নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি ইংলেণ্ডৰে দ্বিতীয় টি–২০ প্রত্যাৱর্তনৰ বাবে সাজু টীম ইণ্ডিয়া

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ  প্রথম টি–২০ত ধৰাশায়ী হোৱাৰ পিছত টীম ইণ্ডিয়াই ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত প্রত্যাৱর্তনৰ লক্ষ্যৰে আজি দ্বিতীয় টি–২০ত খেলপথাৰত নামিব৷ আহমেদাবাদৰ সুবৃহৎ নৰেন্দ্র মোদী ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া মেচখনত ঘৰুৱা দলটোৱে বেটিঙত প্রদর্শন উন্নত কৰাটো আৱশ্যক হৈ পৰিছে৷

তিনি মাহৰ মূৰত শুকুৰবাৰে প্রথমখন টি–২০ মেচ খেলা ভাৰতে জয়ৰ ধাৰালৈ উভতি আহিবলৈ কাইলৈ লোকেশ ৰাহুল, কোহলি, হার্দিক পাণ্ডিয়া আৰু ঋষভ পণ্টৰ দৰে আগশাৰীৰ বেটছমেনসকলে বিস্ফোৰক বেটিঙেৰে চমক সৃষ্টি কৰিব লাগিব৷

শুকুৰবাৰে নিশা পণ্ট আৰু পাণ্ডিয়াই বিস্ফোৰক আৰম্ভণি কৰিছিল যদিও অধিক সময় ক্রিজত থাকিব নোৱাৰিলে৷ ইফালে, তাৰকা অ’পেনাৰ ৰোহিত শর্মাৰ অনুপস্থিতিত অধিনায়ক কোহলিয়ে দলৰ ইনিংছ দ্রুতগতিৰে আগুৱাই নিয়াৰ দায়িত্ব গ্রহণ কৰিব লাগিব৷ তাৰকাগৰাকীৰ শেহতীয়া দুর্বল ফর্মে ইতিমধ্যে দলক চিন্তাত পেলাইছে৷

দ্বিতীয় টি–২০ত কোহলিয়ে ব্যক্তিগতভাৱে স্বাভাৱিক ছন্দ ওভতাই পোৱাৰ লগতে ভাৰতক জয়ৰ ধাৰালৈ ওভতাই অনাৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ নির্ভৰযোগ্য মিডল অর্ডাৰ বেটছমেন শ্রেয়াছ আয়াৰে প্রথম টি–২০ত ৬৭ ৰানৰ ইনিংছেৰে ভাৰতৰ হৈ যুঁজ দিছিল৷ দ্বিতীয় টি–২০তো ঘৰুৱা দলটোৱে তেওঁৰ পৰা আন এক দীঘলীয়া ইনিংছ আশা কৰিব৷

ইফালে, প্রথম মেচত শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ পিছত টীম ইণ্ডিয়াই আজি বলিঙত কিছু সালসলনিৰে খেলপথাৰত নমাৰ সম্ভাৱনা আছে৷ ছার্দুল ঠাকুৰ আৰু য়ুজবেন্দ্র চাহালৰ স্থানত আজি হয়তো নৱদীপ ছাইনী আৰু ৰাহুল তেৱাটিয়াই মূল একাদশত সুযোগ পাব৷

ইফালে, প্রথম টি–২০ত চমকপ্রদ জয়েৰে শক্তিৰ পৰিচয় দিয়া ইংলেণ্ডে আন এক জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব৷ ইয়ন মৰগান নেতৃত্বাধীন দলটোত আছে জ’ছ বাটলাৰ, জেছন ৰয়, ডেৱিদ মালান, বেন ষ্ট’কছ, জ’নী বেয়াৰষ্ট’ আদিৰ দৰে কেইবাগৰাকীও বিস্ফোৰক বেটছমেন৷

খেলৰ সময়ঃ নিশা ৭ বজা৷

You might also like