‘হাত’ এৰি ‘পদুম’–‘পদুম’ নাপাই ধৰিছে ‘হাত’
- হোজাইত কংগ্রেছৰ প্রার্থিত্ব নাপাই বিজেপিৰ কাষ চাপিল ডাঃ অর্ধেন্দু দে’
- নগাঁৱত কংগ্রেছক চেলেঞ্জ দি নির্দলীয় হ’ল ডাঃ দুর্লভ চমুৱা
- সোণাইত এনামুল হকো নির্দলীয় প্রার্থী
- পাথাৰকান্দিত বিদ্রোহ মণিলাল গোৱালাৰ
- ডিগবৈত টিকট নাপাই গৌতম ধানোৱাৰ–শিৱসাগৰত কল্যাণ গগৈয়ে এৰিলে দল
- শিলচৰত বিজেপিৰ টিকটবঞ্চিত দিলীপ পালে খেলিব নির্দলীয় হৈ
- নিশাটোৰ ভিতৰতে বিজেপি এৰি কংগ্রেছলৈ ঢ়াপলি ছুম ৰংহাং–বিতোপন শইকীয়াৰ
- গহপুৰৰ গোপাল শইকীয়া হৈ পৰিল ৰিপুণ বৰাৰ অনুগত
এইবাৰ বিধানসভা নির্বাচনত দলীয় টিকটক কেন্দ্র কৰি প্রতিটো দলতে ক্ষোভ–সন্তুষ্টি–বিদ্রোহৰ জুই জ্বলি উঠিছে৷ প্রথম আৰু দ্বিতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশ হোৱাৰ পাছতেই দেখা গৈছে সেই পৰিৱেশ৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা এই মুহূর্তলৈ প্রকাশ পোৱা নাই যদিও প্রথম দুটা পর্যায়ৰ দৰেই তৃতীয় পর্যায়তো একেই ক্ষোভ–সন্তুষ্টি–বিদ্রোহৰ জুই জ্বলাৰ পূর্বাভাস ইতিমধ্যে বহু সমষ্টিত পৰিলক্ষিত হৈছে৷ ক্ষোভ–সন্তুষ্টি–বিদ্রোহৰ এইবাৰ ইমানেই প্রকট হৈছে যে দলীয় টিকট ঘোষণাৰ পাছতেই বহুতে হাত এৰি পদুমত ধৰিছে৷ সেইদৰে পদুমৰ টিকট নাপাই নিশাটোৰ ভিতৰতে পদুম এৰি হাতত ধৰিছে৷ কেৱল বিজেপি আৰু কংগ্রেছতে যে এনে পৰিৱর্তন আহিছে সেয়া নহয়, এ আই ইউ ডি এফ আৰু অগপতো দেখা গৈছে অনুৰূপ পৰিৱেশ৷ মুঠতে ক্ষোভ–সন্তুষ্টি–বিদ্রোহ এইবাৰ দলে দলে বিদ্যমান৷ হোজাই সমষ্টিৰ কংগ্রেছৰ প্রার্থিত্বৰ সবল দাবীদাৰ প্রাক্তন মন্ত্রী ডাঃ অর্ধেন্দু কুমাৰ দে’ৰ লগতে তেওঁৰ পুত্র একলব্য দে’য়েও দলীয় টিকটৰ পৰা বঞ্চিত হ’ল৷ পিতা–পুত্রই কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই ডাঃ দে’ই নিশাটোৰ ভিতৰতে দল ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰে৷ সেইদৰে নগাঁও সদৰ সমষ্টিত কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হৈ প্রাক্তন বিধায়ক ডাঃ দুর্লভ চমুৱায়ো গ্রহণ কৰিলে কঠোৰ সিদ্ধান্ত৷ নগাঁৱত কংগ্রেছক চেলেঞ্জ দি এইবাৰ নির্বাচনত নির্দলীয় প্রার্থী ৰূপে অৱতীর্ণ হৈছে ডাঃ চমুৱা৷ সোণাই সমষ্টিতো দেখা গৈছে একেই দৃশ্য৷ সোণাই সমষ্টি এইবাৰ কংগ্রেছে মহাজোঁটৰ অংশীদাৰ দল এ আই ইউ ডি এফক এৰি দিছে৷ দলৰ এই সিদ্ধান্তত ক্ষুণ্ণ–ক্ষুব্ধ হৈ সমষ্টিটোৰ প্রাক্তন কংগ্রেছী বিধায়ক এনামুল হকে ইতিমধ্যে নির্দলীয় হিচাপে নির্বাচনী ৰণত অৱতীর্ণ হৈছে৷
