নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৪ মার্চত দ্বিতীয়খন তালিকা ঘোষণা কৰিব বিপিএফে

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ বাক্সা জিলাৰ বৰমাৰ বিপিএফৰ কার্যালয়ত আজি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰী উপস্থিত হৈ দলীয় স্থিতি সম্পর্কে বুজ লৈ অহা ১৪ মার্চত বিপিএফৰ দ্বিতীয়খন প্রার্থী তালিকা ঘোষণা কৰা হ’ব বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ তেওঁ লগতে ৰেখাৰাণী দাস বডোক বিপিএফৰ পৰা প্রার্থিত্ব প্রদান কৰিব বুলি ওলাই থকা কথা নসাৎ কৰি বৰমা সমষ্টিত প্রার্থিত্বৰ বাবে আবেদন কৰা চাৰিগৰাকী প্রার্থীৰ ভিতৰত এজনে পাব বুলি জনায়৷ উল্লেখ্য যে বৰমা সমষ্টিৰ পৰা বর্তমানৰ বিধায়ক মনেশ্ব ব্রহ্ম, বিপিএফৰ সাধাৰণ সম্পাদক প্রবীণ বড়ো, দলটোৰ প্রচাৰ সম্পাদক ৰজনী বৰজৌৱাৰী আৰু চটন ৰামচিয়াৰীয়ে প্রার্থিত্ব বিচাৰিছে৷ আনফালে আজি আবেলি বিপিএফৰ সাধাৰণ সম্পাদক প্রবীণ বড়োৱে এখন সংবাদ মেল আয়োজন কৰি বাতৰিকাকতত প্রাক্তন মন্ত্রী ৰেখাৰণী দাস বড়োৱে বিপিএফৰ পৰা বৰমা সমষ্টিত প্রার্থিত্ব দিয়া হ’ব বুলি চলি থকা চর্চাক নাকচ কৰি ৰেখাৰাণী দাস বডোৰ সৈতে দলৰ একো যোগাযোগ নাই বুলি জনায়৷ আনহাতে এটা বিবৃতি অনুসৰি প্রাক্তন মন্ত্রী ৰেখাৰাণী দাস বড়োৱে প্রার্থিত্ব সংক্রান্তত বিপিএফৰ সৈতে কোনো ধৰণৰ যোগাযোগ কৰা নাই বুলি জানিবলৈ দি তেওঁ বিজেপি দলৰ আদর্শৰ প্রতি বিশ্বাসী হৈ দলৰ নীতি–নিয়ম মানি চলি থকা ব্যক্তি বুলি কয়৷

You might also like