগৰিকক ডিটেনচন কেম্পৰ পৰা মুকলি কৰা আৰু ভাৰতীয় নাগৰিকক এন আৰ চিত নাম অন্তর্ভুক্ত কৰি শুদ্ধ এনআৰচি প্রস্তুত কৰা৷

সেইদৰে নেচনেল ৰোড মেপ পার্টী অৱ ইণ্ডিয়াৰ ৰাষ্ট্রীয় সম্পাদক শ্বাকিল আহমেদে অলপতে গুৱাহাটীত সংবাদ মেল সম্বোধন কৰি ৩০টা সমষ্টিত দলটোৱে প্রার্থিত্ব দিয়াৰ কথা ঘোষণা কৰে৷ শ্বাকিল আহমেদে জনোৱা মতে, অসমত ২৩খন জিলা কমিটী আৰু ৫ লাখ সদস্য আছে৷ ‘গেছ ষ্টোভ’ প্রতীক হিচাপে লৈ নির্বাচন খেলা দলটোৰ মূল ইছ্যু অসমৰ বান সমস্যাৰ স্থায়ী সমাধান, নিবনুৱা সমস্যা সমাধান আৰু অসমক দেশৰ ভিতৰতে অন্যতম পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলা৷ সেইদৰে ভোটার্ছ পার্টী ইণ্টাৰনেচনেলে আজি গুৱাহাটীত এখন সংবাদ মেলৰ আয়োজন কৰি মুঠ ৩৬খন আসনত প্রার্থী দিয়াৰ কথা ঘোষণা কৰে৷ দলটোৰ ৰাজ্যিক সদস্য আবু ছামাদে সংবাদ মেল সম্বোধন কৰি কয় যে দলটোৱে পাঁচটা সমষ্টিত জয়ী হোৱাৰ লক্ষ্যৰে নির্বাচন খেলিব৷ গুৱাহাটীত মুখ্য কার্যালয় নথকা দলটোৰ ১২ জিলাত ১৭ লাখ সদস্য থকা বুলি ছামাদে জনায়৷

আনহাতে লোক জনশক্তি পার্টীয়েও এইবাৰ নির্বাচন খেলাৰ বাবে সাজু হৈছে৷ দলটোৱে অলপতে প্রার্থীৰ তালিকা ঘোষণা কৰিছে৷ সেই অনুসৰি লাহোৱালত কোকিলকণ্ঠ গগৈ, তিনিচুকীয়াত চিত্ত বৰুৱা, টীয়কত ৰুবী নেওগ, দুলীয়াজানত মাধৱ দাস, চাবুৱাত অনন্ত হাজৰিকা, ডিগবৈত ৰতন ভট্টাচার্য আৰু বকোত সোণমণি দাসক প্রার্থিত্ব প্রদান কৰে৷ জনবল–ধনবল, বলিষ্ঠ নেতা আদি নথকা সত্ত্বেও নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ সাজু হোৱা এই দলকেইটাক আগন্তুক নির্বাচনত ৰাইজে কিদৰে গ্রহণ কৰে সেয়া নির্বাচনী ফলাফল ঘোষণাৰ পিছতহে জানিব পৰা যাব৷

You might also like