পাথাৰকান্দিত দলীয় টিকটৰ পৰা বঞ্চিত হৈ প্রাক্তন বিধায়ক মণিলাল গোৱালায়ো ইতিমধ্যে সমষ্টিটোত বিদ্রোহৰ পতাকা দাঙি ধৰিছে৷ গোৱালাই দলীয় টিকটৰ পৰা বঞ্চিত হোৱাৰ পাছতেই তেওঁৰ সমর্থকসকলে দলীয় কার্যালয়ত তাণ্ডৱ চলাই আচবাব আদি জ্বলাই দিয়ে৷ সেইদৰে ডিগবৈত দলীয় টিকট নাপাই গৌতম ধানোৱাৰ, শিৱসাগৰত দলীয় টিকটৰ পৰা বঞ্চিত হৈ কল্যাণ গগৈয়ে দলৰ পৰাই পদত্যাগ কৰে৷ ইপিনে বিজেপিতো দেখা গৈছে একেই দৃশ্যপট৷ শিলচৰত দলৰ টিকট নাপাই বিধায়ক দিলীপ পালে এইবাৰ নির্বাচনত নির্দলীয় হিচাপে অৱতীর্ণ হৈছে৷ টিকটৰ পৰা বঞ্চিত মন্ত্রী ছুম ৰংহাঙে নিশাটোৰ ভিতৰতে বিজেপি এৰি কংগ্রেছলৈ ঢ়াপলি মেলে আৰু কংগ্রেছ প্রার্থী হিচাপে এইবাৰ নির্বাচনত তেওঁ ডিফু সমষ্টিৰ পৰা অৱতীর্ণ হৈছে৷ সেইদৰে গোলাঘাট সমষ্টিৰ সবল প্রার্থিত্বৰ দাবীদাৰ বিতোপন শইকীয়াই বিজেপিৰ টিকট নাপাই নিশাটোৰ ভিতৰতে পদুম এৰি হাতত ধৰে৷ গোলাঘাটত কংগ্রেছৰ প্রার্থী হিচাপে তেওঁ এই নির্বাচনত অৱতীর্ণ হৈছে৷ গহপুৰ সমষ্টিতো অনুৰূপ ঘটনা ঘটিছে৷ গহপুৰৰ বর্তমানৰ বিধায়ক উৎপল বৰাৰ উপৰি এইবাৰ বিজেপি নেতা গোপাল শইকীয়া আছিল সমষ্টিটোৰ অন্যতম প্রার্থিত্বৰ দাবীদাৰ৷ কিন্তু দলে বিধায়ক বৰাকে পুনৰ প্রার্থিত্ব প্রদান কৰাত পদুম এৰি গোপাল শইকীয়াই যোগদান কৰিলে কংগ্রেছত৷
বর্তমান গোপাল শইকীয়াই ৰিপুণ বৰাৰ অনুগত হিচাপে সমষ্টিটোত বিজেপিক প্রত্যাহ্বান জনাবলৈ যুদ্ধক্ষেত্রত নামি পৰিছে৷ সেইদৰে পাটাছাৰকুছিত বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা ফণী পাঠকেও শেহতীয়াকৈ বিজেপি ত্যাগ কৰিছে৷ আনহাতে, অংশীদাৰ দলৰে আসন বুজাবুজিক লৈ কংগ্রেছ, এ আই ইউ ডি এফ, অগপ, বিজেপিৰ মাজতো হৈছে বিদ্রোহ৷ এইবাৰ কংগ্রেছে বিহালীৰ আসনখন চি পি আই (এম এল) দলক এৰি দিয়াৰ প্রতিবাদত সমষ্টিটোৰ তিনিখুঁটি পঞ্চায়তৰ লগতে জিনজিয়া কংগ্রেছৰ প্রায় ২০০ সক্রিয় নেতাই দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ লগতে সমষ্টিটোৰ বিজেপি প্রার্থী