২৭ মার্চৰ পৰা বৰপেটাত দৌল মহোৎসৱ
নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ মহাপুৰুষ শ্রীশ্রী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্রত শ্রীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আয়োজন কৰা হৈছে৷ বৈকুণ্ঠত উদযাপিত দৌলোৎসৱৰ আর্হিত বৰপেটা সত্রৰ প্রথমজনা সত্রাধিকাৰ শ্রীশ্রী মথুৰা দাস বুঢ়াআতাই পাতনি মেলা শ্রীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱ এইবাৰ অহা ২৭ মার্চৰ পৰা ২৯ মার্চলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব৷ তিনিও ৰাজ্যৰ বন্দনী থান বৰপেটা বৰধামত পূর্বৰ দৰে এইবাৰো ধর্মীয় আৰু লৌকিক পৰম্পৰাৰ বিবিধ কার্যসূচীৰে অতি আকর্ষণীয় আৰু জাকজমকতাৰে শ্রীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱ উদযাপন কৰা হ’ব৷ তিনিদিনীয়াকৈ উদযাপিত হ’বলগীয়া দৌলযাত্রা মহোৎসৱ আয়োজনৰ বাবে যুদ্ধকালীন তৎপৰতাৰে প্রস্তুতি আৰম্ভ কৰিছে সত্র পৰিচালনা সমিতিয়ে৷
ইতিমধ্যে দৌলযাত্রা মহোৎসৱ উপলক্ষে সত্রৰ দালান, দৌলগৃহ, যোগমোহন গৃহ, মঠ, তোৰণ আদি নতুন ৰঙেৰে সুশোভিত কৰি তোলা হৈছে৷ তিনিদিনীয়া দৌলযাত্রা মহোৎসৱৰ অংশস্বৰূপে প্রথম দিনা ২৭ মার্চৰ দিনটো ‘বহ্ণোৎসৱ’ বা ‘গন্ধযাত্রা’ হিচাপে পালন কৰা হ’ব৷ পৰম্পৰাগত কার্যসূচী অনুসৰি সিদিনা আবেলি পৰত এক নির্দিষ্ট ক্ষণত ‘দৌল গোবিন্দ’ আৰু ‘কলীয়া ঠাকুৰ’ক গায়ন–বায়ন, বৰ ঢুলীয়া সমন্বিতে মণিকূট গৃহৰ পৰা উলিয়াই আনি মঠৰ চোতালত বৰ শৰাইৰ ওপৰত ৰখা হ’ব৷ সন্ধিয়া পৰত নির্দিষ্ট ক্ষণত মঠৰ চোতালৰ পৰা গোসাঁইদ্বয়ক গায়ন–বায়ন বৰঢুলীয়া সমন্বিতে ভক্তসকলৰ দ্বাৰা টুপৰ চোতালত থকা মেজিৰ কাষলৈ লৈ যোৱা হ’ব৷ মেজিৰ জুই প্রজ্বলিত কৰি গোসাঁইদ্বয়ক সাত পাক ঘূৰোৱা হ’ব৷ গোসাঁইদ্বয়ক প্রজ্বলিত মেজিৰ চাৰিওফালে ঘূৰাবলৈ লোৱাৰ সময়তে থলুৱা আতচবাজী প্রদর্শনৰ লগতে আকাশলৈ ফানুচ উৰোৱা হ’ব৷ প্রজ্বলিত মেজিৰ চাৰিওফালে সাত পাক ঘূৰোৱাৰ অন্তত গোসাঁইদ্বয়ক যোগমোহন গৃহৰ শৰাইৰ ওপৰত ৰখা হ’ব৷ পৰৱর্তী সময়ত নক্ষত্র গণনা অনুসৰি শুভ ক্ষণত গোসাঁইদ্বয়ক দৌলগৃহত আৰোহণ কৰোৱা হ’ব৷ দ্বিতীয় দিনা ২৮ মার্চৰ দিনটো পালন কৰা হ’ব ‘ভৰদৌল’ হিচাপে৷ পৰম্পৰাগত ৰীতি–নীতি অনুসৰি সিদিনা পুৱাৰ ভাগত যোগমোহন গৃহত আইসকল আৰু বাপুসকলৰ প্রসংগৰ পাছত বংশৰা অথবা হাটী গোটৰ গায়ন–বায়নসকলৰ দ্বাৰা গুৰুঘাটা বজাই পুৱাৰ গীত, দৌলৰ গীত আদি পৰিৱেশন কৰোৱা হ’ব৷ তাৰ পাছত ‘ভজন বিহাৰ’, ঝুমুৰাৰ গীত আদি পৰিৱেশন কৰা হ’ব৷ আবেলিৰ ভাগত পৰিৱেশন কৰা হ’ব ঘোষা কীর্তন আৰু ব্যাস কীর্তন৷ নিশা গুণমালা, লীলামালা, গুৰু ভটিমা, সেৱা কীর্তন আদি নিবেদনৰ অন্তত বৰধেমালি বজাই অংকীয়া নাট উপস্থাপনেৰে সামৰণি ঘাটা বজোৱা হ’ব৷ ভৰদৌলৰ নিশা নির্দিষ্ট ক্ষণত দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক দৌলগৃহৰ পৰা নমাই কীর্তন ঘৰৰ ভিতৰলৈ নিয়া হ’ব৷ দৌলগৃহত থকা সময়ত দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক পুৰুষ–মহিলা নির্বিশেষে সকলোৱে দর্শন কৰি সেৱা জনাব পাৰিব৷ ভৰদৌলৰ পিছদিনাখন অর্থাৎ ২৯ মার্চৰ দিনটো ‘সুৱেৰী’ অর্থাৎ ফাঁকুৱা হিচাপে উদযাপন কৰা হ’ব৷ সুৱেৰীৰ দিনা আবেলি দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক পুনৰ মঠৰ চোতাললৈ উলিয়াই আনি অর্চন–বন্দন কৰা হ’ব৷
