নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জেএনইউৰ ৰাষ্ট্রদ্রোহৰ গোচৰৰ ৭ অভিযুক্তক জামিন

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ দেশৰ সন্মানীয় শিক্ষা প্রতিষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জেএনইউ)ৰ ২০১৬ চনৰ ৰাষ্ট্রদ্রোহৰ গোচৰত অভিযুক্ত হোৱা সাতজন লোকৰ জামিন মঞ্জুৰ কৰিছে আজি দিল্লীৰ পাটিয়ালা হাউছ আদালতে৷ আদালতখনৰ মুখ্য মেট্র’পলিটান দণ্ডাধীশ পংকজ শর্মাই জে এন ইউৰ গোচৰৰ আটাইকেইগৰাকী অভিযুক্তৰ চার্জশ্বীট তথা অন্যান্য নথিৰ প্রতিলিপি প্রদান কৰিবলৈও নির্দেশ জাৰি কৰিছে৷

আদালতে জামিন মঞ্জুৰ কৰিছে আকিব হুছেইন, মুজিব হুছেইন গাট্টো, মুনিব হুছেইন গাট্টো, উমৰ গুল, ৰেয়িয়া ৰছুল, খালিব বছিৰ ভাট আৰু বাছাৰাট আলীৰ৷ প্রত্যেকগৰাকী অভিযুক্তই জামিন লাভৰ বাবে ২৫ হাজাৰ টকাকৈ জামানত আদায় দিব লগা হৈছে৷

স্মর্তব্য যে এই গোচৰটোৰ প্রধান অভিযুক্ত কানহায়া কুমাৰ, উমৰ খালিদ আৰু অনির্বাণ ভট্টাচার্যৰ জামিন ইতিমধ্যে আদালতখনে মঞ্জুৰ কৰিছে৷ যোৱা মাহত আদালতে আৰক্ষীয়ে দাখিল কৰা চার্জশ্বীট পুংখানুপুংখভাৱে পৰীক্ষা কৰিছিল৷

You might also like