নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ সহস্রাধিক সমর্থকৰ বিশাল সমদলেৰে মনোনয়ন দাখিল মন্ত্রী পীয়ূষৰ

মৰিগাঁৱত মিত্রজোঁটৰ প্রার্থীৰ মনোনয়ন দাখিলত মুখ্যমন্ত্রী সোণোৱাল

নিয়মীয়া বার্তা, ১৩ মার্চঃ কংগ্রেছৰ শাসনকালত ভাষা–ধর্ম–সম্প্রদায়ৰ নামত সংঘাত সৃষ্টি হৈছিল৷ তাৰ ফলত বহু নিৰীহ লোকে মৃত্যুবৰণ কৰিবলগীয়া হৈছিল৷ সেই অৰাজকতাৰ অন্ত পেলাই বিজেপিয়ে অসমৰ বুকুত শান্তি আৰু ভাতৃত্ববোধ প্রতিষ্ঠা কৰাত সফল হৈছে৷ –এই মন্তব্য মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ৷ শুকুৰবাৰে মৰিগাঁৱত সহস্রাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত এই মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যত চলি থকা দুর্নীতি, অনিয়ম আৰু সুৰক্ষাৰ বাবে ২০১৬ চনত অসমৰ ৰাইজে বিজেপিক শাসনভাৰ অর্পণ কৰিছিল৷ ৰাইজৰ এনে বিশ্বাসক আগত লৈয়ে সততা আৰু নিষ্ঠাৰে ৰাজ্য চৰকাৰখনে কার্যকাল সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ’ল৷

উল্লেখ্য যে দ্বিতীয় পর্যায়ৰ নির্বাচনত মনোনয়ন–পত্র দাখিলৰ অন্তিম দিনটোত জাগীৰোডত  ৩০ সহস্রাধিক সমর্থকক লৈ মনোনয়ন দাখিল কৰিলে বিজেপি প্রার্থী তথা ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই৷ দলীয় সমর্থক, শুভাকাংক্ষী তথা সাধাৰণ ৰাইজৰ বিশাল ৰেলীৰে আজি মৰিগাঁও জিলা উপায়ুক্তৰ কার্যালয়ত মনোনয়ন দাখিল কৰা পীয়ূষ হাজৰিকাক এই যাত্রাত সংগ দিয়ে পত্নী তথা অভিনেত্রী আইমী বৰুৱা আৰু পুত্র–কন্যাই৷ মনোনয়ন দাখিলৰ পাছতেই অনুষ্ঠিত ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রীয়ে কংগ্রেছৰ সমালোচনাত সৰৱ হৈ পৰে৷ তেওঁ কয়– কংগ্রেছে এ আহ ইউ ডি এফৰ সৈতে মিত্রতা কৰি অসমৰ জাতীয় অস্তিত্ব বিপন্ন কৰাৰ বাবে ষড়যন্ত্র ৰচনা কৰিছে৷ তাক সম্পূর্ণৰূপে মষিমূৰ কৰিব লাগিব৷ কংগ্রেছৰ কার্যকালত টকা–পইচা নিদিলে কোনেও চাকৰি লাভ কৰা নাছিল৷ কংগ্রেছৰ দালালসকলক আই এ ৱাই গৃহ লাভ কৰিবলৈ দুখীয়া ৰাইজে ধন দিবলগীয়া হৈছিল৷ দুর্নীতিৰে কংগ্রেছে সমগ্র শাসন ব্যৱস্থাটোত কালিমা সানিছিল৷ এই সময়ছোৱাত চৰকাৰ আৰু প্রশাসনযন্ত্রৰ ওপৰত ৰাইজৰ আস্থা নোহোৱা হৈছিল৷ কিন্তু বিজেপি চৰকাৰে ৰাইজৰ মাজত সেই আস্থা ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ চৰকাৰখনে যি সততা আৰু নিষ্ঠাৰে দুর্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলালে, তাৰ বাবে ৰাইজে বিজেপি চৰকাৰক বিশ্বাস আৰু আশ্বাসত লৈছে৷

বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে সকলো সময়তে সকলোৰে সম–উন্নয়নৰ বাবে কাম কৰি আহিছে৷ সামাজিক সুৰক্ষা আৰু সমান্তৰালভাৱে অর্থনৈতিক দিশত আগুৱাই নিয়াৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰি আহিছে৷ মুখ্যমন্ত্রীয়ে তেওঁৰ ভাষণত লগতে কয়– ৰাজ্যখনত এইবাৰ বিজেপিৰ চৰকাৰ হোৱাটো সুনিশ্চিত৷ পীয়ূষ হাজৰিকা আৰু ৰমাকান্ত দেউৰীয়ে ২০১৬ চনত যি প্রতিশ্রুতিৰে জাগীৰোড আৰু মৰিগাঁও সমষ্টিত উন্নয়নৰ বাবে কাম কৰিলে, তাৰ বাবে দুয়োটা সমষ্টিৰ ৰাইজৰ যথেষ্ট সমস্যা সমাধান হৈছে৷ আজিৰ এই সভাত প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁই, জাগীৰোড সমষ্টিৰ প্রার্থী পীয়ূষ হাজৰিকা, মৰিগাঁও সমষ্টিৰ বিজেপি প্রার্থী ৰমাকান্ত দেউৰী, লাহৰীঘাট সমষ্টিৰ বিজেপি প্রার্থী কাদিৰু জামান জিন্নাকে ধৰি দলটোৰ কেইবাজনো নেতা উপস্থিত থাকে৷

You might also like