নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নির্বাচনী চমক আৰু ক’ভিড প্রতিৰোধৰ সতর্কতা

উছৱৰ দৰেই ভাৰতৰ নির্বাচনত উছাহ–উদ্দীপনাই এটা বেলেগ ধৰণৰ পৰিৱেশ সৃষ্টি কৰে৷ বিগত নির্বাচনসমূহৰ তুলনাত অসমত এইবাৰৰ নির্বাচনী বতৰ সামান্য নিস্তেজ হ’লেও আগন্তুক কেইটামান দিনত পৰিৱেশ সলনি হোৱাৰ সম্ভাৱনা আছে৷ এই মুহূর্তত নির্বাচনক লৈ সাধাৰণ জনতাৰ উৎসাহ তুলনামূলকভাৱে কম হোৱাৰ প্রধান কাৰণটো হ’ল– এইবাৰৰ নির্বাচনত বিশেষ ইছ্যু বা ঢ়ৌ নাই৷ সর্বানন্দ সোণোৱাল চৰকাৰৰ বিগত কার্যকালক লৈ গৰিষ্ঠসংখ্যক মানুহেই সন্তুষ্টি প্রকাশ কৰাটো মন কৰিবলগীয়া৷ কাকতে–পত্রই অসন্তুষ্টি কৰিলেও সাধাৰণ ভোটাৰে আপত্তিৰ কাৰণবোৰ মর্মে মর্মে উপলব্ধি কৰিব পৰা নাই৷ ইয়াৰ লগতে বিজেপি দল আৰু চৰকাৰে বিগত ৫ বছৰৰ বিকাশৰ ছবিখন নির্বাচনৰ পূর্বৰে পৰা সুন্দৰভাৱে উপস্থাপন কৰি সর্বসাধাৰণৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছে৷ আনহাতে একাধিক জনহিতকৰ আঁচনিৰ জৰিয়তে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰি চৰকাৰখনে একপ্রকাৰ নজিৰ স্থাপন কৰিছে৷ ইয়াৰ লগতে চমক লগোৱা প্রতিশ্রুতিবোৰ আছেই৷ স্বাভাৱিকতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে বিজেপিৰ এনে সু–সংগঠিত প্রচাৰ অভিযানৰ সন্মুখত আৰম্ভণিৰ এই পর্যায়টোত থমকি ৰ’ব লগা হৈছে৷ মিত্রজোঁটে আসন বুজাবুজিক লৈ সৃষ্টি হ’ব পৰা মতানৈক্য আৰম্ভণিতেই আঁতৰাই নির্বাচনৰ বাবে সম্পূর্ণ সাজু হৈ উঠাৰ বিপৰীতে মহাজোঁটৰ এই জটিল বিষয়টো নিষ্পত্তিৰ বাবে দীঘলীয়া সময়ৰ প্রয়োজন হ’ল৷ নির্বাচন পর্যন্ত ইয়াৰ পার্শ্বক্রিয়া ৰৈ যোৱাৰ আশংকাও থাকি গ’ল৷ বাকী থকা সময়খিনিত বিজেপি মিত্রজোঁটৰ সৈতে সমানে সমানে ফেৰ মাৰিবলৈ মহাজোঁট কিমান সাজু হ’ব পাৰে সেয়া হ’ব লক্ষণীয়৷ এটা কথা ঠিক যে আগন্তুক কেইটামান দিনত নির্বাচনী ৰেহৰূপ সলনি হ’ব৷ প্রচাৰ অভিযান তুংগত উঠিবলৈ নিশ্চিতভাৱে দীঘলীয়া অপেক্ষাৰ প্রয়োজন নহ’ব৷ ইতিমধ্যে শাক–বিৰোধীয়ে কেইবাটাও বিশাল ৰেলীৰে চমক দিছে৷ অসমত উপর্যুপৰি দুদিন উপস্থিত হৈ গৃহমন্ত্রী অমিত শ্বাহে নির্বাচনী প্রচাৰ অভিযানত অংশ লৈছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েও বৃহস্পতিবাৰে বৰমাত বিশাল সমাৱেশত অংশ লৈ অসমত নিজৰ নির্বাচনী প্রচাৰ অভিযান আনুষ্ঠানিকভাৱে আৰম্ভ কৰিলে৷ অহা দুটা সপ্তাহত নির্বাচনী বতৰ আৰু বেছি আকর্ষণীয় হৈ পৰাটো নিশ্চিত৷

প্রচাৰ অভিযানৰ চমকৰ মাজতে ক’ৰোনা ভাইৰাছৰ দ্বিতীয় জোৱাৰক লৈ আশংকাৰ সৃষ্টি নোহোৱা নহয়৷ অসমত এতিয়াও ইয়াৰ প্রভাৱ পৰা নাই যদিও সম্ভাব্য সংক্রমণক লৈ সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত জৰুৰী বুলি বিবেচিত হৈছে৷ প্রধানমন্ত্রী মোদীয়ে নিজেই ৰাজ্যসমূহক পৰামর্শ দিছে যাতে এই দ্বিতীয় জোৱাৰ প্রতিহত কৰিবলৈ সম্ভৱপৰ সকলো সতর্কতামূলক ব্যৱস্থা গ্রহণ কৰা হয়৷ সম্প্রতি মহাৰাষ্ট্র, পঞ্জাব, কেৰালা, কর্ণাটক আৰু গুজৰাটত দৈনিক সংক্রমণৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷

শেহতীয়া তথ্য মতে, সেয়া ২৪ ঘণ্টাৰ ভিতৰতে প্রায় ৪০ হাজাৰ লোক ক’ভিড–১৯ত আক্রান্ত হৈছে৷ এনে পৰিস্থিতিত যদি সংক্রমণৰ হাৰ বৃদ্ধি পায় নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখনতো প্রভাৱ পৰিব পাৰে৷ কিয়নো আনলক প্রক্রিয়া আৰম্ভ কৰাৰ পিছতে পর্যায়ক্রমে আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা মুকলি কৰি দিয়া হৈছে৷ ইতিমধ্যে নির্বাচন অনুষ্ঠিত হোৱা অন্যতম ৰাজ্য কেৰালাত ক’ভিড–১৯ত ভয়াৱহ সংক্রমণ ঘটিছে৷ স্পর্শকাতৰ হৈ পৰিছে পশ্চিমবংগ আৰু তামিলনাডুও৷ তৎসত্ত্বেও দুয়োখন ৰাজ্যতে শাসক–বিৰোধীয়ে ক’ভিড প্রট’কল জলাঞ্জলি দি বিশাল ৰেলীৰ আয়োজন কৰিছে৷ লকডাউনৰ সময়ত যিধৰণৰ কঠোৰ সতর্কতা পালন কৰা হৈছিল, তেনেধৰণৰ তৎপৰতা পৰিলক্ষিত হোৱা নাই৷ মহাৰাষ্ট্রৰ কেইবাখনো চহৰত নৈশ সান্ধ্য আইন জাৰি কৰাৰ বিপৰীতে নির্বাচন অনুষ্ঠিত হোৱা ৰাজ্যকেইখনত সতর্কতাৰ কোনো উম–ঘাম নাই৷ সকলোৱে আশা কৰিছে যাতে ৬ এপ্রিলৰ পূর্বে ৰাজ্যলৈ সংক্রমণ বিয়পি নপৰে৷ কাৰণ আগন্তুক দিনকেইটাত প্রচাৰ অভিযান তুংগত থকাটো নিশ্চিত৷

You might also like