তাৰ পাছত গায়ন–বায়ন, ঢুলীয়া, হোলী গীতৰ দলসহ গোসাঁইক দোলাসনত তুলি শত–সহস্র ভক্তৰ অংশগ্রহণেৰে সমদল কৰি গণককুছিৰ কলবাৰী সত্রলৈ নিয়া হ’ব৷ কলবাৰী সত্রত গোসাঁইৰ দোলা পৱিত্র ভূমিত ৰাখি ‘হেক্তা খোৱা’ পর্ব সমাপন কৰা হ’ব৷ হেক্তা খোৱাৰ পাছত গোসাঁইক পুনৰ বৰপেটা সত্রলৈ ওভতাই অনা হ’ব৷ গোসাঁই আহি বৰপেটা সত্রৰ মুখ্য প্রৱেশদ্বাৰত উপস্থিত হোৱাৰ লগে লগে টুপৰ চোতালত অনুষ্ঠিত হ’ব ‘বাঁহভঙা’ অনুষ্ঠান৷ বৰপেটীয়া যুৱকৰ বাহুবল প্রদর্শিত বাঁহভঙা অনুষ্ঠানত পূর্বৰ পৰম্পৰা অনুসৰি দক্ষিণ হাটী, ন হাটী আৰু উত্তৰ হাটীৰ বাপুসকলে অংশগ্রহণ কৰিব৷ বাঁহ ভঙাৰ অন্তত গোসাঁইক সত্রত প্রৱেশ কৰোৱাই কীর্তন ঘৰৰ চাৰিওফালে সাত পাক প্রদক্ষিণ কৰোৱা হ’ব৷ গোসাঁইৰ প্রদক্ষিণৰ কালছোৱাত মঠৰ চোতালত অনুষ্ঠিত হ’ব ‘ বোলবোলনি’ শীর্ষক এক অর্ধ–নাটকীয় অনুষ্ঠান৷ তাৰ পাছত দৌলগোবিন্দ আৰু কলীয়া ঠাকুৰক মণিকূট গৃহত প্রৱেশ কৰোৱাৰ লগে লগে শ্রীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱৰ আনুষ্ঠানিকভাৱে সামৰণি পৰিব৷
ইপিনে, দৌলযাত্রা মহোৎসৱৰ লগত সংগতি ৰাখি সত্রৰ স্থায়ী মঞ্চত তিনিওদিনাই সত্রীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ ব্যৱস্থা কৰা হৈছে৷ তদুপৰি দৌলযাত্রা মহোৎসৱৰ লগত সংগতি ৰাখি ২৬ মার্চৰ বিয়লি সত্রৰ স্থায়ী মঞ্চত অনুষ্ঠিত হ’ব পুৰুষ–মহিলাৰ হোলীগীত প্রতিযোগিতা৷ প্রণিধানযোগ্য যে এইবাৰ পোনপ্রথমবাৰৰ বাবে দৌলযাত্রা মহোৎসৱৰ লগত সংগতি ৰাখি সম্পূর্ণ ৰঙীণ পৃষ্ঠাৰে সমৃদ্ধ এখন দৃষ্টিনন্দন স্মৃতিগ্রন্থ প্রকাশৰ ব্যৱস্থা কৰা হৈছে৷ অসম পর্যটন সঞ্চালকালয়ৰ অর্থ সাহায্যত প্রকাশ পাবলগীয়া স্মৃতিগ্রন্থখনৰ প্রাৰম্ভিক কাম–কাজসমূহ ইতিমধ্যে আৰম্ভ হৈছে৷
তাৎপর্যপূর্ণভাৱে দৌলযাত্রা মহোৎসৱ উদ্যাপনৰ লগত জডিত এক বিশেষ বিষয় পুনৰবাৰ ৰাইজৰ দৃষ্টি আকর্ষণ কৰিব বিচাৰিছে বৰপেটা সত্র পৰিচালনা সমিতিয়ে৷ সত্র পৰিচালনা সমিতিৰ সভাত ইতিপূর্বে গৃহীত প্রস্তাৱ অনুসৰি হোলীগীত গোৱা অথবা আনন্দ–উল্লাস কৰাৰ নামত সত্রৰ তিনি বাটচ’ৰা চৌহদৰ ভিতৰত চিন্থেটিক ড্রাম আদিকে ধৰি পৰম্পৰাবিৰোধী যিকোনো ধৰণৰ বাদ্যযন্ত্র বজোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷ এইক্ষেত্রত নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি জানিবলৈ দিছে সত্র পৰিচালনা সমিতিয়ে৷ লগতে শ্রীকৃষ্ণৰ দৌলযাত্রা মহোৎসৱত ভক্তিপ্রাণ ৰাইজৰ উপস্থিতি আৰু সহায়–সহযোগ সত্র পৰিচালনা সমিতিয়ে আন্তৰিকতাৰে কামনা কৰিছে৷