নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তপ্ত ডবকাৰ আনফৰ আলী কলেজ

ছাত্রীক অশালীন ব্যৱহাৰ কৰা অধ্যাপকৰ গাড়ীত আক্রমণ উত্তেজিত ছাত্রৰ

নিয়মীয়া বাৰ্তা ১৮ মাৰ্চঃ  বুধবাৰে ডবকাৰ হাজী আনফৰ আলী কলেজত এগৰাকী ছাত্রীক অধ্যাপকে অশ্লীল ব্যৱহাৰ কৰাৰ অভিযোগক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ উল্লেখ্য যে কলেজখনৰ তৃতীয় ছিমেষ্টাৰৰ ছাত্রী কিছুদিন পূর্বে হৈ যোৱা ইউনিট টেষ্ট পৰীক্ষাত এটা বিষয়ত উপস্থিত হোৱা নাছিল৷ ছাত্রীগৰাকীয়ে ইউনিট টেষ্ট পৰীক্ষা দিবলৈ কেইদিনমানৰ পৰা কলেজখনৰ অধ্যাপক নজৰুল হক বৰভূঞাৰ লগত যোগাযোগ কৰে৷ আজি পৰীক্ষাত বহিবলৈ ছাত্রীগৰাকীক সুযোগ প্রদান কৰে৷ অধ্যাপক বৰভূঞাই জনোৱা মতে পৰীক্ষাৰ পিছত ছাত্রীগৰাকীক তেওঁ কয় ‘ তুমি মেজৰৰ ছাত্রী, তোমাৰ কেৰিয়াৰৰ কথা চিন্তা কৰা উচিত৷ তুমি প্রথম ষাণ্মাসিকৰ ছাত্রৰ সৈতে প্রেম বিবাহ কৰিছা৷ উত্থাপিত অভিযোগ মতে এই কথা কোৱাৰ পিছত ছাত্রীগৰাকীয়ে বাহিৰলৈ আহি অধ্যাপক বৰভূঞাই অশালীন আচৰণ কৰা বুলি স্বামী আৰু ভাতৃক জনায়৷ স্বামী আৰু ভাতৃয়ে ঘটনাটো একাংশ ছাত্রক অৱগত কৰে৷

ইয়াৰ পিছতেই শিক্ষানুষ্ঠানখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ একাংশ উত্তেজিত ছাত্রই সমগ্র বিষয়টো কলেজৰ অধ্যক্ষক অৱগত কৰে যদিও অধ্যক্ষগৰাকীয়ে প্রথমে গুৰুত্ব প্রদান নকৰাত ঘটনাটো অধিক জটিল হৈ পৰে৷ উত্তেজিত একাংশ ছাত্রই অধ্যাপকজনৰ এ এছ ০২ এইচ ২৮৪৭ নম্বৰৰ ৱাগনাৰ গাডীখন ইটা, শিল আদিৰে ভাঙি চূৰমাৰ কৰাৰ লগতে কলেজৰ খিৰিকীৰ গ্লাছসমূহো ভাঙি লণ্ডভণ্ড কৰে৷ একাংশ ছাত্রই অভিযোগ কৰি কয় যে অধ্যাপকজনে ছাত্রীগৰাকীক অশালীন ব্যৱহাৰ কৰিছে, ছাত্রীগৰাকীৰ মুখত স্পর্শ কৰিছে৷ অধ্যক্ষই বিচাৰ নকৰাৰ বাবেই গাডী ভাঙিলে৷

উত্তেজনা চলি থকাৰ সময়ত একাংশ প্রাক্তন ছাত্রই কলেজ চৌহদত পৰিস্থিতিৰ বুজল’বলৈ চেষ্টা কৰে যদিও একাংশ উত্তেজিত ছাত্রই তেওঁলোকক কলেজ চৌহদত প্রৱেশ কৰিবলৈ বাধা প্রদান কৰাৰ লগতে আৰক্ষীৰ সৈতেও তর্কাতর্কিত লিপ্ত হয় যদিও ডবকা আৰক্ষীয়ে কঠোৰ স্থিতি গ্রহণ কৰি পৰিস্থিতি নিয়ন্ত্রণ কৰে৷ পিছত কলেজৰ অধ্যক্ষ মামুন আজম বৰভূঞাই সমগ্র বিষয়টো হস্তক্ষেপ কৰে৷ ইফালে সম্প্রতি ছাত্রীগৰাকীয়ে থানাত কোনো লিখিত অভিযোগ দিয়া নাই আৰু সংবাদ মাধ্যমৰ আগতো মুখ খোলা নাই৷ ইফালে অধ্যাপকজনে ছাত্রীগৰাকীক কোনো অশ্লীল ব্যৱহাৰ কৰা নাই বুলি জানিবলৈ দিয়ে৷

You might also like