নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত অসমৰ জাতীয় সংগীত ইতিহাসৰ চর্চা

নিয়মীয়া বাৰ্তা, ১৫ মাৰ্চঃ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী গীতৰ কথা অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’–এ ২৩ মে’ত ১১১ বছৰত ভৰি দিব৷ ১৯১০ চনৰ ২৩ মে’ত বেজবৰুৱাই কলকাতাৰ হাওৰাৰ পৰা ওড়িশাৰ পুৰী জগন্নাথ মঠ দর্শন কৰিবলৈ যোৱা ৰে’লযাত্রা পথতে অসমৰ জাতীয় সংগীতৰ গীতৰ আদি ৰূপত ‘মোৰ দেশ’ নামৰ ইংৰাজী সুৰ নির্দেশনাৰে শ্রীকৃপাবৰ ছদ্মনাম লৈ গীতটো ৰচনা কৰিছিল৷

গুৱাহাটীৰ খাৰঘুলি নিৱাসী নৃতত্ত্ব গৱেষক তথা তথ্যচিত্র নির্মাতা ৰাজীৱ হৰি কৌশিকে বিশ বছৰীয়া নিৰলস অধ্যয়ন–গৱেষণাতে কালগর্ভত হেৰাই যাব ধৰা ১১১ বছৰীয়া অসমৰ জাতীয় সংগীতৰ ইতিহাসত যুগান্তকাৰী কার্য সমাপন কৰিছে৷ কবি আৰু তথ্যানুসন্ধানকাৰী ৰাজীৱ হৰি কৌশিকে ৬ মার্চৰ সন্ধিয়া ৬ বজাত অসম সাহিত্য সভাৰ মুম্বাই স্বর্ণ শাখাই আয়োজন কৰা গুগ্ল মীট মঞ্চত জীতায় সংগীতৰ গীতৰ কথাৰ শুদ্ধ ৰূপটিৰ তথ্য অৱগত কৰাৰ লগতে জাতীয় সংগীতৰ প্রকৃত সুৰ সংযোজনকাৰী তেজপুৰৰ বাণ থিয়েটাৰৰ অর্কেষ্ট্রা দলৰ বাদ্যযন্ত্রী শিল্পীবৃন্দৰ লগতে পাঁচগৰাকী বলিষ্ঠ কণ্ঠশিল্পীৰ অৱদানৰ কথাও শ্রদ্ধাৰে স্মৰণ কৰে৷ ১৯২৮ চনৰ ২৭ আৰু ২৮ অক্টোবৰত তেজপুৰত অনুষ্ঠিত ত্রয়োদশ আছাম ছাত্র সন্মিলনত জাতীয় সংগীতটি পাঁচ হাজাৰ দর্শকৰ উপস্থিতিত পোনপ্রথমবাৰৰ বাবে পৰিৱেশন হৈছিল৷ জাতীয় সংগীতৰ বিজ্ঞানসন্মত স্বৰলিপিৰে সংগীতজ্ঞ নন্দ বেনার্জীৰ সংগীত পৰিচালনাত প্রস্তুতিৰ জাতীয় সংগীতৰ সমলটি ১৪ ফেব্রুৱাৰীত গুৱাহাটীৰ লতাশিল খেলপথাৰত শ্রব্য সঁফুৰা উন্মোচন কৰিছিল৷

১৯২৮ চনৰ ছাত্র সন্মিলনত জাতীয় সংগীতৰ পৰিৱেশনকাৰী পাঁচগৰাকী কণ্ঠশিল্পী জ্যেষ্ঠানুসাৰে ইন্দ্রেশ্বৰ বৰঠাকুৰ, কুমুদ চন্দ্র শর্মা, প্রফুল্ল চন্দ্র শর্মা, কমলাপ্রসাদ আগৰৱালা আৰু বিষ্ণুপ্রসাদ ৰাভা আছিল৷ ইতিমধ্যে সংগীত জনমানসত জাতীয় সংগীতৰ সুৰকাৰ কমলাপ্রসাদ আগৰৱালা বুলি তেওঁৰ নামটি অকাৰণতে বহুলভাৱে প্রচলিত হৈ জাতীয় সংগীত ইতিহাসত তথ্য বিভ্রাট কৰি তুলিছে বুলি গৱেষক কৌশিকে তেওঁৰ বত্তৃণতাত উল্লেখ কৰিছে৷

অসম সাহিত্য সভাৰ মুম্বাই স্বর্ণ শাখাৰ সভাপতি সুৰাইয়া জাহানে তেওঁৰ আদৰণী ভাষণত গৱেষক ৰাজীৱ হৰি কৌশিকে জাতীয় সংগীতৰ ইতিহাসক নতুন সংস্কৰণৰ ইতিহাস ৰূপে প্রতিষ্ঠা কৰাৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰাৰ বাবে তেওঁক ধন্যবাদ জনায়৷ পত্রিকা সম্পাদক হিৰণ ভূঞাই বিশেষ সহযোগিতা আগবঢ়ায়৷ গুগ্ল মীটটিৰ পৰিচালিকা নীলুফা য়াচমিন আৰু কাৰিকৰী দিশত দেৱব্রত চক্রৱর্তীয়ে আগবঢ়োৱা সহায়–সহযোগিতাত সফলতাৰে অনুষ্ঠিত বত্তৃণতানুষ্ঠানৰ শেষত অমলা ঠাকুৰীয়াই শলাগৰ শৰাই আগবঢ়ায়৷

You might also like