নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত স্পৰ্শকাতৰ-অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰ পৰিদৰ্শন সঞ্জয় কুমাৰ পাঞ্চাৰীৰ

নিয়মীয়া বাৰ্তা, ১৯ মাৰ্চঃ ৰাজ্যৰ প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণলৈ মাজতে কেইটামান দিন বাকী থকাৰ সময়তে আজি ১১২নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাৰি চাপৰি, কেঁকুৰি আৰু দাংধৰা অঞ্চলৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰে নিৰ্বাচনী পৰ্যবেক্ষক সঞ্জয় কুমাৰ পাঞ্চাৰীয়ে ৷

আজি পৰ্যবেক্ষকগৰাকীয়ে সমষ্টিটোৰ অতি জৰাজীৰ্ণ পথেৰে ভ্ৰমণ কৰি  ভিতৰুৱা আৰু সীমামূৰীয়া অঞ্চলৰ স্পৰ্শকাতৰ আৰু অতি স্পৰ্শকাতৰ ভোটকেন্দ্ৰসমূহ পৰ্যবেক্ষণ কৰি ভোট গ্ৰহণৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতাৰ বিষয়ে বিশেষ ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে মত প্ৰকাশ কৰে ৷ পৰ্যবেক্ষকগৰাকীৰ এই ভ্ৰমণ কালত বিষয়া ৰজনী বৰুৱা আৰু হেমচন্দ্ৰ সন্দিকৈয়ে সংগ দিয়ে ৷

You might also like