নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয় পর্যায়ৰ বাবে দুই শতাধিকৰ মনোনয়ন দাখিল

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ দ্বিতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ আজি সময়সীমা উকলি গ’ল৷ অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে নিশা ৮.৪৫ বজালৈকে দিয়া তথ্য অনুসৰি মুঠ ২০২জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে৷ মনোনয়ন পত্র দাখিলক কেন্দ্র কৰি বিগত দিনকেইটাৰ দৰে শুকুৰবাৰে সমষ্টিয়ে সমষ্টিয়ে উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে৷ মনোনয়ন পত্র দাখিল কৰা প্রার্থীসকলে বিশাল পদযাত্রা–সমদল–স্ নিজৰ শক্তি প্রদর্শন তথা চমক দিয়াৰ চেষ্টা চলায়৷ মনোনয়ন পত্র দাখিল কৰা প্রার্থীৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ ইফালে, প্রথম পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত অৱতীর্ণ হ’ব মুঠ ২৬৯জন প্রার্থী৷ এই কথা নিশ্চিত কৰিছে মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ে৷ প্রথম পর্যায়ৰ নির্বাচনৰ বাবে ২৯৫জন প্রার্থীয়ে মনোনয়ন পত্র দাখিল কৰিছে৷ কিন্তু ১০জন প্রার্থীৰ মনোনয়ন পত্র নাকচ কৰাৰ বিপৰীতে আজিৰ দিনটোলৈকে ১৬জন প্রার্থীয়ে নিজৰ মনোনয়ন পত্র প্রত্যাহাৰ কৰে৷ এনে প্রেক্ষাপটত অহা ২৭ মার্চত অনুষ্ঠিতব্য প্রথম পর্যায়ৰ নির্বাচনত প্রতিদ্বন্দ্বিতাত নামিব ২৬৯জন প্রার্থীহে৷ উল্লেখ্য যে নির্বাচন আয়োগে ঘোষণা কৰা সূচী অনুসৰি অহা ২৭ মার্চ, ১ এপ্রিল আৰু ৬ এপ্রিলত তিনিটা পর্যায়ত ৰাজ্যত নির্বাচন অনুষ্ঠিত হ’ব৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ বাবে আজি জাৰি কৰা হৈছে অধিসূচনা৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন পত্র দাখিলৰ অন্তিম দিন ১৯ মার্চ হোৱাৰ বিপৰীতে ২০ মার্চত মনোনয়ন পত্রসমূহ পৰীক্ষা কৰা হ’ব৷ ২০ মার্চ হৈছে মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন৷

You might also like