ৰঞ্জিত দত্তৰ হৈ ইতিমধ্যে নির্বাচনী প্রচাৰকার্যত নামি পৰিছে৷ সেইদৰে মৰিগাঁও সমষ্টিটো কংগ্রেছে চি পি আইক এৰি দিয়াৰ প্রতিবাদত ইতিমধ্যে সমষ্টিটোৰ বহু কংগ্রেছীয়ে দলত্যাগ কৰি বিজেপি প্রার্থী ৰমাকান্ত দেউৰীৰ হৈ প্রচাৰত নামি পৰা দেখা গৈছে৷ আনহাতে, কংগ্রেছৰে কৰা আসন বুজাবুজি তথা দলীয় প্রার্থী বাছনিত অনিয়ম–দুর্নীতি হোৱাৰ অভিযোগ তুলি বদৰুদ্দিন আজমলৰ বিৰুদ্ধেও মুকলিকৈ ক্ষোভৰ বহিঃপ্রকাশ ঘটাই সমষ্টিয়ে সমষ্টিয়ে এ আই ইউ ডি এফৰ নেতা–কর্মীয়ে বিদ্রোহ কৰিছে৷ বিশেষকৈ দক্ষিণ অভয়াপুৰী–ৰূপহীহাট বিলাসীপাৰা–লাহৰীঘাট্ এ আই ইউ ডি এফ নেতা–কর্মীসকলে ইতিমধ্যে ৰাজহুৱাভাৱে আজমল আৰু দলটোৰ নেতৃত্বৰ বিৰুদ্ধে প্রকাশ্যে ক্ষোভ প্রকাশ কৰাৰ লগতে ধনৰ বিনিময়ত দলটোৱে আসন বুজাবুজি আৰু টিকট প্রদান কৰাৰ অভিযোগ কৰিছে৷ ৰূপহীহাট সমষ্টিত দলৰ কেন্দ্রীয় কমিটীৰ সাধাৰণ সম্পাদক নুৰুল আমিন চৌধুৰীয়ে ইতিমধ্যে বিদ্রোহ ঘোষণা কৰি সমষ্টিটোত নির্দলীয় প্রার্থী হিচাপে অৱতীর্ণ হৈছে৷
বটদ্রৱা সমষ্টিতো এ আই ইউ ডি এফৰ স্থানীয় নেতা–কর্মীসকলে দলীয় সিদ্ধান্ত উলংঘা কৰি এজন লোকক নির্দলীয় হিচাপে প্রক্ষেপ কৰিছে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশৰ পাছত কংগ্রেছৰ লগতে এ আই ইউ ডি এফৰ ভিতৰচ’ৰাত এই ক্ষোভ–সন্তুষ্টি–বিদ্র্ প্রাবল্য আৰু অধিক বৃদ্ধি পোৱাটো অৱধাৰিত বুলিব পাৰি৷
ইপিনে বিদ্রোহৰ জুইৰ পৰা মুক্ত নহয় বিজেপিৰ মিত্রদল অগপও৷ এইবাৰৰ নির্বাচনত অগপই লখিমপুৰ সমষ্টিটো বিজেপিক এৰি দিছে৷ কিন্তু সমষ্টিটোৰ বর্তমানৰ অগপ বিধায়ক উৎপল দত্তই দলীয় এই সিদ্ধান্ত অমান্য কৰি অগপৰ প্রতীকতে নির্বাচন খেলাৰ বাবে মনোনয়ন দাখিল কৰিছে৷ সেইদৰে কমলপুৰ সমষ্টিটো বিজেপিক এৰি দিয়াৰ প্রতিবাদত দলৰ বর্তমানৰ বিধায়ক সত্যব্রত কলিতাই দলৰ বিষয়বাবৰ লগতে প্রাথমিক সদস্য পদো ত্যাগ কৰে৷ একেদৰে এইবাৰ তেজপুৰত দলীয় টিকটৰ পৰা বঞ্চিত হৈ বর্তমানৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে নির্দলীয় হিচাপে মনোনয়ন দাখিল কৰে৷ পৰৱর্তী পর্যায়ত মনোনয়ন প্রত্যাহাৰ কৰিলেও ক্ষোভ কমা নাই বৃন্দাবন গোস্বামীৰ৷ গোস্বামীৰ শেহতীয়া আচৰণতে প্রকাশ পাইছে দলৰ সিদ্ধান্তক লৈ তেওঁ যে মুঠেই সন্তুষ্ট নহয়৷