নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মার্চত মনোনয়ন দিব সাংসদ নৱ শৰণীয়াই

নিয়মীয়া বাৰ্তা ১৩ মাৰ্চঃ নির্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানে তৎপৰ হৈ উঠিছে দলীয় নেতা–কর্মী৷ ৬২নং বৰমা বিধানসভা সমষ্টিতো চলিছে ব্যাপক তৎপৰতা৷ সমষ্টিটোৰ পৰা নির্দলীয় প্রার্থী হিচাপে প্রতিদ্বন্দ্বিতা কৰিব কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়াই৷ অহা ১৫ মার্চত বৰমা বিধানসভা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিব বুলি সাংসদ শৰণীয়াই জানিবলৈ দিছে৷

সাধাৰণ জনতাক ওচৰৰ পৰা সহায় কৰাৰ স্বার্থত বিধানসভা নির্বাচনত নির্দলীয় প্রার্থী হিচাপে থিয় হ’বলৈ ওলোৱা বুলি জনায় সাংসদ শৰণীয়াই৷ আনহাতে, যোৱা ১৫ বছৰে বিপিএফৰ দখলত থকা বৰমা সমষ্টিটোত ৰাইজে কোনো উন্নয়ন দেখা পোৱা নাই বুলি দোহাৰি সমষ্টি উদ্ধাৰৰ বাবে যুঁজ দিব বুলিও জনায় সাংসদ শৰণীয়াই৷ নির্বাচনী পৰিচালনা সমিতি গঠনৰ উদ্দেশ্যে আজি অনুষ্ঠিত সভাত উপস্থিত থাকে সাংসদ শৰণীয়া৷

You might also like